যোৰহাটত কৰুণ বিমান দুৰ্ঘটনা: বায়ু সেনাৰ ৫ জোৱানৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ গভীৰ শোক

যোৰহাট বিমান ঘাটিত শনিবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই দুৰ্ঘটনাত ভাৰতীয় বায়ু সেনাৰ পাঁচগৰাকীকৈ জোৱানে শ্বহীদ বৰণ কৰে ।

যোৰহাট বিমান ঘাটীত শনিবাৰে ভাৰতীয় বায়ু সেনাৰ এক AN-32 সামৰিক পৰিবহন বিমান দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ভাগ্যজনক ঘটনাত ভাৰতীয় বিমান বাহিনীৰ পাঁচগৰাকীকৈ বীৰ জোৱানে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱায় । মৃত জোৱানকেইগৰাকী হৈছে- স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটিনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰবায়ু দানিছ আলম ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা-

এই মৰ্মান্তিক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম ‘এক্স’ত (পূৰ্বৰ টুইটাৰ) কৰা এটা পোষ্টত তেওঁ কয় :

“যোৰহাটত সংঘটিত এএন-৩২ বিমান দুৰ্ঘটনাত ভাৰতীয় বিমান বাহিনীৰ ৫ গৰাকী বীৰ জোৱানক হেৰুৱাই মই অতিকৈ দুখ পাইছোঁ । কৰ্তব্যৰত অৱস্থাত স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটিনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰবায়ু দানিছ আলমৰ এই বিয়োগ অত্যন্ত দুৰ্ভাগ্যজনক । অসমবাসীৰ হৈ মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা আৰু প্ৰাৰ্থনা জ্ঞাপন কৰিলোঁ ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অসম চৰকাৰ এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে আৰু যিকোনো ধৰণৰ সহযোগ তথা প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সম্পূৰ্ণ সাজু হৈ আছে ।

পুৰণি বিমান সলনিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ চিন্তা-

উল্লেখ্য যে, এএন-৩২ হৈছে এখন টুইন ইঞ্জিনযুক্ত সামৰিক পৰিবহন বিমান । ভাৰতীয় বিমান বাহিনীয়ে দীৰ্ঘদিন ধৰি দেশৰ দুর্গম তথা উচ্চ-উচ্চতাৰ অঞ্চলসমূহত লজিষ্টিক, সামগ্ৰী পৰিবহন আৰু কাৰ্যক্ষম সহায়ক অভিযানৰ বাবে এই বিমানসমূহ ব্যৱহাৰ কৰি আহিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, ভৱিষ্যতৰ কৌশলগত আৰু কাৰ্যক্ষম এয়াৰলিফ্টৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিমান বাহিনীয়ে এতিয়া তেওঁলোকৰ পুৰণি হৈ অহা এএন-৩২ আৰু আইএল-৭৬ পৰিবহন বিমানসমূহ ‘মজলীয়া পৰিবহন বিমান’ কাৰ্যসূচীৰ অধীনত নতুন বিমানেৰে সলনি কৰাৰ পৰিকল্পনা যুগুত কৰিছে ।

লগতে পঢ়ক : যোৰহাটৰ বিমান দুৰ্ঘটনাত দেশে হেৰুৱালে ৫ গৰাকী জোৱান, তদন্তৰ নিৰ্দেশ

যোৰহাটৰ বিমান দুৰ্ঘটনাত দেশে হেৰুৱালে ৫ গৰাকী জোৱান, তদন্তৰ নিৰ্দেশ

শনিবাৰে যোৰহাটত সংঘটিত হোৱা শোকাৱহ বিমান দুৰ্ঘটনাত সৰ্বোচ্চ বলিদান দিলে দেশৰ সেৱাত নিয়োজিত ভাৰতীয় বায়ুসেনাৰ পাঁজনকৈ জোৱানে । ইফালে ভাৰতীয় বায়ুসেনাই ততালিকে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে । প্ৰকিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দুখজনক ঘটনাক লৈ শোক প্ৰকাশ কৰি এই দুখৰ সময়ত সমগ্ৰ দেশবাসী শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে বুলি ঘোষণা কৰে ।

