অপাৰেচন সেন্দুৰত নিজকে প্ৰমাণ কৰিলে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই… এতিয়া বৃহৎ পৰিসৰত ক্ৰয় কৰিব বায়ুসেনা আৰু নৌসেনাই

অপাৰেচন সেন্দুৰত নিজকে প্ৰমাণ কৰিলে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই

অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ বৃহৎ ক্ষতি কৰাৰ পিছত ব্ৰাহ্মছ ছুপাৰছ’নিক ক্ৰুজ মিছাইলে সমগ্ৰ বিশ্বৰ আগত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে । এতিয়া ভাৰতে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ অস্ত্ৰভাণ্ডাৰ আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে । ভাৰত আৰু ৰাছিয়াই যৌথভাৱে নিৰ্মাণ কৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ মেগা অৰ্ডাৰ দিবলৈ সাজু হৈছে ভাৰতীয় সেনা ।

এইটোৱেই হ’ব ব্ৰাহ্মছ ছুপাৰছ’নিক ক্ৰুজ মিছাইলৰ সৰ্ববৃহৎ একক ক্ৰয় । উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈঠকত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজৰ বাবে বৃহৎ সংখ্যক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ লগতে ভাৰতীয় বায়ুসেনাৰ বাবে এই অস্ত্ৰসমূহৰ স্থল আৰু আকাশৰ পৰা নিক্ষেপ কৰিব পৰা সংস্কৰণ ক্ৰয়ৰ বাবে অতি সোনকালে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে । প্ৰতিবেদন অনুসৰি নৌসেনাই এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি নিজৰ বীৰ শ্ৰেণীৰ যুদ্ধ জাহাজ সজ্জিত কৰিব, আনহাতে ভাৰতীয় বায়ুসেনাই ৰাছিয়া মূলৰ ছু-৩০ এম কে আই যুদ্ধ বিমান সজ্জিত কৰিবলৈ এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেতিয়া ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ আৰু সামৰিক ব্যৱস্থাসমূহক লক্ষ্য কৰি লৈছিল তেতিয়া ব্ৰাহ্মছ ঘাতক অস্ত্ৰ হিচাপে প্ৰমাণিত হৈছিল । চাৰিদিনীয়া সংঘাতৰ সময়ত পাকিস্তানৰ বিমানবন্দৰ আৰু সেনাৰ শিবিৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ এই ক্ষেপণাস্ত্ৰসমূহৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংঘাতত থলুৱা অস্ত্ৰ ব্যৱস্থাৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰি কয় যে, “অপাৰেচন সেন্দুৰৰ সময়ত বিশ্বই আমাৰ থলুৱা অস্ত্ৰৰ সামৰ্থ্য দেখিছিল । আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, মিছাইল আৰু ড্ৰোনে ‘আত্মনিৰ্ভৰ ভাৰত’, বিশেষকৈ ব্ৰাহ্মছ মিছাইলৰ শক্তি প্ৰমাণ কৰিছে ।”

পাকিস্তানৰ সৈতে সামৰিক সংঘাতৰ প্ৰথম পৰ্যায়ত যেতিয়া ভাৰতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ জৈছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী মুখ্য কাৰ্যালয়কে ধৰি পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আক্ৰমণ চলাইছিল, তেতিয়া ব্ৰাহ্মছ মিছাইলেই আছিল ভাৰতীয় বায়ুসেনাৰ বাবে পছন্দৰ মূল অস্ত্ৰ যি  অতি নিখুঁতভাৱে লক্ষ্যত আঘাত কৰিছিল । ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ বিমান ঘাটিসমূহৰ অধিক ক্ষতিসাধন কৰিছিল আৰু সেয়েহে পাকিস্তানী সেনাই সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তঃগাঁথনিক সুৰক্ষা দি প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল ।

লগতে পঢ়ক : ‘আপুনি কেনেকৈ গম পালে যে চীনে মাটি দখল কৰিছে?’; ৰাহুল গান্ধীক ধমক উচ্চতম ন্যায়ালয়ৰ

অপাৰেচন শিৱ শক্তিৰ অধীনত ২টা সন্ত্ৰাসবাদীক হত্যা; জম্মু-কাশ্মীৰত সেনাৰ আন এক সফলতা

অপাৰেচন শিৱ শক্তিৰ অধীনত ২টা সন্ত্ৰাসবাদীক হত্যা

জম্মু-কাশ্মীৰত অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান । জম্মু-কাশ্মীৰৰ পুঞ্চত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ । আজি পুৱা পুঞ্চ অঞ্চলত সেনা বাহিনীয়ে দুটাকৈ সন্ত্ৰাসবাদীক ঘেৰাও কৰে । ইয়াৰ পিছত দুয়ো পক্ষৰ মাজত গুলীয়াগুলি সংঘটিত হয় । এই সংঘৰ্ষত সেনাৰ গুলীত দুয়োটা সন্ত্ৰাসবাদী নিহত হয় । ভাৰতীয় সেনাই অপাৰেচন শিৱ শক্তিৰ অধীনত এই অভিযান চলাইছিল ।

মঙলবাৰে গভীৰ নিশা ডেগৱাৰ ছেক্টৰৰ মালদিভালান অঞ্চলত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সেনা জোৱানসকলে দেখা পাইছিল । ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ । এই এনকাউণ্টাৰৰ সময়তে দুটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে সেনাই । পুৱা ৫:৩০ বজাত নিৰাপত্তাৰক্ষীয়ে এই সন্ত্ৰাসবাদী দুটাক হত্যা কৰে । ধাৰাসাৰ বৰষুণ হৈ থকাত সন্ত্ৰাসবাদী দুটাৰ মৃতদেহ উদ্ধাৰ হোৱাত পলম হয় ।

