‘কংগ্ৰেছৰ কেৰামতালিত সকলো বৰবাদ হৈ গ’ল’; ফলাফলৰ ৪৮ ঘণ্টাৰ পিছতেই গৌৰৱ গগৈক তুলাধূনা অখিল গগৈৰ

নিৰ্বাচনৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতেই নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ শোচনীয় পৰাজয়ৰ কাৰণৰ বিতং বিৱৰণ দিলে অখিল গগৈয়ে।

বিধানসভা নিৰ্বাচনত লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ শোচনীয় পৰাজয়ৰ মাজত কংগ্ৰেছক তীক্ষ্ণ কটাক্ষ কৰে অখিল গগৈয়ে। কংগ্ৰেছৰ পৰাজয়ৰ প্ৰকৃত কাৰণটোৰ কথা উল্লেখ কৰি অখিল গগৈয়ে কয় যে, কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ অপিৰকল্পিত প্ৰচাৰ। বিজেপিৰ সুপৰিকল্পনাৰ সন্মুখত ব্যৰ্থ বিৰোধী। বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বৰ বাবে ৫-৬ টা ৰণকৌশল কৰিছিলে। কিন্তু আমি সঠিকভাৱে পৰিকল্পনা কৰাত ব্যৰ্থ হ’লো। আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই পাৰ হ’ল।কংগ্ৰেছৰ কেৰামতালিত আমি সকলো বৰবাদ হৈ গ’লো। বিজেপিৰ ৰাজনৈতিক ৰণকৌশলটো কংগ্ৰেছে বুজিয়েই নাপালে।কংগ্ৰেছৰ বিধায়ক সকলৰ অৱস্থা দেখি অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ’ল যে মাত মাতিব নোৱাৰা বিধায়কক ভোট দি কি লাভ হ’ব।

অখিল গগৈয়ে লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰে সকলোৰে মনত সোমাই পৰিল। হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মাজলৈ গৈ চেল্ফী উঠে, কিন্তু আমাৰ কেইটাই ভালকৈ হেণ্ডচেকটো দিবলেও টান পাই।মুখ্যমন্ত্ৰী হৈও তেওঁৰ কাপোৰত ইষ্ট্ৰিয়েই নাথাকে কিন্তু আমাৰ বিৰোধী নেতা সকলৰ কাপোৰ চিধা হৈ থাকে। তেনেকুৱাকৈ নিৰ্বাচনত জয় লাভ কেনেকৈ কৰিব। বিজেপিয়ে কি কৌশল লৈছিলে কংগ্ৰেছে সেই কথা বুজিয়েই নাপালে।   

তেওঁ আৰু কয় ডঃ হিমন্ত বিশ্ব শৰ্মাই বোকা খচকি মানুহৰ মাজলৈ যায়।আমাৰ বিৰোধী নেতাই দুখীয়াৰ গা গোন্ধাই বুলি ওচৰলৈ নাযায়। আমাৰ বুথৰ মানুহবোৰ ৫-১০ বছৰে কেৱল হতাশাত আছে। কিন্তু বিজেপিৰ প্ৰতি মাহে মাহে মন কি বাতত বিধায়ক সকলে কৰ্মী সকলৰ সকলো সুবিধা-অসুবিধাৰ খবৰ লয়।আৰু আমাৰ নেতা কেইজনে বিধায়ক আৱাসৰ পৰা সমষ্টিলৈ নাযায়। এনেকোৱা হোৱাৰ পিছত এনেও পৰাজয় নিশ্চিত।