অসমৰ যোৰহাট এয়াৰবেচত সংঘটিত হোৱা শোকাৱহ বিমান দুৰ্ঘটনাৰ ডাঙৰ খবৰ । ভাৰতীয় বায়ুসেনাৰ এখন ‘এণ্টনভ এন-৩২’ (An-32) নামৰ পৰিবহন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দেশৰ সেৱাত নিয়োজিত পাঁচগৰাকী সাহসী জোৱানে সৰ্বোচ্চ বলিদান দি শ্বহীদ হয় । বায়ুসেনাৰ চৰকাৰী সূত্ৰই এই বেদনাদায়ক ঘটনাৰ খবৰ নিশ্চিত কৰিছে ।

অৱশ্যে এই ভয়ংকৰ দুৰ্ঘটনাৰ মাজতো একমাত্ৰ সকাহৰ খবৰ এয়ে যে বিমানখনৰ সহ-পাইলটগৰাকী অলৌকিকভাৱে প্ৰাণৰক্ষা পৰিছে । বৰ্তমান তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

শ্বহীদ হোৱা দেশৰ পাঁচগৰাকী বীৰ জোৱান :

দুৰ্ঘটনাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া বায়ুসেনাৰ জোৱানসকল হৈছে—

-স্কোয়াড্ৰন লিডাৰ প্ৰশান্ত সিং

-ফ্লাইট লেফটিনেন্ট শুভম কুমাৰ

-চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা

-অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত

-অগ্নিবীৰবায়ু দানিছ আলম

বায়ুসেনাৰ শোক প্ৰকাশ :

এই অভিশপ্ত ঘটনাক লৈ ভাৰতীয় বায়ুসেনাই এক চৰকাৰী বিবৃতিযোগে গভীৰ শোক প্ৰকাশ কৰিছে । বায়ুসেনাৰ তৰফৰ পৰা জনোৱা হৈছে, “ভাৰতীয় বায়ুসেনাই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে । দুখৰ এই কঠিন মুহূৰ্তত সমগ্ৰ বায়ুসেনা শ্বহীদসকলৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।”

‘কোৰ্ট অৱ ইনকুৱাৰী’ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ :

ঘটনাৰ গুৰুত্ব আৰু ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলে ততালিকে এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে । এই দুৰ্ঘটনা কেনেকৈ আৰু কি পৰিস্থিতিত সংঘটিত হ’ল, তাৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ এটা ‘কোৰ্ট অৱ ইনকুৱাৰী’ (তদন্ত সমিতি) গঠন কৰা হৈছে ।

ৰাজনাথ সিঙৰ শোকপ্ৰকাশ-

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই শোকাৱহ বিমান দুৰ্ঘটনাত নিহত জোৱান সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এই দুখৰ সময়ত সমগ্ৰ দেশবাসী শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে বুলি ঘোষণা কৰে ।

ৰাজনাথ সিঙে কয়, “অসমৰ যোৰহাটত সংঘটিত এন-৩২ বিমান দুৰ্ঘটনাত পাঁচগৰাকী বায়ুসেনাৰ জোৱানক হেৰুৱাই মই গভীৰভাৱে মৰ্মাহত হৈছোঁ । দেশৰ সেৱাত নিয়োজিত অৱস্থাতে স্কোয়াড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটিনেন্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰবায়ু দানিছ আলমে নিজৰ সৰ্বোচ্চ বলিদান দিলে । দেশৰ প্ৰতি তেওঁলোকৰ সাহস আৰু সেৱাক সদায় গৌৰৱ আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হ’ব । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই মোৰ অন্তৰ্থক সমবেদনা জ্ঞাপন কৰিছোঁ । দুখৰ এই কঠিন মুহূৰ্তত সমগ্ৰ দেশ তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।”

লগতে পঢ়ক : যোৰহাটৰ ৰৰৈয়াত অঘটন; অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ বিমান

যোৰহাটৰ ৰৰৈয়াত অঘটন; অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ বিমান

যোৰহাটৰ বায়ুসেনা ঘাটিত ভয়ংকৰ অঘটন সংঘটিত হৈছে। অৱতৰণ কৰাৰ পিছতেই বিকট শব্দৰে বিস্ফোৰণ ঘটিল AN-32 বিমানত

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত অঘটন। অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন। সামগ্ৰী কঢ়িওৱা কামত ব্যৱহাৰ কৰা হৈছিল বাহনখন।

৪৩ স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন।বিমানখনত থকা পাইলটৰ মৃত্যুৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত সম্পূৰ্ণৰূূপে ধ্বংস হৈছে বিমানখন।