অপাৰেচন শিৱ শক্তিৰ অধীনত বিগত ৭২ ঘন্টাত জম্মু-কাশ্মীৰত দুটাকৈ এনকাউণ্টাৰত ৫টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে । ইয়াৰ পূৰ্বে সোমবাৰে জম্মু-কাশ্মীৰত এক বৃহৎ অভিযানত নিৰাপত্তা বাহিনীয়ে ৩টা সন্ত্ৰাসবাদীক হত্যা কৰে । এই সন্ত্ৰাসবাদীৰ ভিতৰত এটা আছিল লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ চুলেমান । ইয়াৰ উপৰিও আফগান আৰু জিব্ৰাণো আছিল লস্কৰৰ ‘এ’ গ্ৰেডৰ সন্ত্ৰাসবাদী । পহলগাম আৰু গগাংগীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী চুলেমান । ভাৰতীয় সেনাই ‘অপাৰেচন মহাদেৱ’ৰ অধীনত এই ৩টা সন্ত্ৰাসবাদীক হত্যা কৰে ।

লগতে পঢ়ক : সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো… বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত; ভাৰতীয় সেনাৰ বৃহৎ সফলতা

শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই । পহলগাম আক্ৰমণৰ তিনিমাহ পাছতেই ২৬জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰা পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই হত্যা কৰিছে । তিনিটা পাকিস্তানী সন্ত্ৰাসবাদী চুলেমান, ইয়াছিৰ আৰু আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, যাৰ ভিতৰত চুলেমান আৰু ইয়াছিৰ পহলগাম আক্ৰমণত জড়িত আছিল । ইয়াৰে চুলেমান তথা হাছিম মুছা (যি পূৰ্বে পাকিস্তানী সেনাবাহিনীৰ জোৱান আছিল)জম্মু-কাশ্মীৰৰ পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ শীৰ্ষ অধিনায়ক আছিল । হাছিম মুছা কেৱল পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ডেই নহয়, সোণামাৰ্গ সুৰংগ আক্ৰমণৰো অপৰাধী আছিল এই সন্ত্ৰাসবাদীটো ।

নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত কাৰ্বাইন, এ কে-৪৭, ১৭টা ৰাইফল গ্ৰেনেড আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে । ভাৰতীয় সেনাৰ বাবে এইটো এটা ডাঙৰ সফলতা । কিয়নো পহলগাম আক্ৰমণৰ সকলো সন্ত্ৰাসবাদী নিহত হৈছে, এতিয়া মাত্ৰ এটাহে বাকী আছে ।

ভাৰতীয় সেনাই এই সফলতা অপাৰেচন মহাদেৱৰ অধীনত অৰ্জন কৰিছে, এই অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ হৈছে । ভাৰতীয় সেনাই জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত তালাচী অভিযান চলাই আছিল, ইয়াত সন্ত্রাসবাদী আত্মগোপন কৰাৰ সম্ভাৱনা আছিল, যাৰ বাবে অপাৰেচন মহাদেৱ আৰম্ভ কৰা হৈছিল । এই অভিযানৰ অধীনত এই তিনিটা সন্ত্ৰাসবাদীক শ্ৰীনগৰত হত্যা কৰা হয় ।

শ্ৰীনগৰৰ মহাদেৱ পাহাৰৰ সমীপৰ ডাচিগামত তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰাৰ কথা সেনাই নিশ্চিত কৰিছে যদিও সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় সন্দৰ্ভত একো কোৱা নাই । সেনাই আনুষ্ঠানিক বিবৃতিত কয়, ‘এই এনকাউণ্টাৰত তিনিটা সন্ত্ৰাসবাদী নিহত হয় । অভিযান চলি আছে ।’

মহাদেৱ পাহাৰৰ সমীপত সেনাই নিজৰ শিবিৰ পাতিছে, যাৰ জৰিয়তে সেনাই অঞ্চলটোৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছে । সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ চলিছিল যৌথ তালাচী অভিযান । এই অভিযানতে ধৰা পৰে সন্ত্ৰাসবাদী মুছাৰ গতিবিধি । পাহাৰৰ সমীপতে তম্বুত বাস কৰিছিল সন্ত্ৰাসবাদীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ’ল সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰ হোৱা ঠাইখন পাহাৰৰ ওপৰত আৰু তালৈ খোজকাঢ়িহে যাব পাৰি ।

চলিত বৰ্ষৰ ২৬ এপ্ৰিলত কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত ২৬জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে । সেই সময়ত এই লোকসকলে কাশ্মীৰৰ উপত্যকাৰ সৌন্দৰ্য উপভোগ কৰি আছিল আৰু হঠাৎ মুখত কাপোৰ বান্ধি থকা সন্ত্ৰাসবাদীয়ে তালৈ আহি মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি গুলীচালনা কৰিছিল । মূলতঃ পুৰুষক লক্ষ্য কৰি লোৱা হৈছিল এই আক্ৰমণত । ঘটনাৰ সময়ত তাত বহু পৰিয়াল উপস্থিত আছিল, যিয়ে এই ঘটনাটো কিমান ভয়ানক আছিল প্ৰকাশ কৰিছিল, য’ত কোনোবাই স্বামীক হেৰুৱাইছিল, কোনোবাই পিতৃক হেৰুৱাইছিল আৰু কোনোবাই পুত্ৰক হেৰুৱাইছিল ।

