নাগ এম কে-২ৰ সফল পৰীক্ষণ…শত্ৰুৰ টেংকক লক্ষ্য কৰি ল’ব স্বদেশী এণ্টি টেংক গাইডেড মিছাইলে

থলুৱা এণ্টি-টেংক গাইডেড মিছাইল নাগৰ দ্বিতীয় সংস্কৰণ, ‘নাগ এম কে ২’য়ে এতিয়া নতুন শক্তিৰে শত্ৰুৰ টেংক ধ্বংস কৰিব । ভাৰতে এই তৃতীয় প্ৰজন্মৰ মিছাইলৰ ক্ষেত্ৰ মূল্যায়ন পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে এই পৰীক্ষা শেহতীয়াকৈ ৰাজস্থানৰ পোখৰাণৰ ফায়াৰিং ৰেঞ্জত জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ উপস্থিতিত কৰা হৈছিল ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, তিনিটা ক্ষেত্ৰ পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰ ব্যৱস্থাই সৰ্বোচ্চ আৰু সৰ্বনিম্ন দূৰত্বত সকলো লক্ষ্য সঠিকভাৱে ধ্বংস কৰিছিল । ইয়াৰ ফলত ইয়াৰ ফায়াৰিং ৰেঞ্জ নিশ্চিত হ’ল । নাগ মিছাইল বাহক সংস্কৰণ-২ৰো ক্ষেত্ৰভিত্তিক মূল্যায়ন কৰা হৈছিল । ইয়াৰ লগে লগে এই সমগ্ৰ অস্ত্ৰ প্ৰণালী এতিয়া ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে বুলি মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে ।

ডি আৰ ডি অ’, সেনাবাহিনীক অভিনন্দন জনালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে-

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নাগ এম কে ২ৰ সম্পূৰ্ণ অস্ত্ৰ প্ৰণালীৰ সফল ক্ষেত্ৰ মূল্যায়ন পৰীক্ষাৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), ভাৰতীয় সেনা আৰু উদ্যোগক অভিনন্দন জনায় । ডি আৰ ডি অ’ৰ অধ্যক্ষ সমীৰ ভি কামাটে এই ক্ষেপণাস্ত্ৰ সেনাবাহিনীত প্ৰৱেশৰ বাবে সাজু কৰি তোলাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।

বিজয় দিৱস ২০২৪ : প্ৰত্যেকজন ভাৰতীয়ৰ বাবে অতি বিশেষ দিন ১৬ ডিচেম্বৰ, জানক ইয়াৰ ইতিহাস আৰু গুৰুত্ব…

প্ৰতি বছৰে ১৬ ডিচেম্বৰ দিনটো ভাৰতত বিজয় দিৱস হিচাবে পালন কৰা হয় । কাৰণ ১৯৭১ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ভাৰতে এক ঐতিহাসিক বিজয় অৰ্জন কৰিছিল । এই বিজয়ৰ বাবেই বাংলাদেশে নিজৰ অস্তিত্ব লাভ কৰিলে । কেইবাদিনো চলা এই যুদ্ধত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱান আৰু বাংলাদেশ মুক্তি বাহিনীৰ সদস্যই প্ৰাণ আহুতি দিছিল, সেইবাবেই এই যুদ্ধৰ বিজয় ভাৰতৰ সপক্ষে আছিল । এই যুদ্ধত প্ৰাণ আহুতি দিয়া সেই বীৰ জোৱান আৰু সাধাৰণ নাগৰিকক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ১৬ ডিচেম্বৰ দিনটো বিজয় দিৱস হিচাবে পালন কৰা হয় ।

এনেকৈ আৰম্ভ হৈছিল যুদ্ধ-

বিভাজনৰ পিছত বৰ্তমান বাংলাদেশ নামেৰে জনাজাত পাকিস্তানৰ পূব অংশত সাংস্কৃতিক আৰু ৰাজনৈতিক বৈষম্যৰ বাবে উত্তেজনা বৃদ্ধি পায় । পাকিস্তানে পূব অংশত গণহত্যা, ধৰ্ষণ আৰু মানৱ অধিকাৰ উলংঘাৰ সকলো সীমা অতিক্ৰম কৰিছিল । ইয়াৰ বাবেই ১৯৭১ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে তাত থকা জনসাধাৰণে স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল যদিও পাকিস্তানে ইয়াৰ ওপৰত দমনমূলক নীতি গ্ৰহণ কৰিছিল । এনে পৰিস্থিতিত মানৱতাৰ স্বাৰ্থত ভাৰতে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামক সমৰ্থন কৰিছিল, যিটো পাকিস্তানৰ বিৰুদ্ধে যুদ্ধলৈ পৰিণত হৈছিল ।

১৯৭১ চনৰ ৩ ডিচেম্বৰত ভাৰত–পাকিস্তান যুদ্ধ আৰম্ভ হৈছিল আৰু ই ১৩ দিন ধৰি চলিছিল । ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানী সেনাই ঢাকাত ভাৰতীয় সেনা আৰু বাংলাদেশী মুক্তি বাহিনীৰ হাতত আত্মসমৰ্পণ কৰে । এই যুদ্ধৰ শেষত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰে, যিটো ইতিহাসৰ যিকোনো যুদ্ধৰ আটাইতকৈ ডাঙৰ আত্মসমৰ্পণ বুলি গণ্য কৰা হয় ।

১৬ ডিচেম্বৰৰ সন্ধিয়া জেনেৰেল নিয়াজীয়ে আত্মসমৰ্পণৰ কাগজত স্বাক্ষৰ কৰে । যেতিয়া নিয়াজীয়ে আত্মসমৰ্পণৰ নথি-পত্ৰত চহী কৰে, তেতিয়া তেওঁ নিজৰ ৰিভলভাৰটো জেনেৰেল অৰোৰাক গতাই দিয়ে । এই সময়ছোৱাত নিয়াজীৰ চকুত চকুলো ওলাই আহিছিল ।

ভাৰতৰ ভূমিকা কি আছিল ?

এই যুদ্ধৰ পিছত ভাৰতে কেৱল বাংলাদেশক সামৰিক সাহায্য প্ৰদান কৰাই নহয় পাকিস্তান সেনাই সংঘটিত কৰা হিংসাত্মক পৰিস্থিতিৰ পৰা পলায়ন কৰা লাখ লাখ শৰণাৰ্থীকো আশ্ৰয় প্ৰদান কৰিছিল । প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতে নিৰ্ণায়ক ভূমিকা পালন কৰিছিল ।

এনে পৰিস্থিতিত ১৬ ডিচেম্বৰৰ দিনটো ভাৰতৰ সামৰিক শক্তি আৰু কূটনৈতিক নেতৃত্বৰ প্ৰতীক । এই যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ জোৱান আৰু অসামৰিক লোকলৈ শ্ৰদ্ধাঞ্জলি জনাই পালন কৰা হয় এই দিৱস । আজিৰ দিনটোত ভাৰতৰ সামৰিক প্ৰতিষ্ঠানসমূহত পেৰেড আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু জোৱানসকলৰ অদম্য সাহসক চেলুট দিয়া হয় ।