VB-G RAM G আঁচনিখন অসমত ৰূপায়ণৰ বাবে যাৱতীয় গাঁথনিত অনুমোদন জনোৱা হৈছে
অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে । শনিবাৰে (১৩ জুন) অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ ‘বিকশিত ভাৰত গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) আইন, ২০২৫’ বা ‘VB-G RAM G‘ আঁচনিখন অসমত ৰূপায়ণৰ বাবে যাৱতীয় গাঁথনিত অনুমোদন জনোৱা হৈছে । এই নতুন আঁচনিখন অহা ১ জুলাই, ২০২৬ ৰ পৰা সমগ্ৰ ৰাজ্যতে আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হ’ব । ইয়াৰ বাবে কেবিনেটে চলিত বৰ্ষত ২,০০০ কোটি টকাৰ এক বৃহৎ বাজেট আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে ।
কেবিনেট বৈঠকৰ অন্তত গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।
আঁচনিখনৰ মুখ্য আকৰ্ষণ আৰু পৰিৱৰ্তনসমূহ :
নিয়োগৰ ম্যাদ বৃদ্ধি : পূৰ্বৰ ‘মনৰেগা’ (MGNREGA) আঁচনিৰ অধীনত ৯০ দিনৰ কৰ্মসংস্থাপনৰ বিপৰীতে নতুন ‘VB-G RAM G’ আঁচনিৰ অধীনত প্ৰতিটো গ্ৰাম্য পৰিয়ালক ১২৫ দিনৰ নিশ্চিত মজুৰিৰ নিযুক্তি প্ৰদান কৰা হ’ব ।
কেৱল নিয়োগ নহয়, সম্পদ সৃষ্টিত গুৰুত্ব : মুখ্যমন্ত্ৰীয়ে কয় যে এই নতুন আঁচনিখনে পূৰ্বৰ কেৱল নিয়োগ-কেন্দ্ৰিক দৃষ্টিভংগীৰ পৰিৱৰ্তে গ্ৰাম্য সম্পদ সৃষ্টিৰ সৈতে জীৱিকাৰ এক স্থায়ী সংযোগ স্থাপন কৰিব । অৰ্থাৎ, গ্ৰাম্য অঞ্চলত নিয়োগৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ স্থায়ী সা-সম্পত্তিও গঢ়ি তোলা হ’ব ।
প্ৰতিখন পঞ্চায়তলৈ ১ কোটি টকা : তৃণমূল পৰ্যায়ৰ সুসংগঠিত উন্নয়নৰ বাবে প্ৰতিখন পঞ্চায়তক গড় হিচাপত প্ৰায় ১ কোটি টকাকৈ আবণ্টন দিয়া হ’ব । অৱশ্যে পঞ্চায়তসমূহৰ আকাৰ অনুসৰি এই পুঁজিত সামান্য তাৰতম্য থাকিব পাৰে ।
অগ্ৰাধিকাৰ পাব লগা আঁচনিসমূহ :
মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিয়ে যে চৰকাৰে অতি সোনকালে পঞ্চায়তসমূহৰ বাবে এক নিৰ্দেশনাৱলী জাৰী কৰিব । এই নিৰ্দেশনা অনুযায়ী আবণ্টিত ধনেৰে গাঁওসমূহত দীৰ্ঘম্যাদী উন্নয়নমূলক কাম-কাজ ৰূপায়ণ কৰা হ’ব । বিশেষকৈ :
-বিদ্যালয়ৰ পকী বেৰ বা সীমা প্ৰাচীৰ নিৰ্মাণ
-শ্মশান উন্নয়ন
-গাঁৱৰ পথ পকীকৰণ আৰু অনুৰূপ ৰাজহুৱা প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব ।
এই নতুন আঁচনি আৰু বিকেন্দ্ৰীকৃত ৰূপায়ণ গাঁথনিৰ জৰিয়তে অসমৰ গ্ৰাম্য অঞ্চলসমূহত বহনক্ষম ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি উঠাৰ লগতে গ্ৰাম্য জীৱিকা অধিক শক্তিশালী আৰু স্বাৱলম্বী হৈ উঠিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : আধাৰ কাৰ্ডক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…