লস্কৰ-ই-তৈবাৰ সংযুক্ত গোট ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৬-৭ মে’ৰ মাজ নিশা অপাৰেচন সিন্দুৰ আৰম্ভ কৰি পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে । ইয়াৰ পিছত পাকিস্তানে ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱাৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল । দুয়োখন দেশে ৩-৪ দিন ধৰি আক্ৰমণ প্ৰত্যাক্ৰমণ চলাইছিল, য’ত পাকিস্তানৰ সামৰিক ঘাটিসমূহৰ যথেষ্ট ক্ষতি হৈছিল । ১০ মে’ত দুয়ো দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে ।

লগতে পঢ়ক : কাৰ্গিল দিৱস ২০২৫ : ২৬ বছৰীয়া শৌৰ্য্য আৰু বিজয়ৰ সন্মান; ই কেৱল তাৰিখ নহয় এক আবেগৰ স্মৃতি

কাৰ্গিল দিৱস ২০২৫ : ২৬ বছৰীয়া শৌৰ্য্য আৰু বিজয়ৰ সন্মান; ই কেৱল তাৰিখ নহয় এক আবেগৰ স্মৃতি

কাৰ্গিল দিৱস ২০২৫

ভাৰতে কাৰ্গিল বিজয়ৰ ২৬ বছৰ উদযাপন কৰিছে । সমগ্ৰ দেশ একত্ৰিত হৈ ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন কৰিছে । এই দিনটো ভাৰতৰ ইতিহাসত গৌৰৱৰ পোহৰৰ ৰেখাৰ দৰে জিলিকি উঠিছে । কাৰ্গিল দিৱস ১৯৯৯ চনৰ সেই গৌৰৱময় বিজয়ৰ প্ৰতীক । যেতিয়া বৰফেৰে আবৃত শৃংগ আৰু শত্ৰুৰ অবিৰত গুলীচালনাৰ সন্মুখীন হৈ আমাৰ সৈন্যই অতুলনীয় সাহস আৰু অদম্য সংকল্পৰে কাৰ্গিল পুনৰ দখল কৰিছিল । ২৬ জুলাইত ত্যাগ, বীৰত্ব আৰু অদম্য সাহসৰ প্ৰতীক লাডাখৰ দুৰ্গম পাহাৰত ত্ৰিৰংগা আকৌ এবাৰ সগৌৰৱেৰে উৰিছিল ।

শত্ৰু আৰু প্ৰকৃতি উভয়ৰে বিৰুদ্ধে যুদ্ধ-

কাৰ্গিল দিৱস কেৱল এক কেলেণ্ডাৰৰ তাৰিখ নহয়, ভাৰতক সংজ্ঞায়িত কৰা সাহস আৰু ঐক্যৰ প্ৰেৰণাদায়ক সোঁৱৰণি । বৰফৰ বতাহত যুঁজি প্ৰতিটো শিখৰক নিজৰ সাহসৰ প্ৰমাণ হিচাপে গঢ়ি তোলা সাহসীসকলক কাৰ্গিল দিৱস এক প্ৰণাম । কাৰ্গিল যুদ্ধ নামেৰে পৰিচিত এই সংঘাত ১৯৯৯ চনৰ মে’ মাহত আৰম্ভ হৈছিল যেতিয়া অনুপ্ৰৱেশকাৰীয়ে গোপনে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি উচ্চ শৃংগত থকা ভাৰতীয় চকীসমূহ দখল কৰিছিল । শত্ৰুৰ কুৎসিত লক্ষ্য আছিল শ্ৰীনগৰৰ পৰা লেহ সংযোগ কৰা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ ১এটো বিচ্ছিন্ন কৰা ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন-

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, “কাৰ্গিল বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছো । এই দিৱস আমাৰ জোৱানসকলৰ অসাধাৰণ সাহস আৰু দৃঢ়তাৰ প্ৰতীক । দেশৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু পৰম ত্যাগে সদায় দেশবাসীক অনুপ্ৰাণিত কৰিব ।”

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- কাৰ্গিল দিৱসৰ দিনা দেশবাসীলৈ বহু শুভকামনা । কাৰ্গিল দিৱসে আমাক ভাৰত মাতৃৰ সেই বীৰ পুত্ৰসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা মনত পেলাই দিয়ে, যিসকলে দেশৰ আত্মসন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল । মাতৃভূমিৰ বাবে মৃত্যবৰণ কৰিবলৈ তেওঁলোকৰ আবেগে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । জয় হিন্দ !