লগতে পঢ়ক: ভয়ংকৰ; নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাহন

তেওঁৰ প্ৰতি কোনো বিদ্বেষ নাই: গৌৰৱ গগৈক পৰাস্ত কৰি মন্তব্য হিতেন্দ্ৰ নাথ গোস্বামীৰ

যোৰহাটৰ হাই-প্ৰফাইল যুঁজত কংগ্ৰেছৰ হেভীৱেইট নেতা গৌৰৱ গগৈক পৰাস্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাজ্যজুৰি বিজেপিৰ উল্লাস দেখিবলৈ পোৱা গৈছে । যোৰহাট বিধানসভা সমষ্টিৰ হাই-প্ৰফাইল যুঁজত কংগ্ৰেছৰ হেভীৱেইট নেতা তথা দলটোৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈক পৰাস্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে । ৪ মে’ত সংবাদ মাধ্যমৰ আগত এই বিজয়ৰ পাছত গোস্বামীয়ে জনসেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দোহাৰে ।

গৌৰৱ গগৈক ২৩,১৮২ ভোটৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰা গোস্বামীয়ে বিনম্ৰতাৰে কয় যে এই জয় কোনো ব্যক্তিগত বিজয় নহয় । তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ মনত প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈৰ প্ৰতি কোনো বিদ্বেষ নাই । তেওঁ কয়, “মই নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে এইটো নহয় যে মই কিবা ডাঙৰ কাম কৰিলোঁ । মই সদায় ৰাইজৰ প্ৰতি উৎসৰ্গিত আছিলোঁ আৰু থাকিম । তেওঁৰ বিৰুদ্ধে মোৰ ক’বলগীয়া একো নাই ।”

যোৰহাটত কংগ্ৰেছৰ এই পৰাজয় ৰাজ্যখনৰ বিৰোধী শিবিৰৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে । আনহাতে, বিজেপি নেতৃত্বাধীন এন ডি এয়ে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । এই বৃহৎ সফলতাৰ বাবে বিজেপি নেতাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বক কৃতিত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে, ১২৬ জনীয়া অসম বিধানসভাত বিজেপিয়ে ৮২খন আসন লাভ কৰি এক অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছে । ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছ মাত্ৰ ১৯খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । এই ফলাফলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ একছত্ৰী আধিপত্য পুনৰবাৰ প্ৰমাণ কৰিলে ।

লগতে পঢ়ক : গেৰুৱা ধুমুহাত ধূলিস্যাৎ কংগ্ৰেছ, শোচনীয় পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

নিৰ্বাচনী উন্মাদনাৰ মাজতে যোৰহাটত ভয়ংকৰ ঘটনা

যোৰহাট জিলাৰ ৰজামৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত সংঘটিত শক্তিশালী বিস্ফোৰণত দুজন ব্যক্তিৰ মৃত্যু

আগন্তুক বিধানসভা নিৰ্বাচনৰ উন্মাদনাৰ মাজতে শনিবাৰে যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । যোৰহাট জিলাৰ ৰজামৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত সংঘটিত এক শক্তিশালী বিস্ফোৰণত মহম্মদ ইকবাল আৰু নুৰ মহম্মদ নামৰ দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।

বাতৰি অনুসৰি, এটা ভাড়াঘৰৰ ভিতৰত এই বিস্ফোৰণটো সংঘটিত হয়, যাৰ ফলত নুৰ মহম্মদৰ থিতাতে মৃত্যু হয় । বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে মৃত ব্যক্তিজনৰ দেহ ছিন্ন-বিচ্ছিন্ন হৈ পৰে বুলি জানিব পৰা গৈছে ।

এই ঘটনাত মৃত ব্যক্তিজনৰ দুটি সন্তান- আঠ বছৰীয়া পুত্ৰ মহম্মদ ইকবাল আৰু সাত বছৰীয়া এগৰাকী কন্যাও গুৰুতৰভাৱে আহত হয় । তেওঁলোকক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হয় । অৱশ্যে চিকিৎসাধীন অৱস্থাত আঠ বছৰীয়া শিশুটিৰ মৃত্যু হয় আৰু সাত বছৰীয়া শিশুটিৰ অৱস্থা বৰ্তমানো সংকটজনক হৈ আছে বুলি জানিব পৰা গৈছে ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত ভয় আৰু উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিছে । আৰক্ষীয়ে কি পৰিস্থিতিত এই বিস্ফোৰণ ঘটিল, সেই সন্দৰ্ভত অধিক অনুসন্ধান চলাই আছে ।

