কাৰ্গিল বিজয় দিৱস : ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি কৃতজ্ঞ ৰাষ্ট্ৰই শ্বহীদক জনালে শ্ৰদ্ধাঞ্জলি…

কাৰ্গিল বিজয় দিৱস

কাৰ্গিলৰ বীৰ শ্বহীদ সকলক আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী আৰু সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কয় যে আজিৰ দিনটো ভাৰতীয় সেনাৰ বীৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব, সাহস আৰু দৃঢ়তাৰ প্ৰতীক । এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনায় । দেশৰ আত্মসন্মান ৰক্ষা কৰা শ্বহীদসকলক স্মৰণ কৰি তেওঁ কয় যে মাতৃভূমিৰ বাবে মৃত্যুবৰণ কৰা জোৱানসকলৰ আত্মাই ভৱিষ্যত প্ৰজন্মকো অনুপ্ৰাণিত কৰিব ।

কাৰ্গিলৰ শ্বহীদসকলক স্মৰণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ-

১৯৯৯ চনত পাকিস্তানৰ আগ্ৰাসনৰ প্ৰতি ভাৰতীয় সেনাই যি ধৰণে প্ৰত্যুত্তৰ দিছিল সেই কথা সোঁৱৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাৰ্গিল বিজয় দিৱসৰ দিনটোত কয় যে জোৱানসকলৰ নিষ্ঠা আৰু সৰ্বোচ্চ ত্যাগে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি-

২৬ বছৰ পূৰ্বে কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ শ্বহীদসকলক ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে ।

কাৰ্গিল শ্বহীদলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি-

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বীৰ শ্বীহসকলৰ ত্যাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ এক্স হেণ্ডেলত এটা পোষ্টত লিখিছে, ‘কাৰ্গিল বিজয় দিৱসত অত্যন্ত কঠিন পৰিস্থিতিতো দেশৰ সন্মান ৰক্ষাৰ ক্ষেত্ৰত অসাধাৰণ সাহস, ধৈৰ্য্য আৰু দৃঢ়তা প্ৰদৰ্শন কৰা বীৰ জোৱানসকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো । কাৰ্গিল যুদ্ধৰ সময়ত তেওঁলোকৰ পৰম ত্যাগ আমাৰ সশস্ত্ৰ বাহিনীৰ অটল সংকল্পৰ চিৰন্তন সোঁৱৰণী । তেওঁলোকৰ সেৱাৰ বাবে ভাৰত সদায় ঋণী হৈ থাকিব ।’

কাৰ্গিলৰ শ্বহীদসকলক স্মৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ-

২৬ বছৰ পূৰ্বে পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিয়া ভাৰতৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে, অপাৰেচন বিজয় শত্ৰুক আঁঠু ল’বলৈ বাধ্য কৰাৰ এক অমৰ নিদৰ্শন ।

লগতে পঢ়ক : বিশ্বজুৰি মোদীৰ যাদু; ট্ৰাম্প আৰু মেলনীক পিছ পেলাই আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত

ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ; সুস্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ

জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো । প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত কয়, “শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে । তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।”

ধনখড়ৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ-

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ধনখড়ে কয় যে তেওঁ ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ’ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদ এৰিব । ধনখড়ে ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত কয়, ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি, মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো ।’ ২০২২ চনৰ আগষ্ট মাহত ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল ।

উপাধ্যক্ষই কৰিলে সদনৰ কাম-কাজৰ অধ্যক্ষতা-

স্বাস্থ্যজনিত কাৰণত সোমবাৰে সন্ধিয়া ধনখড়ে পদৰ পৰা পদত্যাগ কৰে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে মঙলবাৰে সদনৰ পুৱাৰ কাৰ্যসূচীৰ অধ্যক্ষতা কৰে ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশে ।

উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহত ধনখৰে উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যসভাৰ অধ্যক্ষ ধনখড়ে উপ-ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰে ।

লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন; ৰাষ্ট্ৰপতিয়ে দিলে অনুমোদন

২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন

২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । ২১ আগষ্টলৈকে চলিব এই অধিৱেশন । এই তথ্য বুধবাৰে প্ৰদান কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে । পূৰ্বে ১২ আগষ্টত অধিৱেশন সমাপ্ত হ’বলগীয়া আছিল যদিও এতিয়া এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে । পহলগাম আক্ৰমণৰ পিছত চলি থকা এই সংসদ অধিৱেশন অতি উত্তাল হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে মঙলবাৰে সামাজিক মাধ্যমত যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন আহ্বান কৰিবলৈ চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে । কিন্তু স্বাধীনতা দিৱস উদযাপনৰ কথা মনত ৰাখি ১৩ আৰু ১৪ আগষ্টত কোনো বৈঠক অনুষ্ঠিত নহয় ।

তিনিমাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত ২১ জুলাইৰ পুৱা ১১ বজাত দুয়োটা সংসদ সদনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা । ইয়াৰ পূৰ্বে ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে এই তাৰিখৰ পৰামৰ্শ দিছিল । তেওঁ কয় যে ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শত অনুমোদন জনাইছে । এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিধেয়ক আৰু বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হোৱাৰ সম্ভাৱনা আছে । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাভিযোগ দাখিলৰ প্ৰস্তাৱ অনাৰ প্ৰস্তুতি চলোৱা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত বিৰোধী দলসমূহৰ সৈতে আলোচনাৰ দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন কেবিনেটৰ; হ’ব এইসমূহ ঐতিহাসিক পৰিৱৰ্তন

উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিলে  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

যোৱা মাহত উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছিল । তামিলনাডুৰ ৰাজ্যপালৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যপালে বিধেয়কসমূহ অনিৰ্দিষ্টকাললৈ ধৰি ৰাখিব নোৱাৰে । উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াৰ উত্তৰত তেওঁ উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিছে । এই প্ৰশ্নসমূহ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ সৈতে জড়িত ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ত সোধা প্ৰশ্নসমূহ সংবিধানৰ ২০০, ২০১, ৩৬১, ১৪৩, ১৪২, ১৪৫(৩) আৰু ১৩১ নং অনুচ্ছেদৰ সৈতে জড়িত । ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰিছে যে যেতিয়া ৰাজ্যপালৰ ওচৰলৈ কোনো বিধেয়ক আহে তেতিয়া ৰাজ্যপালৰ হাতত কি বিকল্প থাকে আৰু ৰাজ্যপালগৰাকীয়ে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নেকি ? একেদৰে ৰাষ্ট্ৰপতিগৰাকীয়ে মুঠ ১৪টা প্ৰশ্ন কৰিছে ।

এই বিষয়টো আৰম্ভ হৈছিল তামিলনাডুৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদৰ পিছত । ৰাজ্য চৰকাৰৰ বিল ৰাখি দিছিল ৰাজ্যপালে । ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৰাজ্যপালৰ কোনো ভেটো ক্ষমতা নাই । ৰাজ্যপালে প্ৰেৰণ কৰা বিধেয়কখনৰ সন্দৰ্ভত ৩ মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল’ব লাগিব বুলি আদালতে জানিবলৈ দিয়ে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে এই প্ৰশ্নসমূহ উচ্চতম ন্যায়ালয়ক সুধিছে-

-বিধেয়ক অহাৰ পিছত ৰাজ্যপালৰ হাতত কি কি সাংবিধানিক বিকল্প আছে ?

-সিদ্ধান্ত লোৱাৰ সময়ত ৰাজ্যপালে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামূলক নেকি ?

-ৰাজ্যপালৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰিনে

-৩৬১ নং অনুচ্ছেদে ৰাজ্যপালৰ সিদ্ধান্তৰ ন্যায়িক পৰ্যালোচনাত বাধা দিব পাৰিবনে ?

-সংবিধানত যদি ৰাজ্যপালৰ কোনো সময়সীমা নাই তেন্তে আদালতে সিদ্ধান্ত ল’ব পাৰিবনে ?

-ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰিনে ?

-আদালতে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰিবনে ?

-ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাটো বাধ্যতামূলক নেকি ?

-১৪২ নং অনুচ্ছেদৰ সৈতে জড়িত এটা প্ৰশ্ন উত্থাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰে যে ১৪২ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ সাংবিধানিক কাৰ্য্য আৰু আদেশ সলনি কৰিব পাৰি নেকি ?

ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৫, বিভিন্ন ক্ষেত্ৰৰ এই ব্যক্তিসকলে লাভ কৰিলে সন্মান

আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰে । প্ৰথম পৰ্যায়ত ৭১ গৰাকী বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হয় । এইবাৰ ১৩৯ জন লোকক পদ্ম বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

পদ্ম বিভূষণ- এম টি বাসুদেৱন নায়ৰ (মৰণোত্তৰ)

এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মালয়ালম ভাষা, সাহিত্য আৰু চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু বক্তা মালয়ালমৰ প্ৰখ্যাত সাহিত্যিক এম টি বাসুদেৱন নায়ৰক পদ্ম বিভূষণ প্ৰদান কৰা হয় ।