দুৰ্গম ভূখণ্ডত বীৰত্বৰে যুঁজিছিল ভাৰতীয় সেনাই-

ভাৰতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অপাৰেচন বিজয়ৰ জৰিয়তে, যিটো অভিযানত নিখুঁত পৰিকল্পনা, দৃঢ়তা আৰু জোৱানসকলৰ অদম্য সাহস জড়িত হৈ আছিল । দুমাহতকৈও অধিক সময় আমাৰ সাহসী সেনা বাহিনীয়ে অতি দুৰ্গম ভূখণ্ডত যুঁজিছিল যেতিয়ালৈকে প্ৰতিজন অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হোৱা নাছিল আৰু প্ৰতিটো পোষ্ট ভাৰতীয় নিয়ন্ত্ৰণলৈ ঘূৰাই অনা হৈছিল । কাৰ্গিল দিৱস কেৱল স্মৃতিৰ অনুষ্ঠান নহয় । মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া সকলৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ প্ৰতিশ্ৰুতি । আমাৰ স্বাধীনতাক ৰক্ষা কৰা সাহস আৰু ত্যাগৰ মনোভাৱক জীয়াই ৰখাৰ এক অহৰহ আহ্বান । কাৰ্গিল দিৱসত ১৯৯৯ চনৰ সেই বীৰসকলক শ্ৰদ্ধাঞ্জলি জনাইছো ।

বৰফৰ শৃংগত কঠিন যুদ্ধ-

১৯৯৯ চনৰ গ্রীষ্মকালত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষই গৰমৰ সৈতে যুঁজি আছিল, তেতিয়া বৰফেৰে ভৰা হিমালয়ৰ উচ্চতাত এক বেলেগ ধৰণৰ যুদ্ধ চলিছিল ৷ এয়া বিশাল মৰুভূমি বা সমভূমিত হোৱা যুদ্ধ নাছিল, বৰঞ্চ অক্সিজেনৰ অভাৱ, উষ্ণতা সহ্য কৰিব নোৱাৰা চোকা শৃংগবোৰত আৰু তেজৰ মূল্যত প্ৰতি ইঞ্চি মাটি দখল কৰা হৈছিল । এয়া আছিল কাৰ্গিল যুদ্ধ, সামৰিক অভিযানতকৈও বেছি, ই আছিল বিশ্বাস, অধ্যৱসায় আৰু ত্যাগৰ পৰীক্ষা ।

নিজৰ পৰিয়াললৈ চিঠি প্ৰেৰণ কৰিছিল জোৱানসকলে-

এই সৈনিকসকলে কেৱল গুলীৰ সন্মুখীন হোৱাই নহয়, প্ৰকৃতিৰ ক্ৰোধ, হাড় কঁপোৱা বতাহ, শূন্যৰ তলৰ উষ্ণতা আৰু অক্সিজেনৰ অভাৱৰ সন্মুখীন হ’বলগীয়া হৈছিল যিয়ে প্ৰতিটো উশাহৰ লগে লগে সহনশীলতাৰ পৰীক্ষা কৰিছিল । তথাপিও তেওঁলোকৰ ঘৰলৈ লিখা চিঠিবোৰত ভয় নহয়, কৰ্তব্যৰ প্ৰতিফলন ঘটিছিল । কোনোবাই ঘৰতে ৰন্ধা খাদ্য হেৰুৱাৰ কথা লিখিছিল, কোনোৱে সোনকালে উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কোনোৱে নিজৰ সন্তানক কঠোৰ পৰিশ্ৰম কৰি পঢ়িবলৈ সোঁৱৰাই দিছিল । বহুতো কেতিয়াও ঘূৰি অহা নাহিল । মাতৃয়ে চাকি জ্বলোৱা, পত্নীয়ে ফটো ধৰি ৰখা, শিশুৱে খেলি থাকোঁতে পিতৃৰ ইউনিফৰ্ম পিন্ধা ঘৰবোৰত তেওঁলোকৰ অনুপস্থিতি অনুভৱ কৰা হৈছিল ।

যুদ্ধত শ্বহীদ হৈছিল ৫৪৫ জন জোৱান-

জুলাই মাহৰ শেষলৈকে কেইবা সপ্তাহ ধৰি চলি থকা যুদ্ধৰ অন্তত ভাৰতে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম নকৰাকৈয়ে সকলো চকী পুনৰ দখল কৰিছিল । গুৰুতৰ প্ৰৰোচনা সত্ত্বেও এই সংযমে আন্তঃৰাষ্ট্ৰীয় আইনক সুৰক্ষিত কৰি ৰাখিছিল আৰু সমগ্ৰ বিশ্বতে ভাৰতে সন্মান অৰ্জন কৰিছিল । ৫৪৫ জন জোৱান শ্বহীদ হৈছিল, হাজাৰৰো অধিক আহত হৈছিল, কিন্তু দেশৰ সংকল্প আৰু অধিক শক্তিশালী হৈ উঠিছিল । ড্ৰাছৰ কাৰ্গিল যুদ্ধ স্মৃতিসৌধৰ দেৱালত খোদিত কৰা প্ৰতিটো নামেই সেই ত্যাগ আৰু সেই গৌৰৱৰ সোঁৱৰণি ।

কাৰ্গিল সামৰিক জয়তকৈও বেছি আছিল । দেশপ্ৰেমৰ পুনৰ সংজ্ঞা দিয়া এটা মুহূৰ্ত আছিল । ই ভাৰতীয় সৈনিকক অস্পষ্টতাৰ পৰা উলিয়াই আনি প্ৰতিজন নাগৰিকৰ হৃদয়লৈ আনিলে । ই আমাক সোঁৱৰাই দিলে যে স্বাধীনতা ৰক্ষা কৰে সেইসকলে যিসকলে সেৱা কৰাৰ সুযোগৰ বাহিৰে আন একো নিবিচাৰে । আজি কাৰ্গিল দিৱসত ড্ৰাছত বাজি উঠা প্ৰতিটো বাগল, উৰ্বৰ শৃংগত উৰি থকা প্ৰতিখন পতাকাই কঢ়িয়াই লৈ ফুৰে সেই যুদ্ধৰ প্ৰতিধ্বনি, যি যুদ্ধই কেৱল মাটিয়েই নহয়, এখন মুক্ত ৰাষ্ট্ৰ আৰু ইয়াৰ ৰক্ষকসকলৰ মাজত থকা অবিচ্ছেদ্য বান্ধোনত সাহস, সন্মান আৰু বিশ্বাস পুনৰ লাভ কৰিছিল ।

