বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো… বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত চলি থকা দুদিনীয়া আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াক ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে মই এই সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো । ভাৰতৰ পক্ষ চাব নোৱাৰা

বিৰোধীৰ সমালোচনাৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত চলি থকা দুদিনীয়া আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াক ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে মই এই সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো । ভাৰতৰ পক্ষ চাব নোৱাৰা সকলক আইনা দেখুৱাবলৈ থিয় দিছো ।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে এই অধিবেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন বুলি উল্লেখ কৰিছিলোঁ । এয়া ভাৰতক মহিমামণ্ডিত কৰাৰ এক অধিবেশন । মই ক’ব বিচাৰিছো যে এই বিজয়োৎসৱত শত্ৰুক মাটিত মূৰ তল কৰোৱাৰ কথা । এই বিজয়োৎসৱত সেন্দুৰৰ শপত পূৰণৰ কথা । এই বিজয়োৎসৱ সেনাৰ বীৰ আৰু শক্তিৰ প্ৰতীক । ই ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিৰ প্ৰতীক ।

তেওঁ আৰু কয় যে মই কৈছিলোঁ যে এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন । সংসদৰ এই অধিবেশন ভাৰতক মহিমামণ্ডিত কৰাৰ অধিৱেশন । বিজয় উদযাপনৰ কথা কওঁতে ক’ব বিচাৰিছো যে এইটো সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় মাটিত মিলাই দিয়াৰ বিজয় উদযাপন । এই বিজয় উদযাপন হৈছে সেন্দুৰৰ শপত পূৰণৰ । এই বিজয় উদযাপন ১৪০ কোটি ভাৰতীয়ৰ ঐক্য আৰু বিজয়ৰ কথা । এই বিজয়ৰ অনুভূতি লৈ মই এই সদনত ভাৰতৰ পক্ষ দাঙি ধৰিবলৈ থিয় দিছো । ভাৰতৰ পক্ষ চাব নোৱাৰা সকলক আইনা দেখুৱাবলৈ থিয় দিছো ।

দৰাচলতে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত অপাৰেচন সিন্দুৰৰ আলোচনাক বিজয়োৎসৱৰ সৈতে সংযোগ কৰি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়ে, য’ত তেওঁলোকে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ ক্ষেত্ৰত মোদী চৰকাৰক সমালোচনা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই এই সদনত ভাৰতৰ পক্ষ দাখিল কৰিবলৈ থিয় দিছো । এইদৰে তেওঁ পুনৰবাৰ স্পষ্ট কৰি দিয়ে যে তেওঁ ভাৰতৰ প্ৰতিনিধি আৰু সেই ক্ষমতাত তেওঁ এই অভিযানৰ দায়িত্ব আৰু জবাবদিহিতা গ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এই বাক্যৰ জৰিয়তে বিৰোধী দলসমূহক আইনা দেখুৱাই । অপাৰেচন সিন্দুৰত ত্ৰুটি বিচাৰি চৰকাৰক শলঠেকত পেলাবলৈ অহৰহ চেষ্টা চলাই আহিছে বিৰোধীয়ে । সংসদত বিশেষ আলোচনাৰ সময়ত বিৰোধী দলৰ অধিকাংশ সাংসদে এই কথা প্ৰতকিপন্ন কৰিবলৈ মনোনিৱেশ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এটা বাক্যৰে সেই সকলো সমালোচনাৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে । ভাৰতৰ পক্ষ চাব নোৱাৰাসকলক দাপোন দেখুৱাবলৈ লোকসভাত ভাষণ দিছে বুলিও তেওঁ কয় । সেনাবাহিনী আৰু ইয়াৰ সৈতে জড়িত ভাৰতৰ পক্ষৰ সফলতা তেওঁ দেশৰ সন্মুখত উপস্থাপন কৰিছে বুলি কয় তেওঁ ।

প্ৰধানমন্ত্ৰী মোদীয়ে সেনাবাহিনীক মুক্ত হাত দিয়াৰ কথা কওঁতে কয় যে সন্ত্ৰাসবাদীক এনেদৰে শাস্তি দিয়াত আমি গৌৰৱান্বিত যে আজিও সন্ত্ৰাসবাদীৰ ৰক্ষকৰ টোপনি নাহে । তেওঁ কয় যে ভাৰত-পাকিস্তানে বহুবাৰ যুদ্ধ কৰিছে, কিন্তু প্ৰথমবাৰৰ বাবে ভাৰতে পাকিস্তানৰ সেই ঠাইবোৰত উপনীত হোৱাৰ কৌশল ৰচনা কৰিলে, য’ত আগতে কেতিয়াও নাছিল । আমাৰ সৈন্যই পাকিস্তানৰ চুক-কোণত থকা সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰাই নহয়, ধ্বংসও কৰে । অপাৰেচন সিন্দুৰে প্ৰমাণ কৰিলে যে ভাৰতে নিজৰ চৰ্তত নিজৰ ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ।

লগতে পঢ়ক : কংগ্ৰেছক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ; ক’লে- প্ৰশ্ন কৰাৰ অধিকাৰ নাই, নেহৰু-ইন্দিৰা গান্ধীৰ কথাও উল্লেখ