লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ হ’ব দেশৰ পৰৱৰ্তী সেনা প্ৰধান

ভাৰতীয় সেনা বাহিনীত এক ডাঙৰ সালসলনি ঘটিবলৈ গৈ আছে । লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক দেশৰ পৰৱৰ্তী সেনা প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।

কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক দেশৰ পৰৱৰ্তী সেনা প্ৰধান (Chief of the Army Staff) হিচাপে নিযুক্তি প্ৰদান কৰিছে । অহা ৩০ জুনৰ আবেলিৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক জেনেৰেলৰ মূল পদবীত এই নিযুক্তি দিয়া হৈছে । বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৩০ জুনত অৱসৰ গ্ৰহণ কৰিব আৰু একেদিনাই লেফটেনেণ্ট জেনেৰেল শেঠে নতুন সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব । উল্লেখ্য যে, শেঠ বৰ্তমান উপ-সেনা প্ৰধান হিচাপে কৰ্মৰত হৈ আছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰশংসা

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ৰ জৰিয়তে এই নিযুক্তিৰ কথা ঘোষণা কৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে লেফটেনেণ্ট জেনেৰেল শেঠৰ দীৰ্ঘদিনীয়া আৰু গৌৰৱোজ্জ্বল কৰ্মজীৱনৰ শলাগ লয় । মন্ত্ৰালয়ে উল্লেখ কৰে যে, প্ৰায় চাৰি দশক জোৰা সামৰিক জীৱনত পি ভি এছ এম, ইউ ৱাই এছ এম, এ ভি এছ এম অলংকাৰেৰে বিভূষিত লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠে বিভিন্ন গুৰুত্বপূৰ্ণ অপাৰেচনেল, ষ্টাফ আৰু কৌশলগত পদবীত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি দেশলৈ অপৰিসীম বৰঙণি যোগাইছে ।

প্ৰায় চাৰি দশকৰ সামৰিক অভিজ্ঞতা

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী, খড়কৱাছলাৰ প্ৰাক্তন ছাত্ৰ লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ ১৯৮৬ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় সেনাৰ ‘আৰ্মাৰ্ড কৰ্পছ’-ত কমিচন লাভ কৰিছিল । বিগত প্ৰায় ৪০ বছৰীয়া সামৰিক জীৱনত তেওঁ লাভ কৰা ব্যাপক অভিজ্ঞতাই ভাৰতীয় সেনাৰ যুদ্ধ ক্ষমতা বৃদ্ধি আৰু দীৰ্ঘম্যাদী আধুনিকীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

প্ৰত্যাহ্বানমূলক ক্ষেত্ৰত সফল নেতৃত্ব

লেফটেনেণ্ট জেনেৰেল শেঠে সামৰিক বাহিনীৰ প্ৰতিটো স্তৰতে অত্যন্ত সফলতাৰে নেতৃত্ব দি আহিছে । তেওঁৰ কমাণ্ডিং দায়িত্বসমূহৰ ভিতৰত আছিল- মৰুভূমি অঞ্চলত এটা আৰ্মাৰ্ড ৰেজিমেণ্টৰ নেতৃত্ব, পশ্চিম থিয়েটাৰত এটা আৰ্মাৰ্ড ব্ৰিগেডৰ কামাণ্ডাৰ, জম্মু-কাশ্মীৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী বাহিনী-ৰ নেতৃত্ব । লগতে ভাৰতীয় সেনাৰ অন্যতম শক্তিশালী আক্ৰমণকাৰী ফৰ্মেশ্যন ‘সুদৰ্শন চক্ৰ কৰ্পছ’ৰ কমাণ্ডাৰ হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।

ইয়াৰ উপৰিও তেওঁ দিল্লী এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সামৰিক কাৰ্যসূচী আৰু আনুষ্ঠানিক দায়িত্বসমূহ দক্ষতাৰে তদাৰক কৰিছিল । দেশৰ সুৰক্ষা ব্যৱস্থা আৰু কৌশলগত দিশত থকা তেওঁৰ এই গভীৰ অভিজ্ঞতাই অনাগত দিনত ভাৰতীয় সেনাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে নাপাহৰে… অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে ভাৰতীয় সেনাৰ বিশেষ বাৰ্তা

৭ মে’ত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান আৰু PoK ৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছিল

অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে মঙলবাৰে ভাৰতীয় সেনাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অদম্য স্থিতিৰ পুনৰাবৃত্তি কৰি এক বাৰ্তা প্ৰেৰণ কৰিছে । ছ’চিয়েল মিডিয়া চাইটত পোষ্ট কৰা ভাৰতীয় সেনাৰ বাৰ্তাত কোৱা হৈছে যে, “যেতিয়া মানৱতাৰ সীমা অতিক্ৰম কৰা হয়, তেতিয়া প্ৰত্যুত্তৰ নিৰ্ণায়ক হয় । ন্যায়ৰ প্ৰাধান্য থাকে । ভাৰত ঐক্যবদ্ধভাৱে থিয় দিয়ে ।” এই বাৰ্তাই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ঐতিহাসিক সামৰিক এক্সনৰ আঁৰৰ মনোভাৱক প্ৰতিফলিত কৰিছে ।

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোক (২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক)ক নিৰ্মমভাৱে হত্যা কৰিছিল । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পোন্ধৰ দিনৰ পাছত, ৭ মে’ত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান আৰু PoK ৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছিল । ভাৰতৰ এই আক্ৰমণত কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল । ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত পৰিস্থিতি অৱনতি ঘটে আৰু দুটা দশকৰ পিছত শিখৰত উপনীত হয় ।

ইফালে পাকিস্তানে ভাৰতৰ চহৰসমূহক লক্ষ্য কৰি লোৱাৰ পাছত ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলো আক্ৰমণ বিফল কৰে । ইয়াৰ পাছত ভাৰতৰ প্ৰত্যুত্তৰত ১৪টা পাকিস্তানী সামৰিক সংস্থাপন ধ্বংস হয় । ইয়াৰ বাবে আতংকিত হৈ পাকিস্তানে ১০ মে’ত ভাৰতক যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ায়, যিটো দুয়োখন দেশৰ মাজত আলোচনাৰ অন্তত কাৰ্যকৰী কৰা হয় ।

লগতে পঢ়ক : ইন্টাৰনেটত জগতত খলকনি তুলিছে প্ৰধানমন্ত্ৰী মোদীৰ ‘ঝালমুড়ি’ৰ ভিডিঅ’ই

সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰণাম… বিজয় দিৱসত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীৰ লগতে কৃতজ্ঞ ৰাষ্ট্ৰই জনালে শ্ৰদ্ধাঞ্জলি

আজি বিজয় দিৱস । ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব, সাহস, ত্যাগৰ স্মৃতিত পালন কৰা হয় এই দিৱস । এই দিনটোতে ১৯৭১ চনত ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল পাকিস্তানী সেনাই ।

বিজয় দিৱস ভাৰতৰ ইতিহাসৰ অন্যতম এক গৌৰৱময় দিন । ভাৰতীয় সেনাৰ বীৰত্ব, সাহস, ত্যাগৰ স্মৃতিত পালন কৰা হয় এই দিৱস । ৫৪ বছৰ পূৰ্বে আজিৰ দিনটোতে ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অতুলনীয় বীৰত্ব প্ৰদৰ্শন কৰি পাকিস্তানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল আৰু পূব পাকিস্তানক মুক্ত কৰিছিল । এই ঐতিহাসিক বিজয়ে কেৱল বাংলাদেশৰ জন্মই নহয়, ভাৰতৰ সামৰিক শক্তি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধতাৰ বিষয়েও বিশ্ববাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছিল । আজিৰ বিজয় দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্ৰৌপদী মুৰ্মুকে ধৰি কেইবাজনো নেতাই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অৱদানক স্মৰণ কৰে ।

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ত্যাগক স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ-

মঙলবাৰে বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু ত্যাগক স্মৰণ কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় সেনাই ১৯৭১ চনৰ যুদ্ধত অসাধাৰণ সাহস প্ৰদৰ্শন কৰি দেশখনক এক ঐতিহাসিক বিজয়ৰ দিশত আগুৱাই লৈ গৈছিল ।

তেওঁ কয় যে বিজয় দিৱসৰ দিনা আমি সেই সাহস আৰু ত্যাগৰ দ্বাৰা ১৯৭১ চনত ভাৰতৰ ঐতিহাসিক বিজয় নিশ্চিত কৰা সাহসী জোৱানসকলক স্মৰণ কৰোঁ । তেওঁলোকৰ নিষ্ঠা আৰু নিস্বাৰ্থ সেৱাই ৰাষ্ট্ৰক ৰক্ষা কৰিছিল আৰু ইতিহাসৰ এক গৌৰৱময় মুহূৰ্ত হিচাপে চিহ্নিত কৰিছিল । তেওঁ আৰু কয় যে এই দিনটো সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰণাম জনোৱাৰ লগতে তেওঁলোকৰ অদম্য সাহসৰ কথা সোঁৱৰাৰ দিন । জোৱানসকলৰ বীৰত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি-