কাৰ্গিল যুদ্ধ আছিল সাহস, ত্যাগ আৰু অটল দৃঢ়তাৰ কাহিনী । পুনৰ দখল কৰা প্ৰতিটো শৃংগ আছিল অসাধাৰণ বীৰত্বৰ কৃতিত্বৰ ফল । ৰাষ্ট্ৰই এই যোদ্ধাসকলক সৰ্বোচ্চ সামৰিক বঁটাৰে সন্মানিত কৰিছিল ।

সৈনিকসকলক সৰ্বোচ্চ বীৰত্বৰ সন্মান প্ৰদান-

যুদ্ধৰ সময়ত ৪ জন জোৱানক ভাৰতৰ সৰ্বোচ্চ বীৰত্ব সন্মান পৰম বীৰ চক্ৰ (পি ভি চি) প্ৰদান কৰা হৈছিল । ৯ জন জোৱানক মহাবীৰ চক্ৰ (এম ভি চি) আৰু ৫৫ জন জোৱানক বীৰ চক্ৰ (ভি চি) প্ৰদান কৰা হয় । ১ জন জোৱানক সৰ্বোত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰাৰ বিপৰীতে ৬ জনক উত্তম যুদ্ধ সেৱা পদক আৰু ৮ জনক যুদ্ধ সেৱা পদক প্ৰদান কৰা হয় । ৮৩ গৰাকী জোৱানক সেনা মেডেল (এছ এম) আৰু ২৪ গৰাকীক বায়ু সেনা মেডেল (ভি এছ এম) প্ৰদান কৰা হয় । এই সন্মানসমূহে সংঘাতৰ সময়ত প্ৰদৰ্শিত সাহস আৰু ব্যতিক্ৰমী সেৱাৰ স্তৰক প্ৰতিফলিত কৰে ।

লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱস : ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি কৃতজ্ঞ ৰাষ্ট্ৰই শ্বহীদক জনালে শ্ৰদ্ধাঞ্জলি…

সীমান্তত আৰু নচলে গুলী, কমোৱা হ’ব জোৱানৰ সংখ্যা… ভাৰত আৰু পাকিস্তানৰ DGMO ৰ মাজত আলোচনা

সোমবাৰে ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে (DGMO) সামৰিক কাৰ্যকলাপ আৰু গুলীচালনা বন্ধ কৰাৰ বাবে ১০ মে’ত দুয়োপক্ষৰ মাজত হোৱা বুজাবুজিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে । ভাৰত আৰু পাকিস্তানে উভয় পক্ষই গুলীচালনা নকৰে বুলি ডি জি এম অ’ৰ মাজত চুক্তি হৈছে । হটলাইনত এই কথা-বতৰা পূৰ্বে দুপৰীয়া ১২ বজাত হোৱাৰ কথা আছিল যদিও বিয়লি ৫ বজাতহে হয় এই আলোচনা ।

ইষ্টাৰ্ণ কমাণ্ডৰ চি পি আৰ অ’ই জনোৱা মতে, সন্ধিয়া ৫ বজাত ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় । তেওঁ কয় যে দুয়োপক্ষই পৰস্পৰৰ ওপৰত গুলীচালনা নকৰিবলৈ বা পৰস্পৰৰ বিৰুদ্ধে কোনো ধৰণৰ আক্ৰমণাত্মক আৰু শত্ৰুতাপূৰ্ণ কাৰ্য্যৰ সূচনা নকৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়টো আলোচনা কৰা হৈছে ।

তেওঁ লগতে কয় যে সীমান্ত আৰু অগ্ৰিম অঞ্চলৰ পৰা সৈন্যৰ সংখ্যা হ্ৰাস কৰাটো নিশ্চিত কৰাৰ বাবে দুয়োপক্ষই তাৎক্ষণিক ব্যৱস্থাৰ কথা বিবেচনা কৰিব বুলিও সহমতত উপনীত হৈছে ।

শনিবাৰে দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত হোৱা আলোচনাৰ অন্তত সামৰিক কাৰ্যকলাপ আৰু গুলীচালনা বন্ধ কৰাৰ চুক্তি ঘোষণা কৰা হয় । যদিও শনিবাৰে নিশা পাকিস্তানী সেনাই চুক্তি উলংঘা কৰাৰ খবৰ আহিছিল, দেওবাৰে নিশা এনে কোনো কাণ্ড সংঘটিত হোৱা নাছিল ।

এক চমু বিবৃতিত সেনাই কয় যে ‘জম্মু-কাশ্মীৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অন্যান্য অঞ্চলত নিশাটো সামগ্ৰিকভাৱে শান্তিপূৰ্ণ হৈ থাকিল ।‘ ইয়াত কোৱা হৈছে যে ‘কোনো ধৰণৰ ঘটনাৰ খবৰ পোৱা নগ’ল, যাৰ ফলত যোৱা কিছুদিনত এইটোৱেই প্ৰথম নিস্তব্ধ নিশা ।‘

এই বৈঠকৰ পূৰ্বে এয়াৰ অপাৰেচনৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয়, ‘আমি পুনৰ কৈছো যে আমাৰ যুঁজখন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তঃগাঁথনিৰ বিৰুদ্ধে (পাকিস্তানত) আছিল । কিন্তু পাকিস্তানী সেনাই হস্তক্ষেপ কৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱাটো দুখৰ বিষয়, যাৰ ফলত আমি তেওঁলোকৰ দৰেই প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’লোঁ ।‘

‘চীনা ক্ষেপণাস্ত্ৰ পি এল-১৫ৰ ধ্বংসাৱশেষ উদ্ধাৰ’… পাকিস্তানৰ কুৎসিত উদ্দেশ্য উদঙালে এয়াৰ মাৰ্শ্বালে

পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰিছিল, ইয়াৰে বহুতো চীন আৰু তুৰ্কীত নিৰ্মিত । কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সন্মুখত ব্যৰ্থ হয় পাকিস্তানৰ এটাৰ পাছত আন এটা আক্ৰমণ । সোমবাৰে ডি জি এম অ’ৰ প্ৰেছ ব্রিফিঙৰ সময়ত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে ‘পাকিস্তানে চীনত নিৰ্মিত পি এল-১৫ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল । কিন্তু এই ক্ষেপণাস্ত্ৰও লক্ষ্যত আঘাত কৰাত ব্যৰ্থ হয় । আমাৰ এয়াৰ ডিফেন্সে এই ক্ষেপণাস্ত্ৰক বাধা দি আকাশতে ধ্বংস কৰে ।‘ এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে এই ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ আমাৰ সশস্ত্ৰ বাহিনীয়ে উদ্ধাৰ কৰিছে ।

স্বদেশী কাউণ্টাৰ ইউ এ এছ ব্যৱস্থাই ধ্বংস কৰে শত্ৰুৰ মিছাইল আৰু ড্ৰোন-

এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে দীৰ্ঘ দূৰত্বৰ ৰকেট, মানৱবিহীন আকাশী ব্যৱস্থাও পাকিস্তানে ব্যৱহাৰ কৰিছিল, যিবোৰো আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰিছিল । তেওঁ কয় যে পাকিস্তানে বৃহৎ সংখ্যক ড্ৰোন আৰু মানৱবিহীন যুদ্ধ বাহন ব্যৱহাৰ কৰি আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ভাৰতৰ থলুৱা চফ্ট এণ্ড হাৰ্ড কিল কাউণ্টাৰ ইউ এ এছ চিষ্টেম আৰু সু-প্ৰশিক্ষিত এয়াৰ ডিফেন্স সৈন্যই সেইবোৰ ধ্বংস কৰিছিল ।

ডিজি এয়াৰ অপাৰেচন এ কে ভাৰতীয়ে কয় যে ‘কালি আমি অপাৰেচন সিন্দুৰৰ অধীনত সংঘটিত হোৱা যৌথ সামৰিক অভিযানৰ বিষয়ে তথ্য দিলোঁ । আমি এইটোও ক’লো যে আমাৰ যুদ্ধ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ সৈতেহে আৰু পাকিস্তানী সেনাৰ সৈতে নহয়, কিন্তু পাকিস্তানী সেনাই সন্ত্ৰাসবাদীৰ সৈতে থিয় দিয়াটো উপযুক্ত বুলি ভাবি তেওঁলোকৰ যুঁজখন নিজৰ যুঁজ কৰি ল’লে । এনে পৰিস্থিতিত তেওঁলোকে যি ক্ষতিৰ সন্মুখীন হৈছে তাৰ বাবে তেওঁলোক নিজেই দায়ী ।

তুৰ্কীৰ ড্ৰোন ধ্বংস-

ডি জি এম অ’ৰ প্ৰেছ ব্রিফিঙৰ সময়ত এটা প্রশ্ন কৰা হৈছিল যে তুৰ্কীৰ ড্ৰোনক লৈ বিশ্বত বহু চৰ্চা চলিছিল, কিন্তু এনে লাগে যেন বৃহৎ ধৰণে উপস্থাপন কৰা তুৰ্কীৰ ড্ৰোনবোৰ ভাৰতত ধৰাশায়ী হৈছে আৰু বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে হাইব্ৰিড যুদ্ধত ইয়াৰ আৰু কোনো স্থান নাই ?  ইয়াৰ প্ৰত্যুত্তৰত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে, সেয়া তুৰ্কীৰ ড্ৰোনেই হওক বা আন কোনো ঠাইৰ পৰা অহা ড্ৰোনেই হওক, বিভিন্ন ড্ৰোনৰ ধ্বংসাৱশেষৰ ছবি প্ৰকাশ পাইছে ।

তেওঁ কয় যে, আমি প্ৰমাণ কৰিছো যে আমাৰ কাউণ্টাৰ ডিফেন্স চিষ্টেম আৰু আমাৰ প্ৰশিক্ষিত ডিফেন্স অপাৰেটৰসকল সম্পূৰ্ণৰূপে সক্ষম । আমাৰ দেশৰ থলুৱা প্ৰযুক্তি যিকোনো ধৰণৰ ড্ৰোন আক্ৰমণ বা যিকোনো ধৰণৰ প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু । ইয়াত আমি বেছি কোৱাৰ প্ৰয়োজন নাই । আমি তেওঁলোকৰ লগত কি কৰিলোঁ, আপোনালোকে নিজ চকুৰে দেখিছে ।

লাহোৰত ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম…  সেনাৰ ড্ৰোন আক্ৰমণে চলালে ধ্বংসলীলা