তেওঁ লগতে অভিযোগ কৰে যে, ‘মোক ৰাহুল গান্ধী অহা মিটিঙলৈ খবৰেই নিদিলে। নিৰ্বাচনত ৩ গগৈ কেৱল নামতহে থাকিল। গৌৰৱ গগৈয়ে মোক যোৰহাটত এখনো মিটিঙলৈ নামাতিলে। কিন্তু মই যোৰহাটত ৩ খন মান মিটিং কৰা হ’লেই গৌৰৱ গগৈয়ে জিকিলে হেতেন।মই এদিনৰ কাৰণে গৌৰৱ গগৈক হেলিকপ্টাৰ খন বিচাৰিছিলো। কিন্তু নিদিলে।চাহাবী ষ্টাইলত থাকিলে গৌৰৱে কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে।জ্যেষ্ঠ মানুহক সন্মান নকৰে, সকলো সময়তেই সন্দেহ কৰি থাকিলে কংগ্ৰেছৰ পৰাজয় অৱধাৰিত। কংগ্ৰেছৰ হাতত মিছাইল নাই স্থায়ী যুদ্ধা নাই। সেই কথা ক’লে মোক বিজেপিৰ মানুহ বুলি কয়’।  

লগতে পঢ়ক: পদত্যাগ পত্ৰ দাখিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ;  নতুন চৰকাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

গেৰুৱা ধুমুহাত ধূলিস্যাৎ তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ৰাজনৈতিক দুৰ্গ

এই নিৰ্বাচনত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শোচনীয় পৰাজয় ঘটিছে

সোমবাৰে (৪ মে) ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এ-য়ে ১২৬ খন আসনৰ ভিতৰত ১০১ খন আসন লাভ কৰি ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰে । এই নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী সম্পূৰ্ণৰূপে ধূলিস্যাৎ হয় । কংগ্ৰেছ দল কেৱল ১৯ খন আসনতে থমকি ৰ’ব লগা হয় । ইফালে এই নিৰ্বাচনত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শোচনীয় পৰাজয়ৰ ফলত ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপটত এক বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হৈছে ।

গৌৰৱ গগৈ-

পৰাজিতসকলৰ ভিতৰত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ । গৌৰৱ গগৈ হৈছে অসমৰ সৰ্বাধিক ১৫ বছৰকাল শাসন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ । যোৰহাট বিধানসভা সমষ্টিত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈ পৰাস্ত হয় ।

দেৱব্ৰত শইকীয়া-

একেদৰে নাজিৰা সমষ্টিত পৰাজয়ৰ সন্মুখীন হয় বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া । তেওঁ অসমৰ দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ । ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে নাজিৰা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা শইকীয়াই এইবাৰ বিজেপিৰ ময়ূৰ বৰগোহাঁইৰ হাতত ৪৬,০০০ তকৈও অধিক ভোটত পৰাস্ত হয় । উল্লেখ্য যে এসময়ত এই সমষ্টিটো তেওঁৰ পিতৃ আৰু মাতৃ হেমপ্ৰভা শইকীয়াই প্ৰতিনিধিত্ব কৰিছিল ।

দিগন্ত বৰ্মন-

তৃতীয়গৰাকী প্ৰাৰ্থী দিগন্ত বৰ্মনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । তেওঁ প্ৰয়াত ভূমিধৰ বৰ্মনৰ পুত্ৰ, যিয়ে হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত চুটি সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এই নিৰ্বাচনত দিগন্ত বৰ্মন বিজেপিৰ নাৰায়ণ ডেকাৰ হাতত ৮৪,০০০ তকৈও অধিক ভোটত ধৰাশায়ী হয় ।

আনহাতে কংগ্ৰেছৰ এই তিনিগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ পৰাজয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “কাৰোবাৰ পৰাজয়ত আনন্দিত হ’বলগীয়া একো নাই, বিশেষকৈ হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ পৰাজয়ত ।” অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই পৰাজয় হ’ল জনসাধাৰণৰ দ্বাৰা “নীলা তেজৰ ৰাজনীতি”ৰ প্ৰত্যাখ্যান । তেওঁ কয়, “ৰাইজে বংশবাদ বা নীলা তেজৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে । তেওঁলোকে যোৱা তিনি-চাৰিটা নিৰ্বাচনত জয়ী হৈছিল আৰু নিজৰ পৰিচয় গঢ়িবলৈ যথেষ্ট সময় পাইছিল, কিন্তু তেওঁলোকে সেয়া কৰিব নোৱাৰিলে ।”