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত ভাৰতক বিজয়ৰ দিশে আগুৱাই নিয়া সাহসী জোৱানসকলক মঙলবাৰে শ্ৰদ্ধাঞ্জলি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ভাৰতীয় সেনাৰ “স্থানীয়কৰণৰ জৰিয়তে সবলীকৰণ” পৰিকল্পনাই ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে সাজু হোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে বুলিও কয় তেওঁ ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মুৰ্মুৱে লিখিছে যে “অপাৰেচন সিন্দুৰ”ত সেনাৰ আত্মনিৰ্ভৰশীলতা, কৌশলগত সংকল্প আৰু আধুনিক যুদ্ধ কৌশলৰ ফলপ্ৰসূ ব্যৱহাৰ সমগ্ৰ ৰাষ্ট্ৰৰ বাবে প্ৰেৰণাৰ উৎস । তেওঁ লগতে কয়, “বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ বীৰ সন্তানসকলক মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো । তেওঁলোকৰ সাহস, বীৰত্ব আৰু নিস্বাৰ্থ সেৱাই ৰাষ্ট্ৰক গৌৰৱেৰে ভৰাই তুলিছে । তেওঁলোকৰ বীৰত্ব আৰু দেশপ্ৰেমে আমাৰ দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব ।”

কেনেকৈ আত্মসমৰ্পণ কৰিছিল ৯৩ হাজাৰ পাকিস্তানী সৈন্যই ?

এই দিনটো ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয় । আজিৰ দিনটোতে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । এই যুদ্ধত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰে । পাকিস্তানী সেনাৰ নেতৃত্বত আছিল জেনেৰেল এ এ খান নিয়াজী । এই আত্মসমৰ্পণক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ অন্যতম বৃহৎ সামৰিক আত্মসমৰ্পণ বুলি গণ্য কৰা হয় । তদুপৰি বিজয় দিৱস ভাৰতৰ সামৰিক শক্তি, সাহস, ত্যাগৰ প্ৰতীক ।

লগতে পঢ়ক : ‘জম্মু-কাশ্মীৰ আমাৰ আছিল, আছে আৰু থাকিব…’, ৰাষ্ট্ৰসংঘত পাকিস্তানক ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ

শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত কালঘূৰ্ণী দিটৱাহাে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । দুৰ্যোগ পীড়িত দেশখনক সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ঘূৰ্ণীবতাহ দিটৱাহাই । দিটৱাহাৰ ফলত হোৱা বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ আছে । এই কঠিন সময়ত ভাৰতে চুবুৰীয়া দেশখনক অৰ্শনিশে সাহাৰ্য আগবঢ়াই আছে । ভাৰতে প্ৰেৰণ কৰা সাহায্য দলসমূহে ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহত কাম আৰম্ভ কৰিছে আৰু আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ কামত নিয়োজিত হৈছে । ভাৰতে অস্থায়ী আশ্ৰয় শিবিৰ নিৰ্মাণৰ লগতে ঔষধ, খাদ্য, পানী, সামগ্ৰীকে ধৰি বিভিন্ন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ।

এই কঠিন সময়ত ভাৰতীয় সেনাই অপাৰেচন সাগৰ বন্ধুৰ অধীনত শ্ৰীলংকাত বিশেষ দল মোতায়েন কৰি দেশখনৰ জনসাধাৰণৰ প্ৰয়োজনৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তুলিছে । এই দলটোত সমৰ্পিত চিকিৎসা, অভিযান্ত্ৰিক আৰু সংকেত সঁজুলি থাকে, যিবোৰ তাৎক্ষণিক আৰু স্থায়ী সকাহ প্ৰদান কৰিবলৈ সাজু ।