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাই চৰম পৰ্যায় পাইছেগৈ । ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাই ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰাৰ পিছত পাকিস্তানে প্ৰতিশোধ লোৱাৰ কথা অহৰহ কৈ আছে । ইফালে শিয়ালকোট, লাহোৰ আৰু পাকিস্তানৰ আন এখন চহৰত পাকিস্তানী সেনাৰ এয়াৰ ডিফেন্স ইউনিটৰ যথেষ্ট লোকচান হোৱাৰ খবৰ প্ৰকাশ পাইছে ।

জানিব পৰা মতে পাকিস্তানী সেনাৰ HQ-9 মিছাইল ডিফেন্স চিষ্টেম ইউনিটসমূহ ড্ৰ’ন আক্ৰমণত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । লাহোৰৰ উপৰিও গুজৰাণৱালা, ৰাৱালপিণ্ডি, চাকৱাল, বাহাৱালপুৰ, মিয়ানৱালী, কৰাচী, চোৰ, মিয়ানো আৰু অটকত এনেধৰণৰ ড্ৰোন আক্ৰমণ সংঘটিত হৈছে ।

ভাৰত চৰকাৰৰ বিবৃতি-

ভাৰত চৰকাৰে আনুষ্ঠানিক বিবৃতি জাৰি কৰি কয় যে, “আজি পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ কেইবাটাও স্থানত এয়াৰ ডিফেন্স ৰাডাৰ আৰু চিষ্টেমক লক্ষ্য কৰি লয় । ভাৰতে পাকিস্তানক তেওঁলোকৰ ধৰণেই প্ৰত্যুত্তৰ দিছে । লাহোৰৰ এটা এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস হৈছে ।”

১৫খন চহৰৰ ওপৰত পাকিস্তানৰ পৰিকল্পনা বিফল কৰিলে ভাৰতে-

বিবৃতিটোত আৰু কোৱা হৈছে যে ০৭ আৰু ০৮ মে’ৰ মাজ নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি অৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বথিন্দা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই আৰু ভোজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ চেষ্টা চলাইছিল । এই আক্ৰমণসমূহ কাউণ্টাৰ ইউ এ এছ গ্ৰীড আৰু এয়াৰ ডিফেন্স চিষ্টেমৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হয় । এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া বহু ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে, যিটোৱে পাকিস্তানৰ আক্ৰমণৰ প্ৰমাণ দিয়ে ।

ভাৰতীয় সেনাই দিলে উপযুক্ত প্ৰত্যুত্তৰ-

প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে, “আজি ৮ মে’ৰ পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কেইবাঠাইতো পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি লয় । ভাৰতেও পাকিস্তানৰ দৰেই তীব্ৰতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নিৰ্ভৰযোগ্যভাৱে জানিব পৰা গৈছে যে লাহোৰৰ এটা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা নিষ্ক্ৰিয় হৈছে ।”

ইয়াত আৰু কোৱা হৈছে যে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধাৰ আৰু ৰাজৌৰী খণ্ডত পাকিস্তানে মৰ্টাৰ আৰু গধুৰ কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি এল অ’ চিৰ ওপৰেৰে অপ্ৰৰোচিত গুলীচালনাৰ তীব্ৰতা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, পাকিস্তানে ভাৰতৰ আধুনিক আকাশযুদ্ধৰ সা-সঁজুলিক লৈ চিন্তিত হোৱাৰ বাবেই বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল । ভাৰতৰ ৰাফেল যুদ্ধ বিমান, ছুখয় ছু-৩০এম কে আই আৰু ব্ৰাক্ষ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ দৰে অস্ত্ৰ-শস্ত্ৰ পাকিস্তানৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । ইয়াৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে এইচ কিউ-৯ৰ দৰে ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰে, যিটো ব্যৱস্থা এতিয়া ভাৰতীয় আক্ৰমণত ধ্বংস হৈছে ।

পাক সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় জোৱান দীনেশ কুমাৰ…

জম্মুৰ পুঞ্চত পাকিস্তানৰ তৰফৰ পৰা হোৱা গুলীচালনাত শ্বহীদ হয় হাৰিয়ানাৰ বাসিন্দা জোৱান দীনেশ কুমাৰ শৰ্মা । মুখ্যমন্ত্ৰী নায়ব সিং ছৈনীকে ধৰি বহু নেতাই জোৱানজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰী নায়ব সিং ছৈনীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, “অপাৰেচন সিন্দুৰৰ পিছত আজি পুৱা জম্মুৰ পুঞ্চত ভাৰত মাতাৰ বীৰ পুত্ৰ, হাৰিয়ানাৰ পালৱালৰ পুত্ৰ জোৱান দীনেশ কুমাৰ শৰ্মা জীয়ে সাহসেৰে পাকিস্তানৰ তৰফৰ পৰা হোৱা গুলীচালনাৰ সন্মুখীন হৈ সৰ্বোচ্চ বলিদান দিলে । দেশে আপোনাৰ বলিদান কেতিয়াও পাহৰিব নোৱাৰে ।”