কেৱল তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই নহয়, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ দৰে আন কেইবাজনো বংশধৰ এই নিৰ্বাচনত পৰাস্ত হোৱা বুলি তেওঁ উল্লেখ কৰে । চাবুৱা-লাহোৱাল সমষ্টিত প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিৰ বিনোদ হাজৰিকাৰ হাতত ৮৯,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হয় ।

লগতে পঢ়ক : অসমত গেৰুৱা ধুমুহা : ৮২খন আসনত বিজেপিৰ বিশাল জয়, পুনৰ শাসনৰ গাদীত মিত্ৰজোঁট

তেওঁৰ প্ৰতি কোনো বিদ্বেষ নাই: গৌৰৱ গগৈক পৰাস্ত কৰি মন্তব্য হিতেন্দ্ৰ নাথ গোস্বামীৰ

যোৰহাটৰ হাই-প্ৰফাইল যুঁজত কংগ্ৰেছৰ হেভীৱেইট নেতা গৌৰৱ গগৈক পৰাস্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাজ্যজুৰি বিজেপিৰ উল্লাস দেখিবলৈ পোৱা গৈছে । যোৰহাট বিধানসভা সমষ্টিৰ হাই-প্ৰফাইল যুঁজত কংগ্ৰেছৰ হেভীৱেইট নেতা তথা দলটোৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈক পৰাস্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিছে । ৪ মে’ত সংবাদ মাধ্যমৰ আগত এই বিজয়ৰ পাছত গোস্বামীয়ে জনসেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দোহাৰে ।

গৌৰৱ গগৈক ২৩,১৮২ ভোটৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰা গোস্বামীয়ে বিনম্ৰতাৰে কয় যে এই জয় কোনো ব্যক্তিগত বিজয় নহয় । তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ মনত প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈৰ প্ৰতি কোনো বিদ্বেষ নাই । তেওঁ কয়, “মই নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে এইটো নহয় যে মই কিবা ডাঙৰ কাম কৰিলোঁ । মই সদায় ৰাইজৰ প্ৰতি উৎসৰ্গিত আছিলোঁ আৰু থাকিম । তেওঁৰ বিৰুদ্ধে মোৰ ক’বলগীয়া একো নাই ।”

যোৰহাটত কংগ্ৰেছৰ এই পৰাজয় ৰাজ্যখনৰ বিৰোধী শিবিৰৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে । আনহাতে, বিজেপি নেতৃত্বাধীন এন ডি এয়ে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । এই বৃহৎ সফলতাৰ বাবে বিজেপি নেতাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বক কৃতিত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে, ১২৬ জনীয়া অসম বিধানসভাত বিজেপিয়ে ৮২খন আসন লাভ কৰি এক অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছে । ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছ মাত্ৰ ১৯খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । এই ফলাফলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ একছত্ৰী আধিপত্য পুনৰবাৰ প্ৰমাণ কৰিলে ।

লগতে পঢ়ক : গেৰুৱা ধুমুহাত ধূলিস্যাৎ কংগ্ৰেছ, শোচনীয় পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

বিৰোধীৰ ‘তিনি গগৈ’ৰ দুই গগৈ ধৰাশায়ী: যোৰহাটত গৌৰৱ আৰু খোৱাঙত লুৰীণজ্যোতিৰ শোচনীয় পৰাজয়

নিৰ্বাচনী ৰাজনীতিত পুনৰ ব্যৰ্থ চৰ্চিত দুই গগৈ । বিৰোধী ঐক্যমঞ্চৰ অন্যতম শক্তি হিচাপে বিবেচিত হোৱা ‘তিনি গগৈ’ৰ যুঁজত মুখ থেকেচা খালে দুই গগৈয়ে ।

ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিৰ এক নাটকীয় পৰিৱৰ্তন । নিৰ্বাচনী ৰাজনীতিত পুনৰ ব্যৰ্থ চৰ্চিত দুই গগৈ । বিৰোধী ঐক্যমঞ্চৰ অন্যতম শক্তি হিচাপে বিবেচিত হোৱা ‘তিনি গগৈ’ৰ যুঁজত মুখ থেকেচা খালে দুই গগৈয়ে । গৌৰৱ গগৈৰ পিছতেই এইবাৰ পৰাজয়ৰ সোৱাদ ল’বলগীয়া হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