চিকিৎসা দলটোত আছে এডভান্সড ড্ৰেছিং ষ্টেচন আৰু মোবাইল চাৰ্জিকেল টিম, যিবোৰ ডাঙৰ আৰু সৰু সৰু অস্ত্ৰোপচাৰ কৰিব পৰা অপাৰেচন থিয়েটাৰেৰে সজ্জিত । ইয়াৰ উপৰিও ইয়াত এটা নিৰ্দিষ্ট সুবিধা আছে যিয়ে এটা সময়ত ২০-৩০ জন ৰোগীক ৰাখিব পাৰে । ভাৰতীয় সেনাৰ দলটোৰ অভিযান্ত্ৰিক উপাদানসমূহে অত্যাৱশ্যকীয় সেৱা আৰু আন্তঃগাঁথনি পুনৰুদ্ধাৰত সহায় কৰিছে আৰু সংকেত ডিটেচমেণ্টে সাহায্য অভিযানৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহৰ ফলত শ্ৰীলংকাত জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীক কয় যে এই কঠিন সময়ত ভাৰত শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰীয়ে দুৰ্দশাগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে চলি থকা অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে ভাৰতে অবিৰত সমৰ্থন আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তান সীমান্তত সেনাৰ সৰ্ববৃহৎ সামৰিক অনুশীলন

পাকিস্তান সীমান্তত সেনাৰ সামৰিক অনুশীলন

ভাৰত-পাকিস্তান সীমান্তৰ গাতে লাগি থকা ৰাজস্থানৰ মৰুভূমি অঞ্চল জয়ছালমেৰত অপাৰেচন ত্ৰিশূল নামৰ এক অনুশীলন চলাই আছে ভাৰতৰ তিনিওটা সেনাই । এই ১২ দিনীয়া সামৰিক অনুশীলনৰ ১১ তাৰিখে ভাৰতীয় সেনাই বৃহৎ অনুশীলন “মৰু জ্বলা” অনুষ্ঠিত কৰে । অপাৰেচন সিন্দুৰৰ পিছত ত্ৰিসেৱাৰ সেনাবাহিনীৰ সৈতে জড়িত এইটোৱেই সৰ্ববৃহৎ যৌথ অনুশীলন বুলি গণ্য কৰা হৈছে ।

অনুশীলনৰ সময়ত শত্ৰুৰ স্থান চিনাক্ত কৰে ড্ৰোনে-

অপাৰেচন ত্ৰিশূলৰ অংশ হিচাপে ত্ৰিসেৱাৰ সশস্ত্ৰ বাহিনী—সেনা, বায়ুসেনা আৰু নৌসেনাৰ ইউনিটে সন্ত্ৰাসবাদী আত্মগোপন স্থান আৰু শত্ৰুৰ আউটপোষ্টৰ বিৰুদ্ধে একেলগে আক্ৰমণ প্ৰদৰ্শন কৰে । সামৰিক অনুশীলনৰ সময়ত ড্ৰোনে শত্ৰুৰ স্থান চিনাক্ত কৰি ওচৰৰ গাঁওসমূহ খালী কৰে । হেলিকপ্টাৰে টি-৯০ টেংকৰ বাবে কভাৰ ফায়াৰ প্ৰদান কৰাৰ বিপৰীতে এআই সক্ষম ড্ৰোন আৰু ৰবটিক মিউলে সৈন্যলৈ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ।

একেলগে গৰজিলে সেনাৰ টেংক, আৰ্টিলাৰী আৰু যুঁজাৰু বিমানে

এই অনুশীলনত মৰুভূমিত একেলগে টেংক, আৰ্টিলাৰী, হেলিকপ্টাৰ, যুঁজাৰু বিমান চলে । দক্ষিণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেথেৰ নেতৃত্বত এই অনুশীলন অনুষ্ষিত হয় । তেওঁ ইয়াক সেনাবাহিনীৰ “জয় মন্ত্ৰ”ৰ যৌথতা, আত্মনিৰ্ভৰ্তি, আৰু উদ্ভাৱনৰ জীৱন্ত উদাহৰণ হিচাপে বৰ্ণনা কৰে । “মাৰু জ্বালা”-এ কঠোৰ পৰিস্থিতিত স্বদেশী অস্ত্ৰ-শস্ত্ৰ, যোগাযোগ ব্যৱস্থা আৰু কাউণ্টাৰ ড্ৰোন প্ৰযুক্তি পৰীক্ষা কৰিছিল । এই অনুশীলন কেৱল শক্তিৰ প্ৰদৰ্শনেই নহয়, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যৌথ অভিযান আৰু আধুনিক যুদ্ধত প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণো আছিল ।