সাহসী পুত্ৰই সাহসেৰে যুদ্ধ কৰিলে- সুৰজেৱালা

মুখ্যমন্ত্ৰী ছৈনীৰ উপৰিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰনদীপ সিং সুৰজেৱালাই শ্বহীদ দীনেশ কুমাৰৰ শ্বহীদ হোৱাত শোক প্ৰকাশ কৰিছে । তেওঁ কয়, “হাৰিয়ানাৰ বীৰ পুত্ৰ, ভাৰতীয় সেনাৰ জোৱান দীনেশ কুমাৰ শৰ্মা জীয়ে সাহসেৰে পাকিস্তানৰ তৰফৰ পৰা হোৱা গুলীচালনাৰ সন্মুখীন হৈ মাতৃভূমিৰ ৰক্ষাত নিজৰ প্ৰাণৰ সৰ্বোচ্চ বলিদান দিয়ে । তেওঁক জম্মুৰ বাৰামুল্লাত নিযুক্ত হৈছিল । তেওঁৰ প্ৰতি মোৰ প্ৰণাম আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি ।”

‘দেশ ৰক্ষা কৰি প্ৰাণ আহুতি দিলে’

জোৱান দীনেশ কুমাৰৰ শ্বহীদ সন্দৰ্ভত কুমাৰী শৈলজাই কয়, “জম্মু-কাশ্মীৰৰ হাৰিয়ানাৰ পালৱালৰ বীৰ পুত্ৰ দীনেশ কুমাৰ শৰ্মা জীয়ে দেশক ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিলে । ভাৰত মাতৃৰ এই বীৰ সন্তানলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি । শোকসন্তপ্ত পৰিয়ালটোক ভগৱানে শক্তি প্ৰদান কৰক ।”

‘প্ৰতিবাৰেই পাকিস্তানী সেনাক উপযুক্ত উত্তৰ দিছে’… ভাৰতীয় সেনাক প্ৰশংসা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ, কংগ্ৰেছকো সমালোচনা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনাৰ সাহস আৰু মনোভাৱক প্ৰশংসা কৰে । তেওঁ কয় যে পাকিস্তানে যেতিয়াই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেতিয়াই ভাৰতীয় জোৱানসকলে শত্ৰুক সাহসেৰে পৰাস্ত কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰাখিছিল । ইয়াৰ উপৰিও ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰেছকো সমালোচনা কৰে তেওঁ ।

এল অ’ চিত পাকিস্তানৰ অবিৰত গুলীচালনাৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক কাৰ্যক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । এক্সত তেওঁ লিখিছে ভাৰত-পাকিস্তান যুদ্ধ: ভাৰতৰ বীৰত্ব আৰু জয়ৰ ঐতিহ্য । স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ সাহসী সশস্ত্ৰ বাহিনীয়ে বাৰে বাৰে পাকিস্তানী আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি দৃঢ়তাৰে থিয় দিছে । পাকিস্তানে যেতিয়াই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেতিয়াই আমাৰ জোৱানসকলে সাহসেৰে শত্ৰুক নিৰ্ণায়কভাৱে পৰাস্ত কৰিছিল আৰু ভাৰতৰ গৌৰৱ ৰক্ষা কৰিছিল ।

তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা চাৰিখন যুদ্ধ, ১৯৪৭-৪৯ চনৰ ভাৰত-পাক যুদ্ধ, ১৯৬৫ চনৰ যুদ্ধ, ১৯৭১ চনৰ যুদ্ধ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বিষয়ে তথ্য প্ৰদান কৰে । শৰ্মাই কয় যে প্ৰতিটো ভাৰত-পাকিস্তানৰ সংঘাতে এটা চিৰন্তন সত্যৰ আঁত ধৰে । যেতিয়াই ভাৰতে আক্ৰমণৰ সন্মুখীন হৈছিল তেতিয়াই আমাৰ জোৱানসকল নিৰ্ভীক, অপৰাজিত আৰু নিজৰ সংকল্পত অটল হৈ আছিল । সাহস আৰু ত্যাগৰ এই উত্তৰাধিকাৰে প্ৰতিজন ভাৰতীয় নাগৰিকক অনুপ্ৰাণিত কৰি যাব । শৰ্মাই কয় যে আমাৰ সশস্ত্ৰ বাহিনী সকলো পৰিস্থিতিত ভাৰতৰ সাৰ্বভৌমত্ব আৰু সন্মান ৰক্ষাৰ বাবে সজাগ আৰু প্ৰতিশ্ৰুতিবদ্ধ । জয় হিন্দ ।

কংগ্ৰেছক তীক্ষ্ণ সমালোচনা-

কংগ্ৰেছকো লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । অসম চৰকাৰৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পূর্বে তথ্য সঠিকভাৱে জনাটো জৰুৰী বুলিও তেওঁ কয় ৷ অসম আৰক্ষীয়ে সাংসদ প্ৰদ্যুত বৰদলৈৰ সৈতে জড়িত ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিছে । এতিয়া স্পষ্টভাৱে প্ৰতিষ্ঠা হৈছে যে আক্ৰমণকাৰী মহম্মদ ইমদাদুল ইছলাম । তেওঁ আছিল কংগ্ৰেছ কৰ্মী । যাক পঞ্চায়ত নিৰ্বাচনত নাকচ কৰা হৈছিল দলৰ টিকট । এই ঘটনা সম্পূর্ণৰূপে কংগ্রেছৰ ভিতৰৰ দলীয় আৰু অন্তর্যুদ্ধৰ ফল ৷ এয়া অসম চৰকাৰৰ পৃষ্ঠপোষকতা বা সমৰ্থিত কাৰ্য নাছিল । এই পৰীক্ষিত তথ্যৰ পৰিপ্ৰেক্ষিতত আপোনালোকে অসম চৰকাৰৰ বিৰুদ্ধে কৰা ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ মন্তব্য প্ৰত্যাহাৰ কৰিব বুলি আশা কৰিলোঁ ।