যোৰহাটত গৌৰৱ গগৈৰ শোচনীয় পৰাজয়-

সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ হেভিৱেইট প্ৰাৰ্থী তথা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ পৰাজিত হৈছে । তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছিল যদিও ফলাফলত তেওঁ ২৩,১৮২টা ভোটৰ ব্যৱধানত বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে ।

খোৱাঙত লুৰীণজ্যোতি গগৈক প্ৰত্যাখ্যান: পুনৰ শূন্য হ’ল অজাপ

আনহাতে, খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ বিজেপিৰ চক্ৰধৰ গগৈৰ হাতত পৰাজিত হয় । পৰাজয়ৰ ব্যৱধান ৯,৯৮৪ টা ভোট । এই পৰাজয়ৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত পুনৰবাৰ শূন্য হৈ পৰিল অসম জাতীয় পৰিষদ । ২০২১ৰ বিধানসভা নিৰ্বাচনতো দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিও পৰাস্ত হৈছিল লুৰীণজ্যোতি গগৈ । এইবাৰ খোৱাঙত অজাপৰ সভাপতিগৰাকীক লৈ চৰ্চা যথেষ্ঠ হৈছিল যদিও তীব্ৰ প্ৰত্যাহ্বান জনাই দুবাৰৰ বিধায়ক বিজেপিৰ চক্ৰধৰ গগৈৰ হাতত পৰাজয় বৰণ কৰে তেওঁ ।

অখিল গগৈৰ যুঁজ অব্যাহত-

বিৰোধীৰ ‘তিনি গগৈ’ৰ ভিতৰত একমাত্ৰ অখিল গগৈয়ে এতিয়ালৈকে নিজৰ অগ্ৰগতি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । শেহতীয়া খবৰ অনুসৰি অখিল গগৈ বৰ্তমান ১২,৬৭৯টা ভোটত আগবাঢ়ি আছে । মন কৰিবলগীয়া যে, সমষ্টিটোত এতিয়াও ৪ ৰাউণ্ডৰ ভোট গণনা বাকী আছে । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি বিজেপিৰ কুশল দুৱৰীৰ বিৰুদ্ধে তীব্ৰ যুঁজত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক : যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ

যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ

প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ

প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ। ২৩ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ শোচনীয় পৰাজয়। বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাস্ত গৌৰৱ গগৈ । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি হিতেন্দ্ৰনাথ গোস্বামীয়ে মুঠ ৬৯৪৩৯ টা ভোট লাভ কৰিছে।যোৰহাটৰ ১০ নং ৱাৰ্ডৰ নিজৰ ৫২ নং বুথতে পৰাজয় হ’ল গোৰৱ গগৈ।এই জয়ৰ লগে লগে ষষ্ঠবাৰৰ যোৰহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হ’ল হিতেন্দ্ৰ নাথ গোস্বামী।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰয়াত কংগ্ৰেছ নেতা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। যোৰহাটৰ লোকসভা সাংসদ হিচাপে তেওঁৰ নিজৰেই সমষ্টিত বিজেপিৰ প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে হোৱা এই যুঁজখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। গৌৰৱ গগৈৰ বাবে এই আসনখন কেৱল কংগ্ৰেছ দলৰ ভিতৰত নিজৰ নেতৃত্ব শক্তিশালী কৰাই নহয়, বৰঞ্চ ২০২১ চনৰ পৰা শাসনত থকা ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে এক বিকল্প হিচাপে থিয় দিয়াৰ বাবেও অপৰিহাৰ্য আছিল।

গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ আৰু অসম জাতীয় পৰিষদ (AJP) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে যি “৩ গগৈ মিত্ৰজোঁট” গঠন কৰিছিল, তাৰ উদ্দেশ্য আছিল উজনি অসমত বিজেপিৰ শক্তিশালী স্থিতি নস্যাৎ কৰা। অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ৰাজনীতি আৰু নিৰ্বাচনী কৌশলৰ সমুখত এই প্ৰচেষ্টা ব্যৰ্থ হ’ল। যাৰ ফলস্বৰূপে বিজেপিয়ে পুনৰ আসনৰ সংখ্যা বৃদ্ধি কৰি অসমত ক্ষমতা দখল কৰাৰ পথত অগ্ৰসৰ হৈছে।

লগতে পঢ়ক: ধুমুহা গতিত অসমত বিজয়ৰ দিশে বিজেপি; কোন কোন সমষ্টিত জয়লাভ

কি হ’ব তিনি গগৈৰ ভাগ্য?