অনুশীলনৰ নেতৃত্ব দিয়ে দক্ষিণ কমাণ্ডে-

সেনাবাহিনীৰ মেকানাইজড আৰু আৰ্মৰ কৰ্পছৰ টেংকৰ লগতে বায়ুসেনাৰ যুদ্ধ বিমানেও নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল । দক্ষিণ কমাণ্ডৰ নেতৃত্বত এই অনুশীলন অনুষ্ঠিত হয় । দক্ষিণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ধীৰাজ ছেথে যুদ্ধক্ষেত্ৰ পৰিদৰ্শন কৰি জোৱানসকলৰ দক্ষতাক প্ৰশংসা কৰে । তেওঁ উল্লেখ কৰে যে ভাৰতীয় সেনা যিকোনো পৰিস্থিতিত শত্ৰুৰ সৈতে মুখামুখি হ’বলৈ সম্পূৰ্ণৰূপে সক্ষম ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

আকাশত গৰজিব ৰাফেল আৰু তেজছে… ভাৰতীয় সেনাৰ বৃহৎ প্ৰস্তুতি

ভাৰতীয় সেনাৰ বৃহৎ প্ৰস্তুতি

ভাৰতীয় বায়ুসেনাই ১৩ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ উত্তৰ-পূব ভাৰতত বৃহৎ পৰিসৰৰ সামৰিক অনুশীলন চলোৱাৰ কথা । চীন, ভূটান, ম্যানমাৰ, বাংলাদেশৰ সৈতে ভাৰতৰ সীমান্তৰ সমীপৰ স্পৰ্শকাতৰ অঞ্চলত এই অনুশীলন অনুষ্ঠিত হ’ব । চুখই-৩০ এম কে আই, ৰাফেল, মিৰাজ-২০০০, তেজছ আৰু জাগুৱাৰৰ দৰে যুদ্ধ বিমানে এই অনুশীলনত অংশগ্ৰহণ কৰিব, লগতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ইনিফাইড ডিফেন্স চিষ্টেমেও অংশগ্ৰহণ কৰিব ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় বায়ুসেনাই অসামৰিক বিমানৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উত্তৰ-পূব অঞ্চল সামৰি NOTAM (Notice to Airmen) জাৰি কৰিছে । অৰ্থাৎ এই সময়ছোৱাত কেইবাটাও আকাশমাৰ্গ অঞ্চলত অসামৰিক বিমানসমূহ ডাইভাৰ্ট কৰা হ’ব বা সীমিতভাৱে চলিব । এই সামৰিক অনুশীলনৰ লক্ষ্য হৈছে বায়ু আৰু স্থল বাহিনীৰ মাজত সংযুক্ত প্ৰতিক্ৰিয়া অনুশীলনকে ধৰি সীমান্ত অঞ্চলত সামৰ্থ্য পৰীক্ষা কৰা আৰু চাইবাৰ আৰু ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰা ।

এই যুদ্ধাভ্যাস এনে এটা সময়ত হৈছে যেতিয়া বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰ আৰু ভাৰতৰ সম্পৰ্কত জটিলতাই দেখা দিছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত শেহতীয়াকৈ অন্তৱৰ্তীকালীন নেতা মহম্মদ ইউনুছে উত্তৰ-পূব ভাৰতক সাঙুৰি এখন ভুল মানচিত্ৰ শ্বেয়াৰ কৰিছিল । প্ৰথমে পাকিস্তানী সেনাৰ জেনেৰেলৰ সৈতে আৰু পিছলৈ তুৰ্কীৰ প্ৰতিনিধি দলৰ সৈতে এই মানচিত্ৰ শ্বেয়াৰ কৰিছিল ইউনুছে । নতুন দিল্লীয়ে ইউনুছৰ এই ধৃষ্টতাক এক গুৰুতৰ কৌশলগত প্ৰত্যাহ্বান হিচাপে চাইছে ।

ইউনুছে চীনক বাংলাদেশৰ সৈতে আলোচনা সম্প্ৰসাৰণৰ বাবে আমন্ত্ৰণ জনাই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক লেণ্ডলক আখ্যা দি শিলিগুৰি কৰিডৰৰ সংবেদনশীলতাক আন্তৰ্জাতিক আলোচনালৈ আনিছিল, যাক চিকেনছ নেক বুলিও কোৱা হয় । গতিকে উত্তৰ-পূবত ভাৰতীয় বায়ুসেনাৰ এই অনুশীলন কেৱল প্ৰতিৰক্ষা প্ৰস্তুতিৰ অংশই নহয়, ভাৰতে কোনো কাৰণতে নিজৰ সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰাৰ স্পষ্ট ৰাজনৈতিক বাৰ্তাও ।

