অষ্টম দৰমহা আয়োগৰ ৰূপৰেখাত কেবিনেটৰ অনুমোদন; কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী ?

অষ্টম দৰমহা আয়োগৰ ৰূপৰেখাত কেবিনেটৰ অনুমোদন অষ্টম দৰমহা আয়োগ সন্দৰ্ভত লোৱা এক বৃহৎ সিদ্ধান্ত প্ৰকাশ পাইছে । অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবলৈ অধ্যক্ষ বাছনি কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । লগতে অষ্টম

অষ্টম দৰমহা আয়োগৰ ৰূপৰেখাত কেবিনেটৰ অনুমোদন

অষ্টম দৰমহা আয়োগ সন্দৰ্ভত লোৱা এক বৃহৎ সিদ্ধান্ত প্ৰকাশ পাইছে । অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবলৈ অধ্যক্ষ বাছনি কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । লগতে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সকলো চৰ্তত অনুমোদন জনাইছে কেবিনেটে ।

এতিয়া দৰমহা আয়োগে ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব, যাৰ ভিত্তিত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ’ব । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা এই পৰামৰ্শসমূহ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰ উপকৃত হ’ব ।

অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ হ’ব এজন অধ্যক্ষ, এজন অংশকালীন সদস্য আৰু এজন সদস্য-সচিবৰে গঠিত অস্থায়ী সংস্থা । আয়োগে গঠনৰ তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত প্ৰতিবেদন আৰু পৰামৰ্শ দাখিল কৰিব । এই পৰামৰ্শসমূহৰ ভিত্তিত দেশজুৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ’ব ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যাতে মুদ্ৰাস্ফীতি সামঞ্জস্যপূৰ্ণ দৰমহা, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ সুবিধা লাভ কৰে তাৰ বাবে সময়ে সময়ে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয় । বৰ্তমান দেশত ৭ম দৰমহা আয়োগ প্ৰযোজ্য বৈ আছে, যাৰ ভিত্তিত বছৰত দুবাৰকৈ ডিয়াৰনেছ ভাট্টা প্ৰদান কৰা হয় । কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীৰ মহৰা ভাট্টা বৰ্তমান ৫৮ শতাংশ ।

সাধাৰণতে পে কমিচনৰ পৰামৰ্শ প্ৰতি ১০ বছৰৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয় । সেয়ে ২০২৬ চনৰ জানুৱাৰী মাহৰ ভিতৰতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’ব পাৰে । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও জানুৱাৰী মাহৰ ভিতৰত পৰামৰ্শসমূহ কাৰ্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ পুনৰীক্ষণ আৰু প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰামৰ্শ দিবলৈ ২০২৫ চনৰ জানুৱাৰী মাহত চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক : প্ৰতিটো মুহূৰ্ততে যুদ্ধৰ বাবে সাজু থাকিব লাগিব দেশঃ ৰাজনাথ সিঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