লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ হ’ব দেশৰ পৰৱৰ্তী সেনা প্ৰধান

লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ হ’ব দেশৰ পৰৱৰ্তী সেনা প্ৰধান

ভাৰতীয় সেনা বাহিনীত এক ডাঙৰ সালসলনি ঘটিবলৈ গৈ আছে । লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক দেশৰ পৰৱৰ্তী সেনা প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক দেশৰ পৰৱৰ্তী সেনা প্ৰধান (Chief of the Army Staff) হিচাপে নিযুক্তি প্ৰদান কৰিছে । অহা

ভাৰতীয় সেনা বাহিনীত এক ডাঙৰ সালসলনি ঘটিবলৈ গৈ আছে । লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক দেশৰ পৰৱৰ্তী সেনা প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।

কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক দেশৰ পৰৱৰ্তী সেনা প্ৰধান (Chief of the Army Staff) হিচাপে নিযুক্তি প্ৰদান কৰিছে । অহা ৩০ জুনৰ আবেলিৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক জেনেৰেলৰ মূল পদবীত এই নিযুক্তি দিয়া হৈছে । বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৩০ জুনত অৱসৰ গ্ৰহণ কৰিব আৰু একেদিনাই লেফটেনেণ্ট জেনেৰেল শেঠে নতুন সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব । উল্লেখ্য যে, শেঠ বৰ্তমান উপ-সেনা প্ৰধান হিচাপে কৰ্মৰত হৈ আছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰশংসা

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ৰ জৰিয়তে এই নিযুক্তিৰ কথা ঘোষণা কৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে লেফটেনেণ্ট জেনেৰেল শেঠৰ দীৰ্ঘদিনীয়া আৰু গৌৰৱোজ্জ্বল কৰ্মজীৱনৰ শলাগ লয় । মন্ত্ৰালয়ে উল্লেখ কৰে যে, প্ৰায় চাৰি দশক জোৰা সামৰিক জীৱনত পি ভি এছ এম, ইউ ৱাই এছ এম, এ ভি এছ এম অলংকাৰেৰে বিভূষিত লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠে বিভিন্ন গুৰুত্বপূৰ্ণ অপাৰেচনেল, ষ্টাফ আৰু কৌশলগত পদবীত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি দেশলৈ অপৰিসীম বৰঙণি যোগাইছে ।

প্ৰায় চাৰি দশকৰ সামৰিক অভিজ্ঞতা

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী, খড়কৱাছলাৰ প্ৰাক্তন ছাত্ৰ লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ ১৯৮৬ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় সেনাৰ ‘আৰ্মাৰ্ড কৰ্পছ’-ত কমিচন লাভ কৰিছিল । বিগত প্ৰায় ৪০ বছৰীয়া সামৰিক জীৱনত তেওঁ লাভ কৰা ব্যাপক অভিজ্ঞতাই ভাৰতীয় সেনাৰ যুদ্ধ ক্ষমতা বৃদ্ধি আৰু দীৰ্ঘম্যাদী আধুনিকীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

প্ৰত্যাহ্বানমূলক ক্ষেত্ৰত সফল নেতৃত্ব

লেফটেনেণ্ট জেনেৰেল শেঠে সামৰিক বাহিনীৰ প্ৰতিটো স্তৰতে অত্যন্ত সফলতাৰে নেতৃত্ব দি আহিছে । তেওঁৰ কমাণ্ডিং দায়িত্বসমূহৰ ভিতৰত আছিল- মৰুভূমি অঞ্চলত এটা আৰ্মাৰ্ড ৰেজিমেণ্টৰ নেতৃত্ব, পশ্চিম থিয়েটাৰত এটা আৰ্মাৰ্ড ব্ৰিগেডৰ কামাণ্ডাৰ, জম্মু-কাশ্মীৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী বাহিনী-ৰ নেতৃত্ব । লগতে ভাৰতীয় সেনাৰ অন্যতম শক্তিশালী আক্ৰমণকাৰী ফৰ্মেশ্যন ‘সুদৰ্শন চক্ৰ কৰ্পছ’ৰ কমাণ্ডাৰ হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।

ইয়াৰ উপৰিও তেওঁ দিল্লী এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সামৰিক কাৰ্যসূচী আৰু আনুষ্ঠানিক দায়িত্বসমূহ দক্ষতাৰে তদাৰক কৰিছিল । দেশৰ সুৰক্ষা ব্যৱস্থা আৰু কৌশলগত দিশত থকা তেওঁৰ এই গভীৰ অভিজ্ঞতাই অনাগত দিনত ভাৰতীয় সেনাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আৰু এখোজ; বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

শেহতীয়া প্ৰৱন্ধসমূহ