পদ্ম বিভূষণ- ড° দুব্বুৰ নাগেশ্বৰ ৰেড্ডী

তেলেংগানাৰ বিশিষ্ট গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ দুব্বুৰ নাগেশ্বৰ ৰেড্ডীক তেওঁৰ যুগান্তকাৰী এণ্ডোস্কোপিৰ প্ৰগতি আৰু অগ্ৰণী চিকিৎসা গৱেষণাৰ বাবে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয় ।

ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়মক পদ্ম বিভূষণ বঁটা প্ৰদান-

এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিল্প-সংগীতৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়ামক পদ্ম বিভূষণেৰে সন্মানিত কৰে । উল্লেখ্য যে ড° সুব্ৰমণিয়াম এজন বিখ্যাত ভায়লিনবাদক । কৰ্ণটক আৰু পাশ্চাত্য সংগীতত পাৰ্গত আৰু সংগীতৰ অনন্য শৈলীৰ বাবেও পৰিচিত সুব্ৰমণিয়ম ।

পদ্ম বিভূষণ- ওছামু চুজুকি (মৰণোত্তৰ)

ইফালে, চুজুকি মটৰ কৰ্প’ৰেশ্যনৰ প্ৰাক্তন মুৰব্বী প্ৰয়াত জাপানী উদ্যোগপতি ওছামু চুজুকিক মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ (বাণিজ্য আৰু উদ্যোগত) প্ৰদান কৰা হয় । উল্লেখ্য যে ওছামু চুজুকিয়ে ভাৰতক দ্বিতীয় ঘৰ বুলি গণ্য কৰিছিল । তেওঁৰ পুত্ৰ তথা চুজুকি মটৰৰ চি ই অ’ তোছিহিৰো চুজুকিয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে ।

পদ্ম ভূষণঃ

বিনোদ কুমাৰ ধাম-

বিজ্ঞান আৰু অভিযান্ত্ৰিক দিশত আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ী তথা প্ৰযুক্তিবিদ বিনোদ কুমাৰ ধামক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । ভাৰতীয়-আমেৰিকান অভিযন্তা বিনোদ ধাম, যাক ‘পেণ্টিয়াম চিপৰ পিতৃ’ বুলিও জনা যায় ।

অভিনেতা নন্দমুৰি বালকৃষ্ণ-

অন্ধ্ৰ প্ৰদেশৰ তেলেগু অভিনেতা তথা ৰাজনীতিবিদ নন্দমুৰি বালকৃষ্ণক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয় । পাঁচ দশকজুৰি চলি থকা কেৰিয়াৰত তেওঁ ভাৰতীয় চিনেমা আৰু জনজীৱনত এক পাহৰিব নোৱৰা চিন ৰাখিছে ।

এইবাৰ ১৩৯ গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হয়-

ৰাষ্ট্ৰপতিয়ে ২০২৫ বৰ্ষৰ বাবে ১৩৯টা পদ্ম বঁটা প্ৰদানৰ বাবে অনুমোদন জনাইছে । এই তালিকাত আছে ৭টা পদ্ম বিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটা । বঁটাপ্ৰাপকসকলৰ ভিতৰত ২৩গৰাকী মহিলা আৰু এই তালিকাত বিদেশী/এন আৰ আই/পি আই অ’/অ’ চি আই শিতানৰ ১০জন ব্যক্তি আৰু ১৩গৰাকী মৰণোত্তৰ বঁটা প্ৰাপককো অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে, ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ, উচ্চতম পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰতে বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হয় । প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই বঁটা ঘোষণা কৰা হয় ।

‘পৰ্যটকক আক্ৰমণ কৰাটো ভয়ংকৰ আৰু অক্ষমণীয়…’, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা ৰাষ্ট্ৰপতি মুৰ্মুৰ

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত পৰ্যটকক লক্ষ্য কৰি লোৱা হয় । দুপৰীয়া এই সুন্দৰ উপত্যকা চাবলৈ অহা পৰ্যটকৰ ওপৰত হঠাৎ গুলীচালনা আৰম্ভ কৰে সন্ত্রাসবাদীয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে চৌদিশে বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বহু লোক গুলীৰ আঘাতত বাগৰি পৰে ।

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই আক্ৰমণত দুজন বিদেশীকে ধৰি দুইজনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । আনহাতে এই ঘটনাত কমেও ২০ জন লোক আহত হৈছে । এজন জ্যেষ্ঠ বিষয়াই মৃতকৰ সংখ্যা নিশ্চিত নকৰিলেও সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ইংগিত দিয়ে ।