৮ বজাত ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সকলোৰে চকু নিবদ্ধ হৈ পৰিছে তিনি গগৈৰ ফলাফলক লৈ। তিনি গগৈৰ ফলাফল কি হ’ব তাক লৈ চিন্তিত হৈ পৰিছে।

ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট।সকলোকে দৃষ্টি নিবদ্ধ হৈ আছে তিনি গগৈৰ ফলাফলৰ ওপৰত। ৮ বজাৰ বেলট পেপাৰৰ ভোটগণনাত প্ৰথমে শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে অগ্ৰগতি লাভ কৰিচিল যদিও পৰৱৰ্তী সময়ত হঠা পিছ পৰিছে অখিল গগৈ।

বৰ্তমান কুশল দুৱৰীয়ে অগ্ৰগতি লাভ কৰি। আনহাতে যোৰহাটত গৌৰৱ গগৈক পিছ পেলাই বৰ্তমান ১০৫৬টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। একেদৰে খোৱাঙটো পিছ পৰি আছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈক পিছ পেলাই বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ অগ্ৰগতি।

লগতে পঢ়ক: কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

‘আমি গৌৰৱী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়’; কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে।

নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এইবাৰ হিন্দু আৰু খিলঞ্জীয়া লোকৰ মাজত অদ্ভুত উৎসাহ দেখিবলৈ পোৱা গৈছে। যিটো গণতন্ত্ৰৰ বাবে ভাল খবৰ। অসমীয়া মানুহে হিল-দ’ল ভাঙি আজি ভোট দিবলৈ আহিছে। ২০১৬ চনৰ পৰা অসমীয়া মানুহে ভোট দিবলৈ ওলাই আহিছিল। অসমীয়া মানুহে বুজি উঠিছে যে নিৰ্বাচনটো এৰি দিলে অসমতে সংকট হব।

ভোটগ্ৰহণ সমাপ্তিৰ অন্তত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এইবাৰ বিজেপি মিত্ৰজোঁটে ৯০খনতকৈয়ো অধিক আসন পাব পাৰে। অৱশ্যে ১০০খন আসন পালেও আচৰিত হ’বলগীয়া হব লগীয়া নাই। মই ভাবিছিলো এআইইউডিএফ এ অসমত আসন নাপাব। কিন্তু এআইইউডিএফ এ ৪-৫খন আসন লাভ কৰিব। আনহাতে কংগ্ৰেছে ১৮ৰ পৰা ২২খনৰ ভিতৰতে সীমাৱদ্ধ থাকিব।

তিনি গগৈৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, তিনি গগৈ যথেষ্ঠ চাপত থাকিব।৪ মে’ত তিনি গগৈয়ে নিৰ্বাচনৰ শেষৰটো ভোট গগনা কৰা লৈকে চিন্তাত থাকিব লাগিব।গগৈ নোহোৱা মানুহবোৰে বেছি ভোটত জিকিব। আমাৰ সমাজখন উপাধিৰ ওপৰত নচলে।৩ গগৈয়ে হয় ২০০০ ভোটত জিকিব নহয় হাৰিব। বিজেপিৰ গগৈ বিলাকে এই তিনি গগৈতকৈ ভাল ভোটত জিকিব।

গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মই ভোট দিবলৈ পত্নীক লগত লৈ গৈছো। কিন্তু গৌৰৱ গগৈয়ে মাতৃক লগত হে গৈছে। তাৰ মানে মোৰ অভিযোগবোৰ সঁচা যে গৌৰৱ গগৈয়ে আজিলৈকে নিজৰ পৰিয়ালক ভাৰতীয় কৰিব নোৱাৰিলে। আমি গৌৰবী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়। কংগ্ৰেছে যিমানেই মোক গালি পাৰে সিমানে মোৰ ভোট বাঢ়ি যায়।