লগতে পঢ়ক : গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে গৌৰৱ গগৈয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে

লোকসভাৰ সাংসদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিগত দিনসমূহত বিজেপি চৰকাৰে কৰি অহা উন্নয়নমূলক কামৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে ।

বুধবাৰে যোৰহাটৰ স্বৰাজ উদ্যান মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ, যোৰহাটৰ পৰিকল্পিত উৰণ সেতু আৰু গহপুৰ-নুমলীগড়ৰ মাজৰ প্ৰস্তাৱিত পানীৰ তলৰ সুৰংগ প্ৰকল্পৰ বিৰোধিতা কৰিছিল ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে গৌৰৱ গগৈয়ে অসম বা ভাৰতৰ উন্নয়ন নিবিচাৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰ অনুমোদন কৰা হৈছিল, গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছিল । যোৰহাটৰ উৰণ সেতু আৰু গহপুৰ-নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগটোৰ ক্ষেত্ৰতো তেওঁ বিৰোধিতা কৰিছিল ।”

তেওঁ লগতে দাবী কৰে যে যিহেতু গৌৰৱ গগৈৰ পৰিয়াল যুক্তৰাজ্যত থাকে, সেয়েহে তেওঁ ভাৰতৰ পৰিৱৰ্তে তাৰহে উন্নয়নৰ পোষকতা কৰিব । লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কটাক্ষ কৰি কয় যে, গৌৰৱ গগৈয়ে ইংলেণ্ড বা পাকিস্তানৰ উন্নয়নৰ বাবেহে মাত মাতিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ একাংশকো সমালোচনা কৰি কয় যে উজনি অসমৰ আন্তঃগাঁথনি প্ৰকল্পৰ সন্দৰ্ভত সাংবাদিকসকলে গৌৰৱ গগৈক প্ৰশ্ন কৰা উচিত । ড০ শৰ্মাই কয়, “মই দেখিছো যে সাংবাদিকসকলৰ গৌৰৱ গগৈক প্ৰশ্ন কৰাৰ সাহস নাই, কিন্তু মই সংবাদ কৰ্মীসকলক তেওঁক প্ৰশ্ন সুধিবলৈ অনুৰোধ জনাম ।” তেওঁ লগতে কয় যে গৌৰৱ গগৈয়ে সমগ্ৰ উজনি অসমৰ উন্নয়নৰ বিৰোধিতা কৰি আহিছে ।

লগতে পঢ়ক : যোৰহাটত স্বৰাজ উদ্যান মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাটত স্বৰাজ উদ্যান মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত থকা এক বৃহৎ ৰাজহুৱা উদ্যান স্বৰাজ উদ্যান যোৰহাটবাসীৰ বাবে উৎসৰ্গা কৰে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত থকা এক বৃহৎ ৰাজহুৱা উদ্যান ‘স্বৰাজ উদ্যান’ যোৰহাটবাসীৰ বাবে উৎসৰ্গা কৰে । ১৭৫ বিঘা মাটিকালি সামৰি তথা প্ৰায় ১৫৯ কোটি টকাৰ আনুমানিক ব্যয়ৰে নিৰ্মাণ কৰা এই উদ্যানখন ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বিকশিত কৰা হৈছে ।

উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক সন্মান জনাই উদ্যানখনত বিশেষভাৱে গ্ৰেনাইটৰ স্মাৰক স্তম্ভ স্থাপন কৰা হৈছে, যাৰ লক্ষ্য হৈছে তেওঁলোকৰ উত্তৰাধিকাৰ সংৰক্ষণ কৰা আৰু ভৱিষ্যৎ প্ৰজন্মক তেওঁলোকৰ ত্যাগৰ বিষয়ে জনোৱা ।

উদ্যাখন মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ জৰিয়তে ইতিহাস সংৰক্ষণ, অঞ্চলটোৰ বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু নাগৰিকৰ বাবে অৰ্থপূৰ্ণ ৰাজহুৱা স্থান সৃষ্টিৰ ক্ষেত্ৰত অসম চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে । উল্লেখ্য যে, আজি উদ্বোধন কৰা স্বৰাজ উদ্যানখন অঞ্চলটোৰ এক অন্যতম পৰিচিত স্থান হৈ পৰাৰ লগতে ই দৰ্শনাৰ্থীসকলৰ বাবে এক স্মৰণীয় তথা প্ৰেৰণাৰ থলী হিচাপে বিবেচিত হ’ব বুলি আশা কৰা হৈছে ।

