ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে গৌৰৱ গগৈয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে লোকসভাৰ সাংসদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিগত দিনসমূহত বিজেপি চৰকাৰে কৰি অহা উন্নয়নমূলক কামৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে অভিযোগ

মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে গৌৰৱ গগৈয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে

লোকসভাৰ সাংসদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিগত দিনসমূহত বিজেপি চৰকাৰে কৰি অহা উন্নয়নমূলক কামৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে ।

বুধবাৰে যোৰহাটৰ স্বৰাজ উদ্যান মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ, যোৰহাটৰ পৰিকল্পিত উৰণ সেতু আৰু গহপুৰ-নুমলীগড়ৰ মাজৰ প্ৰস্তাৱিত পানীৰ তলৰ সুৰংগ প্ৰকল্পৰ বিৰোধিতা কৰিছিল ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে গৌৰৱ গগৈয়ে অসম বা ভাৰতৰ উন্নয়ন নিবিচাৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰ অনুমোদন কৰা হৈছিল, গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছিল । যোৰহাটৰ উৰণ সেতু আৰু গহপুৰ-নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগটোৰ ক্ষেত্ৰতো তেওঁ বিৰোধিতা কৰিছিল ।”

তেওঁ লগতে দাবী কৰে যে যিহেতু গৌৰৱ গগৈৰ পৰিয়াল যুক্তৰাজ্যত থাকে, সেয়েহে তেওঁ ভাৰতৰ পৰিৱৰ্তে তাৰহে উন্নয়নৰ পোষকতা কৰিব । লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কটাক্ষ কৰি কয় যে, গৌৰৱ গগৈয়ে ইংলেণ্ড বা পাকিস্তানৰ উন্নয়নৰ বাবেহে মাত মাতিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ একাংশকো সমালোচনা কৰি কয় যে উজনি অসমৰ আন্তঃগাঁথনি প্ৰকল্পৰ সন্দৰ্ভত সাংবাদিকসকলে গৌৰৱ গগৈক প্ৰশ্ন কৰা উচিত । ড০ শৰ্মাই কয়, “মই দেখিছো যে সাংবাদিকসকলৰ গৌৰৱ গগৈক প্ৰশ্ন কৰাৰ সাহস নাই, কিন্তু মই সংবাদ কৰ্মীসকলক তেওঁক প্ৰশ্ন সুধিবলৈ অনুৰোধ জনাম ।” তেওঁ লগতে কয় যে গৌৰৱ গগৈয়ে সমগ্ৰ উজনি অসমৰ উন্নয়নৰ বিৰোধিতা কৰি আহিছে ।

লগতে পঢ়ক : যোৰহাটত স্বৰাজ উদ্যান মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