পশ্চিম সীমান্তত অপাৰেচন ত্ৰিশূল ২০২৫-

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ পশ্চিম সীমান্তত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ যৌথ সামৰিক অনুশীলন ত্ৰিশুল ২০২৫ জাৰি আছে । ৩০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন গুজৰাট আৰু ৰাজস্থানৰ বিস্তৃত অঞ্চল সামৰি ১০ নৱেম্বৰলৈকে চলি থকাৰ কথা । মূল কেন্দ্ৰবিন্দু এলেকাসমূহ হ’ল কচ্চ আৰু ছাৰ ক্ৰিক সীমান্ত অঞ্চল, য’ত ভাৰত আৰু পাকিস্তানৰ মাজত বাৰে বাৰে উত্তেজনা সৃষ্টি হৈছে । এই অনুশীলনৰ সময়ত ভাৰতীয় বাহিনীয়ে যৌথ অভিযান, বাস্তৱ সময়ৰ তথ্য বিনিময় আৰু যুদ্ধৰ সমন্বয়ত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰে ।

উল্লেখ্য যে, অনুশীলন ত্ৰিশূল ২০২৫ত টি-৯০ টেংক, প্ৰচণ্ড হেলিকপ্টাৰ, আকাশ মিছাইল চিষ্টেম, ব্ৰাহ্মছ ছুপাৰছনিক মিছাইল, ৰাফেল আৰু ছুখই-৩০ এম কে আইকে ধৰি বিভিন্ন ধৰণৰ সামৰিক সঁজুলি আৰু অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে । লগতে চোৰাংচোৱাগিৰিৰ বাবে নিয়োগ কৰা হৈছে ছি গাৰ্ডিয়ান আৰু হেৰন ড্ৰোন । পশ্চিম উপকূলত মোতায়েন কৰা হৈছে কলকাতা আৰু নীলগিৰি শ্ৰেণীৰ যুদ্ধ জাহাজ । এই অনুশীলনক অপাৰেচন সিন্দুৰৰ পিছত ভাৰতীয় সেনাৰ সৰ্ববৃহৎ সামৰিক কাৰ্যকলাপ বুলি গণ্য কৰা হৈছে, আৰু ইয়াৰ লক্ষ্য হৈছে তিনিওটা সশস্ত্ৰ বাহিনীৰ মাজত যৌথ অভিযানৰ সামৰ্থ্য উন্নীত কৰা ।

লগতে পঢ়ক : যুদ্ধ বিমানৰ শব্দত কঁপিব গুৱাহাটী; বৰলুইতৰ ওপৰত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা; দুটাকৈ সন্ত্ৰাসবাদী নিধন

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । কুপৱাৰা ছেক্টৰত অনুপ্ৰৱেশ বিৰোধী অভিযানৰ সময়ত সেনাই দুটা সন্ত্ৰাসবাদীক হত্যা কৰে । মঙলবাৰে পুৱাৰ ভাগত কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় । খবৰ অনুসৰি, মাছিল খণ্ডত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা সেনাই বিফল কৰে । LoCৰ সমীপত সেনাই সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিছিল । ইয়াৰ পিছতে অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰা হয় ।

পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ বাবে অহৰহ সতৰ্ক হৈ থাকে । বিশেষকৈ শীতকালত তুষাৰপাত তীব্ৰতৰ হোৱাৰ আগতেই পাকিস্তানী সেনা আৰু চোৰাংচোৱা সংস্থাই সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা কৰে যদিও সজাগ নিৰাপত্তা বাহিনীয়ে ইয়াৰ উপযুক্ত উত্তৰ দিয়ে । কুপৱাৰাতো সেনাই একেধৰণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে ।

এতিয়াও নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান চলাই আছে যাতে বাকী থকা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াব পাৰে । সেনাই কয় যে সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশৰ এই প্ৰচেষ্টা পাকিস্তানে যুদ্ধবিৰতি আৰু অধিক সন্ত্ৰাসবাদী কাৰ্যকলাপ উলংঘা কৰাৰ প্ৰয়াস হ’ব পাৰে ।

জানিব পৰা মতে, পুৱাৰ ভাগত সীমান্তৰ বেৰৰ সমীপত সন্দেহজনক কাৰ্যকলাপ লক্ষ্য কৰে সেনাবাহিনীয়ে । লগে লগে নিৰাপত্তা বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অঞ্চলটো ঘেৰাও কৰে । সেই সময়ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে আৰু সেনাবাহিনীৰ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দুয়োটা সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : শোকাৱহ পথ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৪২ জনৰ মৃত্যু

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন… অগ্নিবীৰকে ধৰি তিনিজন সেনা জোৱান শ্বহীদ

