জি-৭ সন্মিলনত পুনৰ হ’ব মোদী-ট্ৰাম্পৰ মুখামুখি, ১৭ জুনত ফ্ৰান্সত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক

জি-৭ সন্মিলনত পুনৰ হ’ব মোদী-ট্ৰাম্পৰ মুখামুখি, ফ্ৰান্সত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক

ফ্ৰান্সত উপস্থিত হোৱাৰ পিছত সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমখন দ্বিপাক্ষিক বৈঠক ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মিলিত হ’ব ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত এক অত্যন্ত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব । আমেৰিকান প্ৰশাসনে এই কথা

ফ্ৰান্সত উপস্থিত হোৱাৰ পিছত সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমখন দ্বিপাক্ষিক বৈঠক ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মিলিত হ’ব

ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত এক অত্যন্ত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব । আমেৰিকান প্ৰশাসনে এই কথা নিশ্চিত কৰি জানিবলৈ দিছে যে সন্মিলনৰ অন্তিম দিনা অৰ্থাৎ ১৭ জুনত দুয়োগৰাকী বিশ্ব নেতাৰ এই বৈঠকৰ দিন স্থিৰ কৰা হৈছে । বৰ্তমান সময়ত সমগ্ৰ বিশ্বই বিভিন্ন জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকক এক বিশেষ তাৎপৰ্যপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে ।

হোৱাইট হাউচৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে পুৱা ৱাশ্বিংটনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু ‘ইউএছচি ফ্ৰীডম ২৫০’ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ফ্ৰান্সৰ এভিয়ানত উপস্থিত হ’ব । তাত স্থানীয় সময় অনুসৰি সোমবাৰে বিয়লি তেওঁ G7 সন্মিলনত যোগ দিব । এই সমগ্ৰ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ নেতাসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব বুলি জানিব পৰা গৈছে ।

ফ্ৰান্সত উপস্থিত হোৱাৰ পিছত সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমখন দ্বিপাক্ষিক বৈঠক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মিলিত হ’ব । ইয়াৰ পিছত মঙলবাৰে পুৱা তেওঁ G7 নেতাসকলৰ সৈতে আনুষ্ঠানিক আদৰণি অনুষ্ঠান আৰু ৱৰ্কিং ডিনাৰত অংশ ল’ব । একেদিনাই তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিকে ধৰি আন বহুকেইগৰাকী নেতাৰ সৈতে এক বিশেষ কাৰ্যক্ৰমণিকাত ভাগ ল’ব ।

মঙলবাৰৰ দিনটোত ট্ৰাম্পে কাটাৰৰ আমিৰ আৰু সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতিৰ সৈতেও পৃথকে পৃথকে দ্বিপাক্ষিক বৈঠকত বহিব ।

বুধবাৰৰ কাৰ্যসূচী আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে, য’ত তেওঁ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ ওপৰত কেন্দ্ৰিত এক অতিৰিক্ত অধিবেশনত অংশ লোৱাৰ পিছত ইজিপ্তৰ ৰাষ্ট্ৰপতি আবদেল ফাত্তাহ আল-চিচিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইয়াৰ পিছতেই অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বহু প্ৰত্যাশিত দ্বিপাক্ষিক বাৰ্তালাপ, যাৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰে চকু নিবদ্ধ হৈ আছে ।

ধাৰণা কৰা হৈছে যে এই বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা সহযোগিতা, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা আৰু গোলকীয় ৰণনীতিগত অংশীদাৰিত্বৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহে স্থান পাব । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত ট্ৰাম্পে প্ৰধান প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ চিইঅ’সকলৰ সৈতে উদ্ভাৱন আৰু এআইৰ ওপৰত আয়োজিত এক বিশেষ মধ্যাহ্নভোজনত অংশ ল’ব ।

লগতে পঢ়ক : ‘ভাৰতীয় জাহাজত আক্ৰমণ সহ্য কৰা নহ’ব’; ইৰাণক সকীয়নি ট্ৰাম্পৰ