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণ চাঞ্চল্যকৰ আৰু বেদনাদায়ক বুলি কয় । এইটো এটা নিষ্ঠুৰ আৰু অমানৱীয় কাৰ্য্য যিটোক স্পষ্টভাৱে নিন্দা কৰিব লাগে । নিৰীহ সাধাৰণ নাগৰিক আৰু পৰ্যটকক আক্ৰমণ কৰাটো অত্যন্ত ভয়ংকৰ আৰু অক্ষমনীয় । আপোনজনক হেৰুৱা পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।

এই ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ‘এক্স’ত কয়- জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । নিহতৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।

লিছবনত উপস্থিত মুৰ্মু… ২৭ বছৰৰ পাছত পৰ্তুগাললৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ

দেওবাৰে নিশা (স্থানীয় সময় অনুসৰি) পৰ্তুগালৰ ৰাজধানী লিছবনত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । ইয়াৰ লগে লগে ৭ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ পৰ্তুগাল আৰু শ্লোভাকিয়ালৈ চাৰিদিনীয়া ভ্ৰমণ আৰম্ভ হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ । পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ আমন্ত্ৰণত মুৰ্মুৱে এই ভ্ৰমণ কৰিছে । এয়া পতুৰ্গাললৈ ২৭ বছৰৰ মূৰত কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ ভ্ৰমণ । ইয়াৰ পূৰ্বে ১৯৯৮ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে পৰ্তুগাল ভ্ৰমণ কৰিছিল ।

২৯ বছৰৰ পাছত শ্লোভাকিয়া ভ্ৰমণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ-

ৰাষ্ট্ৰপতি মুৰ্মু ৯ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ শ্লোভাকিয়াত থাকিব । শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিৰ আমন্ত্ৰণত এই ভ্ৰমণ কৰিছে মুৰ্মুৱে । বিগত ২৯ বছৰৰ পিছত কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণ ।

ৰাষ্ট্ৰপতি মুৰ্মুৰ ভ্ৰমণক লৈ কি ক’লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ?

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে দেওবাৰে টুইটাৰত এটা পোষ্টত লিখিছে, ‘ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু পৰ্তুগাল আৰু শ্লোভাক গণৰাজ্যলৈ ভ্ৰমণৰ বাবে ৰাওনা হৈছে । ২৫ বছৰতকৈও অধিক সময়ৰ ভিতৰত এই দুখন দেশলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ভ্ৰমণ ।

ভাৰত-পৰ্তুগাল কূটনৈতিক সম্পৰ্কৰ পঞ্চাশ বছৰ-

বৈদেশিক সচিব (পশ্চিম) তনমায়ালালে কয় যে, এই ভ্ৰমণে এই দুয়োজন গুৰুত্বপূৰ্ণ ইউৰোপীয় অংশীদাৰৰ সৈতে ভাৰতৰ বহুমুখী সহযোগিতাক আৰু অধিক সম্প্ৰসাৰিত কৰিব । তেওঁ ইয়াক এক গুৰুত্বপূৰ্ণ ঐতিহাসিক ভ্ৰমণ বুলি অভিহিত কৰে । পৰ্তুগাল ভ্ৰমণ সন্দৰ্ভত সবিশেষ ভাগ-বতৰা কৰি সচিব তন্ময় লালে কয় যে ভাৰত আৰু পৰ্তুগালে বৰ্তমান কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ ঐতিহাসিক হৈ পৰিছে । এই ভ্ৰমণে ‘দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰিব’ ।

আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক… ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিলে মঞ্জুৰি

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ এতিয়া আইনত পৰিণত হৈছে । এই বিধেয়কখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছে । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পূৰ্বে দুয়োখন সদনে ৱাকফ বিধেয়কখন গৃহীত কৰে ।

চৰকাৰে এক অধিসূচনাযোগে কয় যে, ‘সংসদে গৃহীত কৰা ৱাকফ সংশোধনী আইনখনে ২০২৫ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে সাধাৰণ তথ্যৰ বাবে প্ৰকাশ কৰা হৈছে : ৱাকফ (সংশোধনী) আইন, ২০২৫ ।’

শুকুৰবাৰে পুৱা ৰাজ্যসভাত দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত শাসক আৰু বিৰোধীৰ মাজত উত্তপ্ত আদান-প্ৰদানৰ অন্তত ৱাকফ (সংশোধনী) বিধেয়কখন গৃহীত হয় । ৰাজ্যসভাত এই বিধেয়কখনৰ ওপৰত প্ৰায় ১৪ ঘন্টা বিতৰ্ক হৈ ১২৮টা ভোট সপক্ষে আৰু ৯৫টা বিপক্ষে ভোটদান কৰাৰ পিছতে বিধেয়কখন গৃহীত হয় । ইয়াৰ পূৰ্বে প্ৰায় ১২ ঘণ্টীয়া বিতৰ্কৰ অন্তত লোকসভাই অনুমোদন জনাইছিল, য’ত ২৮৮টা ভোট সপক্ষে আৰু ২৩২টা ভোট বিপক্ষে পৰিছিল ।

