সেনাৰ 'অপাৰেচন জল ৰাহাত'ৰ জৰিয়তে শতাধিক বানাক্ৰান্তক উদ্ধাৰ

সেনাৰ ‘অপাৰেচন জল ৰাহাত’ৰ জৰিয়তে শতাধিক বানাক্ৰান্তক উদ্ধাৰ

অপাৰেচন জল ৰাহাত-ৰ অধীনত ২০০ৰো অধিক আবদ্ধ অসামৰিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে উজনি অসমত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ভাৰতীয় সেনাই চলোৱা ‘অপাৰেচন জল ৰাহাত’ (Operation Jal Rahat)-ৰ অধীনত ২০০ৰো অধিক আবদ্ধ অসামৰিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । অস্বাভাৱিক হাৰত পানী বৃদ্ধি

অপাৰেচন জল ৰাহাত-ৰ অধীনত ২০০ৰো অধিক আবদ্ধ অসামৰিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে

উজনি অসমত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ভাৰতীয় সেনাই চলোৱা ‘অপাৰেচন জল ৰাহাত’ (Operation Jal Rahat)-ৰ অধীনত ২০০ৰো অধিক আবদ্ধ অসামৰিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । অস্বাভাৱিক হাৰত পানী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে ।

জানিব পৰা মতে অসামৰিক প্ৰশাসনৰ অনুৰোধমৰ্মে ২০ জুলাইত ‘স্পিয়াৰ ক’ৰ্পছ’ৰ অধীনস্থ ‘ৰেড শ্বিল্ড ডিভিজন’ৰ চাৰিটা বান সাহায্য দল মোতায়েন কৰা হয় । এই দলসমূহে বৰ্তমান নাজিৰা, আমগুৰি, সোণাৰি আৰু যোৰহাটৰ বানাক্ৰান্ত অঞ্চলসমূহত সক্ৰিয়ভাৱে কাৰ্যনিৰ্বাহ কৰি আছে ।

উদ্ধাৰকাৰী নাও, জৰুৰীকালীন চিকিৎসা দল আৰু সাহায্য সামগ্ৰীৰে সজ্জিত সেনা জোৱানসকলে প্লাবিত অঞ্চলত আবদ্ধ পৰিয়ালসমূহক উদ্ধাৰ কৰাৰ উপৰিও খাদ্য আৰু চিকিৎসা সেৱা আগবঢ়াইছে । বান পৰিস্থিতি পৰ্যালোচনা আৰু সঠিক পথ নিৰ্ধাৰণৰ বাবে সেনাই হেলিকপ্টাৰ আৰু ড্ৰোন নিৰীক্ষণ অব্যাহত ৰাখিছে । ইফালে, যাতায়াত ব্যৱস্থা পুনৰাই সুচাৰু কৰিবলৈ সেনাৰ অভিযান্ত্ৰিক দলকো নিয়োজিত কৰা হৈছে ।

জিলা প্ৰশাসন, NDRF আৰু SDRF-ৰ সৈতে পূৰ্ণ সমন্বয় ৰাখি এই অভিযান পৰিচালনা কৰা হৈছে । জৰুৰী প্ৰয়োজনৰ বাবে অতিৰিক্ত দলসমূহকো সাজু অৱস্থাত ৰখা হৈছে ।

সাম্প্ৰতিক বানত ৰাজ্যখনৰ ৩০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫৮০ খন গাঁও প্ৰভাৱিত হৈছে । বানৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত NDRF আৰু SDRF-ৰ দল মোতায়েন কৰি উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰি তোলা হৈছে ।

লগতে পঢ়ক : প্ৰলয়ংকাৰী বানৰ কৱলত অসম: ১৬খন জিলাৰ ৩.৬৩ লাখ লোক আক্ৰান্ত