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন

লাডাখৰ ছিয়াচেন গ্লেছিয়াৰত হোৱা প্ৰচণ্ড হিমস্খলনত ভাৰতীয় সেনাৰ তিনিজন জোৱান শ্বহীদ হয় । ছিয়াচেন বেছ কেম্পৰ সমীপত সংঘটিত হয় এই অঘটন । এইখনেই বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ, য’ত সৈনিকসকলে -৬০ ডিগ্ৰী শীত, প্ৰচণ্ড বতাহ আৰু বৰফৰ দৰে বিপদৰ সন্মুখীন হয় । এতিয়ালৈকে পোৱা তথ্য অনুসৰি জোৱানসকলে টহল দি থকা অৱস্থাতে হিমস্খলনত আবদ্ধ হৈ পৰে ।

তিনিওজন জোৱান মহাৰ ৰেজিমেণ্টৰ আছিল । তিনিওজন জোৱান গুজৰাট, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ । ইফালে এই হিমস্খলনত আবদ্ধ হৈ আছে পাঁচজন জোৱান । এতিয়ালৈকে এজন কেপ্টেইনক উদ্ধাৰ কৰা হৈছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে লেহ আৰু উধমপুৰৰ পৰা সহায় লৈ সেনাৰ উদ্ধাৰকাৰী দল উদ্ধাৰ অভিযানত নিয়োজিত হয় । শীতকালত ছিয়াচেনত হিমস্খলন সাধাৰণতে দেখা যায় । ১৯৮৪ চনৰ অপাৰেচন মেঘদূতৰ পৰা এতিয়ালৈকে বতৰৰ বাবে ১০০০ৰো অধিক জোৱান শ্বহীদ হৈছে ।

সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ছিয়াচেন-

কাৰাকোৰাম পৰ্বতমালাৰ ২০ হাজাৰ ফুট উচ্চতাত অৱস্থিত ছিয়াচেন হিমবাহ । ইয়াৰ পূৰ্বেও ছিয়াচেনত এনে ঘটনা ঘটিছে । এইবাৰ বেছ কেম্পৰ ওচৰত ১২০০০ ফুট উচ্চতাত হিমস্খলনৰ ঘটনা সংঘটিত হয় । ছিয়াচেনক বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয় । ইয়াত উষ্ণতা -৬০ ডিগ্ৰী চেলছিয়াছলৈ নামে ।

প্ৰচণ্ড বতাহ, তুষাৰপাত আৰু হিমস্খলন এই অঞ্চলত সাধাৰণতে দেখা যায় । এই হিমস্খলন উত্তৰ হিমবাহ অঞ্চলত সংঘটিত হৈছে, য’ত উচ্চতা ১৮,০০০ৰ পৰা ২০,০০০ ফুট । এই অঞ্চলত সৈন্যই কেৱল শত্ৰুৰ সৈতে নহয় প্ৰকৃতিৰ ক্ৰোধৰ সৈতেও যুঁজিব লগা হয় । ১৯৮৪ চনত অপাৰেচন মেঘদূত আৰম্ভ হোৱাৰ পিছৰে পৰা ভাৰতে ছিয়াচেনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছে যদিও বতৰৰ বাবে ১০০০ৰো অধিক জোৱান শ্বহীদ হৈছে ।

উদ্ধাৰ অভিযান আৰু সেনাৰ প্ৰচেষ্টা-

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলনৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় সেনা আৰু বায়ুসেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে । বিশেষ এভালেঞ্চ ৰেচকিউ টিম (আৰ টি) সেই স্থানত উপস্থিত হয়, যিয়ে আৱদ্ধ জোৱানসকলক উদ্ধাৰৰ চেষ্টা চলাইছে । এই দলসমূহে লেহ আৰু উধামপুৰৰ পৰা সমন্বয় কৰিছে । সেনাবাহিনীৰ হেলিকপ্টাৰ, যেনে চিতা আৰু এম আই-১৭ৰ সহায়ত আহতসকলক উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হৈছে । ছিয়াচেনত এনে জৰুৰীকালীন অৱস্থাৰ বাবে সেনা সদায় সাজু হৈ থাকে যদিও বৰফ আৰু ঠাণ্ডাৰ বাবে উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈ পৰে ।

লগতে পঢ়ক : আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা

ফেমিনাৰ বেটুপাতত জিলিকিল অসমৰ প্ৰথম মহিলা পেৰাট্ৰুপাৰ মেজৰ ডাঃ দীপান্বিতা কলিতা…

ফেমিনাৰ বেটুপাতত জিলিকিল পেৰাট্ৰুপাৰ মেজৰ ডাঃ দীপান্বিতা কলিতা…

ভাৰতীয় সেনাৰ ইতিহাসত নিজৰ নাম খোদিত কৰিছে এগৰাকী অসম কন্যাই । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ মেজৰ ডাঃ দীপান্বিতা কলিতা ভাৰতীয় সেনাৰ প্ৰথমগৰাকী অসমীয়া মহিলা পেৰাট্ৰুপাৰ হিচাপে পৰিগণিত হৈছে । এই গৌৰৱময় কৃতিত্বৰ লগতে আৰু অধিক যোগ দি বিশ্বৰ অন্যতম জনপ্ৰিয় আৰু বহুল পঠিত আলোচনী ফেমিনা ইণ্ডিয়াৰ স্বাধীনতা দিৱসৰ বিশেষ বেটুপাতত কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ আন আঠগৰাকী ব্যতিক্ৰমী মহিলা বিষয়াৰ সৈতে তেওঁক স্থান দিয়া হৈছে । তেওঁৰ এই সফলতাই পিতৃ-মাতৃৰ লগতে ঢেকীয়াজুলিবাসী তথা ৰাজ্যবাসীক গৌৰাৱান্বিত কৰি তুলিছে ।

আগ্ৰাৰ সেনা চাউনীত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত পেৰাট্ৰুপাৰ বেজ লাভ কৰিছিল দীপান্বিতাই । ঢেকিয়াজুলিৰ দেৱেন্দ্ৰ গ্ৰীণ গ্ৰ’ভ ইংৰাজী বিদ্যালয়ৰ পৰা আৰম্ভ হৈছিল তেওঁৰ শৈক্ষিক যাত্ৰা । ২০০৫ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ ২০০৭ চনত দৰং কলেজৰ পৰা উচ্চতৰ মাধ্যমিক (বিজ্ঞান) সুখ্যাতিৰে সম্পূৰ্ণ উত্তীৰ্ণ হয় তেওঁ । পিছলৈ ফিলিপাইনছৰ মেনিলাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰে তেওঁ । ২০১৩ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰি ২০১৫ চনত নতুন দিল্লীৰ এইমছত ইন্টাৰশ্বিপ সম্পূৰ্ণ কৰে দীপান্বিতাই ।

ইন্টাৰ্ণশ্বিপৰ পিছত ডাঃ দীপান্বিতাই নতুন দিল্লীৰ দীন দয়াল হাস্পতালত সেৱা আগবঢ়ায় । ২০১৯ চনত মহাৰাষ্ট্ৰৰ নাগপুৰৰ আৰ্মি মেডিকেল কৰ্পছৰ বিষয়া ডাঃ চৰং মেটেৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেওঁ । ২০২০ চনত তেওঁৰ ভাৰতীয় সেনাবাহিনীৰ কেপ্তেইন (চিকিৎসা বিষয়া) পদৰ বাবে দেশজুৰি ১০০ৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হৈছিল ।

প্ৰথম পোষ্টিং আছিল নাগালেণ্ডৰ ডিমাপুৰত, তাৰ পিছত লক্ষ্ণৌত তিনিমাহৰ প্ৰশিক্ষণত আছিল তেওঁ । ইয়াৰ পিছত কামাণ্ডো আৰু পেৰাট্ৰুপাৰ প্ৰশিক্ষণৰ বাবে আগ্ৰালৈ পঠিওৱা হয়, যিটো ২০২৩ চনত সফলতাৰে সম্পূৰ্ণ কৰে আৰু অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাবে পৰিগণিত হয় দীপান্বিতা কলিতা ।

এতিয়া মেজৰ পদবীলৈ উন্নীত হোৱা ডাঃ দীপান্বিতা কলিতাই ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আগ্ৰা সেনা ঘাটিত নিযুক্তি লাভ কৰিছে ।“ভাৰতীয় সেনাৰ যোদ্ধা মহিলা” হিচাপে স্বীকৃতি পোৱা তেওঁৰ প্ৰফাইল ফেমিনাৰ ২০২৫ চনৰ আগষ্ট মাহৰ সংখ্যাত দেশৰ শীৰ্ষ মহিলা বিষয়াসকলৰ মাজত বিশিষ্টভাৱে উল্লেখ কৰা হৈছে । তেওঁৰ এই সাফল্য সমগ্ৰ ঢেকীয়াজুলিৰ লগতে সমগ্ৰ অসমতৰ বাবে অপৰিসীম গৌৰৱৰ মুহূৰ্ত আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক : অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ বায়ুসেনাৰ মুৰব্বী