বিৰোধী দলসমূহৰ বিৰোধিতা-

দুয়োখন সদনত বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়ত বিৰোধী দলসমূহে বিধেয়কখনক মুছলমান বিৰোধী আৰু অসাংবিধানিক বুলি অভিহিত কৰি তীব্ৰ আপত্তি উত্থাপন কৰে, আনহাতে চৰকাৰে ঐতিহাসিক সংস্কাৰে সংখ্যালঘু সম্প্ৰদায়ক উপকৃত কৰিব বুলি উত্তৰ দিয়ে । লগতে কয় যে, ৱাকফৰ সম্পত্তি পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰা হ’ব ।

উচ্চতম ন্যায়ালয়ত ৪ খন আবেদন দাখিল-

শনিবাৰে এই আইনৰ বিধান কাৰ্যকৰী বা বলবৎ কৰাত নিষেধাজ্ঞা আৰোপ কৰি উচ্চতম ন্যায়ালয়ত আৰু দুখন আবেদন দাখিল কৰা হয় । এখন আৱেদন দাখিল কৰিছে দিল্লীৰ আম আদমি পাৰ্টিৰ বিধায়ক তথা ৱাকফত কেলেংকাৰী আৰু আত্মসাৎৰ অভিযোগত অভিযুক্ত আমনাতুল্লাহ খানে, আনহাতে আনখন আবেদন দাখিল কৰিছে এছ’চিয়েশ্যন ফৰ দ্য প্ৰটেকচন ইন দ্য মেটাৰ্ছ অৱ চিভিল ৰাইটছ নামৰ সংস্থাটোৱে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদ আৰু এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়ে উচ্চতম ন্যায়ালয়ত ৱাকফ (সংশোধনী) বিধেয়কখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই কয় যে ই সাংবিধানিক বিধান উলংঘা কৰিছে ।

‘তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ধেমালি কৰা নাই’; ট্ৰাম্পে ক’লে–  ইয়াৰ বাবে বহু উপায় আছে

চাৰি বছৰৰ পাছত নিৰ্বাচনত জয়ী হৈ আমেৰিকাত পুনৰ ক্ষমতালৈ অহা ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তৃতীয় কাৰ্যকালৰ সন্দৰ্ভত ধেমালি কৰা নাই । তেওঁ কয়, যদিও এতিয়াই তেনে কৰাৰ কথা ভবাতো সোনকাল হ’ব পাৰে, তথাপিও কৰিব পৰাৰ উপায় আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে, ‘মই ধেমালি কৰা নাই, কিন্তু এই বিষয়ে চিন্তা কৰাটো এতিয়া সোনকাল হ’ব ।’ উল্লেখ্য যে আমেৰিকাৰ সংবিধানৰ নিয়ম অনুসৰি কোনো নেতাই তৃতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰে ।

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ কাৰ্যকাল দুটা, ট্ৰাম্পে ক’লে- বহু উপায় আছে…

এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, “আপুনি জানে যে, আপুনি সেইটো কৰিব পৰা উপায় আছে ।” কিন্তু কোনো পদ্ধতিৰ বিষয়ে বিতংভাৱে ক’বলৈ তেওঁ অস্বীকাৰ কৰে । মন কৰিবলগীয়া যে আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক দুটা কাৰ্যকাল লাভ কৰিব পাৰে । যদি কোনো প্ৰাৰ্থীয়ে এটা চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত নিৰ্বাচনত পৰাস্ত হয় তেন্তে পৰৱৰ্তী সময়তো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । বৰ্তমানৰ ট্ৰাম্পৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসনত অধিষ্ঠীত হৈছে ।

কোনবোৰ সিদ্ধান্তৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰিছে ট্ৰাম্পে-

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ জানুৱাৰীত ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । দ্বিতীয় আৰু অন্তিম কাৰ্যকালত তেওঁ বহু আগ্ৰাসী সিদ্ধান্ত লৈছে । এনে পৰিস্থিতিত তেওঁৰ নীতিক লৈ বহু জল্পনা-কল্পনা চলি আছে । ট্ৰাম্পৰ কাৰ্যকালৰ প্ৰথম দুমাহত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈছে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন, আমেৰিকাৰ শুল্ক নীতি, কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে গঢ়ি তোলা আৰু মেক্সিকো সন্দৰ্ভত ট্ৰাম্পৰ নীতি ।