কাৰ্গিল বিজয় দিৱস : ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি কৃতজ্ঞ ৰাষ্ট্ৰই শ্বহীদক জনালে শ্ৰদ্ধাঞ্জলি…

কাৰ্গিল বিজয় দিৱস : ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি কৃতজ্ঞ ৰাষ্ট্ৰই শ্বহীদক জনালে শ্ৰদ্ধাঞ্জলি…

কাৰ্গিল বিজয় দিৱস কাৰ্গিলৰ বীৰ শ্বহীদ সকলক আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী আৰু সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কয় যে আজিৰ দিনটো ভাৰতীয় সেনাৰ বীৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব, সাহস আৰু দৃঢ়তাৰ প্ৰতীক । এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক

কাৰ্গিল বিজয় দিৱস

কাৰ্গিলৰ বীৰ শ্বহীদ সকলক আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী আৰু সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কয় যে আজিৰ দিনটো ভাৰতীয় সেনাৰ বীৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব, সাহস আৰু দৃঢ়তাৰ প্ৰতীক । এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনায় । দেশৰ আত্মসন্মান ৰক্ষা কৰা শ্বহীদসকলক স্মৰণ কৰি তেওঁ কয় যে মাতৃভূমিৰ বাবে মৃত্যুবৰণ কৰা জোৱানসকলৰ আত্মাই ভৱিষ্যত প্ৰজন্মকো অনুপ্ৰাণিত কৰিব ।

কাৰ্গিলৰ শ্বহীদসকলক স্মৰণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ-

১৯৯৯ চনত পাকিস্তানৰ আগ্ৰাসনৰ প্ৰতি ভাৰতীয় সেনাই যি ধৰণে প্ৰত্যুত্তৰ দিছিল সেই কথা সোঁৱৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাৰ্গিল বিজয় দিৱসৰ দিনটোত কয় যে জোৱানসকলৰ নিষ্ঠা আৰু সৰ্বোচ্চ ত্যাগে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি-

২৬ বছৰ পূৰ্বে কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ শ্বহীদসকলক ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে ।

কাৰ্গিল শ্বহীদলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি-

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বীৰ শ্বীহসকলৰ ত্যাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ এক্স হেণ্ডেলত এটা পোষ্টত লিখিছে, ‘কাৰ্গিল বিজয় দিৱসত অত্যন্ত কঠিন পৰিস্থিতিতো দেশৰ সন্মান ৰক্ষাৰ ক্ষেত্ৰত অসাধাৰণ সাহস, ধৈৰ্য্য আৰু দৃঢ়তা প্ৰদৰ্শন কৰা বীৰ জোৱানসকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো । কাৰ্গিল যুদ্ধৰ সময়ত তেওঁলোকৰ পৰম ত্যাগ আমাৰ সশস্ত্ৰ বাহিনীৰ অটল সংকল্পৰ চিৰন্তন সোঁৱৰণী । তেওঁলোকৰ সেৱাৰ বাবে ভাৰত সদায় ঋণী হৈ থাকিব ।’

কাৰ্গিলৰ শ্বহীদসকলক স্মৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ-

২৬ বছৰ পূৰ্বে পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিয়া ভাৰতৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে, অপাৰেচন বিজয় শত্ৰুক আঁঠু ল’বলৈ বাধ্য কৰাৰ এক অমৰ নিদৰ্শন ।

লগতে পঢ়ক : বিশ্বজুৰি মোদীৰ যাদু; ট্ৰাম্প আৰু মেলনীক পিছ পেলাই আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত

শেহতীয়া প্ৰৱন্ধসমূহ