লগতে পঢ়ক: ভোটদানৰ অভিলেখ; প্ৰায় ৮৫ শতাংশ ভোটাৰৰ ভোটাধিকাৰ সাব্যস্ত

বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ফেচবুক লাইভত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বটদ্ৰৱালৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে

কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ফেচবুক লাইভত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বটদ্ৰৱালৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে । লগতে গৌৰৱ গগৈক বটদ্ৰৱা থানত উপস্থিত হৈ শপত ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি প্ৰত্যাহ্বান জনায় ।

ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তেওঁ নিজৰ সম্পত্তি, পৰিয়ালৰ সৈতে জড়িত যিকোনো বিদেশী সম্পত্তি, বেংক একাউণ্ট আৰু পাছপ’ৰ্ট সন্দৰ্ভত গীতাত হাত থৈ শপত ল’বলৈ গৌৰৱ গগৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিছে । লগতে তেওঁ দুয়োগৰাকী নেতাই বুধবাৰে পুৱা ৯ বজাত ৰাজহুৱা শপত গ্ৰহণৰ বাবে বটদ্ৰৱা থানত উপস্থিত হোৱাৰ প্ৰস্তাৱ দিয়ে ।

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ নামতো বিদেশত সম্পত্তি নাই বুলি শপত খোৱাৰ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ইংলেণ্ডৰ বিদেশী বেংক একাউণ্ট আৰু সম্পত্তিৰ সবিশেষ ৰাজহুৱা কৰিবলৈ কয় । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ খবৰক লৈও প্ৰশ্ন উত্থাপন কৰি বিশেষকৈ ৰাৱালপিণ্ডিত থকা আৰু সাতদিনীয়া ভ্ৰমণৰ সময়ত তেওঁৰ কাম-কাজৰ বিষয়ে ৰাজহুৱা কৰিবলৈ কয় ।

ফেচবুক লাইভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- “এইবাৰ কংগ্ৰেছে সীমা চেৰাই গ’ল । যোৱা দুদিন ধৰি বিভিন্ন পাছপোৰ্ট, ভিছা, সম্পত্তি, ফটোষ্টেট, এআই আদিৰে সীমা চেৰাই গ’ল । এতিয়া কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি কোনো সাৰসুৰ নোহোৱাকৈ গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ’ল ।“

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিদেশত কোনো সম্পত্তি নাই বুলি গীতাত ধৰি শপত খাবলৈ জনোৱা প্ৰত্যাহ্বানো গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই । তেওঁ গৌৰৱ গগৈৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰা বুলি উল্লেখ কৰি ৮ এপ্ৰিল, বুধবাৰে পুৱা ৯ বজাত বটদ্ৰৱা থানত উপস্থিত হোৱাৰ প্ৰস্তাৱ দিয়ে ।

গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়-“মই ভাগৱত গীতাত হাত থৈ, গীতা মূৰত লৈ মোৰ শপত বাক্য পাঠ কৰিম আৰু মই মোৰ, পত্নীৰ, মোৰ পৰিয়ালৰ যিমান বেংক একাউন্ট আছে, পাছপোৰ্ট আছে সকলোবোৰ দাঙি ধৰিম । মোৰ মাত্ৰ এটাই অনুৰোধ একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছে নে নাই । আপোনাৰ পত্নীৰ পাকিস্তাৰ বেংক একাউন্ট, ইংলেণ্ডৰ সম্পত্তি এই সকলোবোৰ আপুনিও দেখুৱাব লাগিব আৰু ভাগৱত গীতাত হাত থৈ আপুনিও শপত ল’ব লাগিব যে, পাকিস্তানত থকা সময়োছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিল । লগতে কি ধৰণে পাকিস্তানত ৭ দিন অতিবাহিত কৰিছিল আৰু ৰাৱালপিণ্ডিলৈ কিয় গৈছিল ।“

আনহাতে বটদ্ৰৱা থানৰ সলনি গুৱাহাটীৰ কোনো স্থানো যদি গৌৰৱ গগৈয়ে নিৰ্ধাৰণ কৰে তাৰ বাবেও মুখ্যমন্ত্ৰী প্ৰস্তুত আছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : আজি সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ, বিয়লি ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া ‘চাইলেন্ট পিৰিয়ড’

এতিয়া আপোনাৰ পাল… গৌৰৱ গগৈক প্ৰত্যাহ্বান ৰিণিকি ভূঞা শৰ্মাৰ

এক প্ৰত্যুত্তৰত ৰিণিকি ভূঞা শৰ্মাই গৌৰৱ গগৈক প্ৰশ্ন কৰে যে তেওঁৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি আৰু তেওঁ তেনে তথ্য ৰাজহুৱা কৰিব পাৰিব নে ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগ প্ৰত্যাখ্যান কৰি তেওঁক প্ৰত্যাহ্বান জনায় । বিদেশী সম্পত্তি থকাৰ অভিযোগ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী পত্নীয়ে দাবী কৰে যে তেওঁ বা তেওঁৰ পৰিয়ালৰ ভাৰতৰ বাহিৰত কোনো ব্যৱসায়িক স্বাৰ্থ বা সম্পত্তি নাই ।

কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ এটা পোষ্টৰ উত্তৰ দি তেওঁ কয়, “মোৰ, মোৰ সন্তানৰ বা মোৰ স্বামীৰ ডুবাই বা ভাৰতৰ বাহিৰৰ কতো কোনো ব্যৱসায়িক স্বাৰ্থ বা সম্পত্তি নাই ।”

এক প্ৰত্যুত্তৰত তেওঁ গৌৰৱ গগৈক প্ৰশ্ন কৰে যে তেওঁৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি আৰু তেওঁ তেনে তথ্য ৰাজহুৱা কৰিব পাৰিব নে ?  লগতে তেওঁ গৌৰৱ গগৈক নিজৰ দাবী সলনি কৰাৰো অভিযোগ উত্থাপন কৰি কয় যে ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ “ইজিপ্তৰ পাছপোৰ্টত গোল্ডেন ভিছা”ৰ পৰা “ভাৰতীয় পাছপোৰ্ট”লৈ নিজৰ বক্তব্য সলনি কৰিছে ।

এক্সত কংগ্ৰেছ নেতা গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই ৰিণিকি ভূঞা শৰ্মাই কয়-“ মই আপোনাৰ উৎকণ্ঠাৰ অন্ত পেলাই এই হাস্যকৰ প্ৰশ্নবোৰৰ উত্তৰ নিজেই দিছো, গৌৰৱ গগৈ ডাঙৰীয়া ।

কথাটো হ’ল : মোৰ, মোৰ সন্তানৰ বা মোৰ স্বামীৰ ডুবাই বা ভাৰতৰ বাহিৰৰ কতো কোনো ব্যৱসায়িক স্বাৰ্থ বা সম্পত্তি নাই ।

এতিয়া আপোনাৰ পাল । আপোনাৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি, সেই কথা ৰাজহুৱা কৰিব পাৰিবনে ? আৰু আপুনি সেই তথ্যবোৰ ৰাইজক দেখুৱাবনে ?

আৰু এটা আমোদজনক কথা যে, কেনেকৈ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ দাবী ‘ইজিপ্তৰ পাছপোৰ্টত গোল্ডেন ভিছা’ৰ পৰা নমাই আনি এতিয়া ‘ভাৰতীয় পাছপোৰ্ট’ৰ কথা কৈছে ।“

উল্লেখ্য যে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে উত্থাপন কৰা এলানি প্ৰশ্নৰ পাছতেই এই বাকযুদ্ধৰ সূচনা হয়, য’ত তেওঁ মুখ্যমন্ত্ৰীক কথিত বিদেশী সম্পৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছিল । ইয়াৰ পিছতেই ৰিণিকি ভূঞা শৰ্মাই নিজৰ স্থিতি স্পষ্ট কৰি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে ।

লগতে পঢ়ক : ‘৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা’; পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰিণিকি ভূঞা শৰ্মাৰ…