ইফালে যোৰহাটবাসীক আন এক উপহাৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে চহৰখনত মুকলি কৰে এ টি ৰোডৰ মণিৰাম দেৱান- পিয়লী বৰুৱা উৰণ সেতু । বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ নিৰ্মিত হৈছে ১.২৭ কি.মি. দৈৰ্ঘৰ এই উৰণ সেতুখন । এই সেতুখনে চহৰখনৰ যানজঁট বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব বুলি আশা কৰা হৈছে । আনহাতে যোৰহাটৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰৰ অতিথিশালাও উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১ কোটি ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপৰীয়া নামঘৰৰ অতিথিশালা মুকলি কৰি ৰাইজলৈ উৎসৰ্গা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

এক্সন মুডত অসম আৰক্ষী; যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ

যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ

প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ পিছত এতিয়া অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক্সন মুড। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা ৬জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা সকল হৈছে বিতোপন বৈশ্য, উজ্বল বৰা, দেৱজিত গগৈ, ধুৱজ্যোতি শৰ্মা, চুনো চাহ, চন্দন দাস,  মঞ্জিত বৰুৱা, দুলুমণি বৰা, বিতোপন দত্ত। এওঁলোকে জুবিন অনুৰাগীৰ মাজত বিয়পাইছিল অশান্তি।

জুবিন দাক যোৰহাটত সমাধিস্থ কৰিবৰ বাবে এই উচটনি দিছিল। যোৰহাট প্ৰেছ ক্লাব ভাঙিবলৈয়ো দিছিল উচটনি।তাৰ পিছতেই এইসকলৰ বিৰুদ্ধে ব্যৱসায়ী মনোজ বৰাই দাখিল কৰে এজাহাৰ।

সেই এজাহাৰৰ ভিত্তিতেই ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই উচটনিমূলক মন্তব্য দিয়াৰ বাবে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে উৎপল বৰাও।

লগতে পঢ়ক: যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত

“মই পাপাই কৈছো, শেষবাৰলৈ তোমাৰ মুখখন চাব বিচাৰিছো…”; মৃত্যুৰ পূৰ্বে চাব বিচাৰিছিল পুত্ৰৰ মুখ,পিতৃৰ ওচৰলৈ নগ’ল চিকিৎসক পুত্ৰ

মৃত্যুৰ কিছুদিন পূৰ্বে এজন অসহায় পিতৃৰ এটা আৱেগিক ফোন ৰেকৰ্ড। তোক এবাৰ চাবলৈ,বৰ মন গৈছে,এবাৰ আহিবিছোন।মই বেড ৰেষ্টত আছো।

দৰাচলতে যোৰহাটৰ লুৰুকীহাটৰ প্ৰতাপ চন্দ্ৰ বৰদলৈ নামৰ ৮১ বছৰীয়া লোক জনে গুৱাহাটীত থকা চিকিৎসক পুত্ৰলৈ ফোন কৰি তেওঁৰ মুখখন চাব বিচাৰিছিল।

চিকিৎসক পুত্ৰলৈ ফোন কৰি নিজৰ ইচ্ছাৰ কথা কৈছিল পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে।শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাত গুৱাহাটীত থকা চিকিৎসক পুত্ৰলৈ ফোন কৰি নিজৰ ইচ্ছাৰ কথা  কৈছিল।কিন্তু পুত্ৰ নগ’ল।

যাৰবাবে দুখত ভাগি পৰিছিল পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈ।ক্ৰমাৎ স্বাস্থ্যৰ অৱস্থাও অৱনতি ঘটিছিল ব্যক্তিগৰাকীৰ।অৱশেষত পুত্ৰ কন্যাৰ মুখ নেদেখাকৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে।

প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে নিজৰ দেহটো ইলোৰা বিজ্ঞান মঞ্চলৈ দান কৰি গৈছিল। পিতৃ মৃত্যু হোৱা ২৪ ঘন্টা ওকলি যোৱাৰ পিছতো যোৰহাটত উপস্থিত নহ’ল চিকিৎসক পুত্ৰ কন্যা। প্ৰতাপ চন্দ্ৰ বৰদলৈৰ এই ঘটনাৰ পিছতেই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।