ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন… অগ্নিবীৰকে ধৰি তিনিজন সেনা জোৱান শ্বহীদ

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন… অগ্নিবীৰকে ধৰি তিনিজন সেনা জোৱান শ্বহীদ

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন লাডাখৰ ছিয়াচেন গ্লেছিয়াৰত হোৱা প্ৰচণ্ড হিমস্খলনত ভাৰতীয় সেনাৰ তিনিজন জোৱান শ্বহীদ হয় । ছিয়াচেন বেছ কেম্পৰ সমীপত সংঘটিত হয় এই অঘটন । এইখনেই বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ, য’ত সৈনিকসকলে -৬০ ডিগ্ৰী শীত, প্ৰচণ্ড বতাহ আৰু বৰফৰ দৰে বিপদৰ সন্মুখীন হয় ।

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলন

লাডাখৰ ছিয়াচেন গ্লেছিয়াৰত হোৱা প্ৰচণ্ড হিমস্খলনত ভাৰতীয় সেনাৰ তিনিজন জোৱান শ্বহীদ হয় । ছিয়াচেন বেছ কেম্পৰ সমীপত সংঘটিত হয় এই অঘটন । এইখনেই বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ, য’ত সৈনিকসকলে -৬০ ডিগ্ৰী শীত, প্ৰচণ্ড বতাহ আৰু বৰফৰ দৰে বিপদৰ সন্মুখীন হয় । এতিয়ালৈকে পোৱা তথ্য অনুসৰি জোৱানসকলে টহল দি থকা অৱস্থাতে হিমস্খলনত আবদ্ধ হৈ পৰে ।

তিনিওজন জোৱান মহাৰ ৰেজিমেণ্টৰ আছিল । তিনিওজন জোৱান গুজৰাট, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ । ইফালে এই হিমস্খলনত আবদ্ধ হৈ আছে পাঁচজন জোৱান । এতিয়ালৈকে এজন কেপ্টেইনক উদ্ধাৰ কৰা হৈছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে লেহ আৰু উধমপুৰৰ পৰা সহায় লৈ সেনাৰ উদ্ধাৰকাৰী দল উদ্ধাৰ অভিযানত নিয়োজিত হয় । শীতকালত ছিয়াচেনত হিমস্খলন সাধাৰণতে দেখা যায় । ১৯৮৪ চনৰ অপাৰেচন মেঘদূতৰ পৰা এতিয়ালৈকে বতৰৰ বাবে ১০০০ৰো অধিক জোৱান শ্বহীদ হৈছে ।

সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ছিয়াচেন-

কাৰাকোৰাম পৰ্বতমালাৰ ২০ হাজাৰ ফুট উচ্চতাত অৱস্থিত ছিয়াচেন হিমবাহ । ইয়াৰ পূৰ্বেও ছিয়াচেনত এনে ঘটনা ঘটিছে । এইবাৰ বেছ কেম্পৰ ওচৰত ১২০০০ ফুট উচ্চতাত হিমস্খলনৰ ঘটনা সংঘটিত হয় । ছিয়াচেনক বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয় । ইয়াত উষ্ণতা -৬০ ডিগ্ৰী চেলছিয়াছলৈ নামে ।

প্ৰচণ্ড বতাহ, তুষাৰপাত আৰু হিমস্খলন এই অঞ্চলত সাধাৰণতে দেখা যায় । এই হিমস্খলন উত্তৰ হিমবাহ অঞ্চলত সংঘটিত হৈছে, য’ত উচ্চতা ১৮,০০০ৰ পৰা ২০,০০০ ফুট । এই অঞ্চলত সৈন্যই কেৱল শত্ৰুৰ সৈতে নহয় প্ৰকৃতিৰ ক্ৰোধৰ সৈতেও যুঁজিব লগা হয় । ১৯৮৪ চনত অপাৰেচন মেঘদূত আৰম্ভ হোৱাৰ পিছৰে পৰা ভাৰতে ছিয়াচেনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছে যদিও বতৰৰ বাবে ১০০০ৰো অধিক জোৱান শ্বহীদ হৈছে ।

উদ্ধাৰ অভিযান আৰু সেনাৰ প্ৰচেষ্টা-

ছিয়াচেন বেছ কেম্পৰ সমীপত হিমস্খলনৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় সেনা আৰু বায়ুসেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে । বিশেষ এভালেঞ্চ ৰেচকিউ টিম (আৰ টি) সেই স্থানত উপস্থিত হয়, যিয়ে আৱদ্ধ জোৱানসকলক উদ্ধাৰৰ চেষ্টা চলাইছে । এই দলসমূহে লেহ আৰু উধামপুৰৰ পৰা সমন্বয় কৰিছে । সেনাবাহিনীৰ হেলিকপ্টাৰ, যেনে চিতা আৰু এম আই-১৭ৰ সহায়ত আহতসকলক উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হৈছে । ছিয়াচেনত এনে জৰুৰীকালীন অৱস্থাৰ বাবে সেনা সদায় সাজু হৈ থাকে যদিও বৰফ আৰু ঠাণ্ডাৰ বাবে উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈ পৰে ।

লগতে পঢ়ক : আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা