যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ গৌৰৱ গগৈ

যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ

প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ। ২৩ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ শোচনীয় পৰাজয়। বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাস্ত গৌৰৱ

প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ

প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ। ২৩ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ শোচনীয় পৰাজয়। বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাস্ত গৌৰৱ গগৈ । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি হিতেন্দ্ৰনাথ গোস্বামীয়ে মুঠ ৬৯৪৩৯ টা ভোট লাভ কৰিছে।যোৰহাটৰ ১০ নং ৱাৰ্ডৰ নিজৰ ৫২ নং বুথতে পৰাজয় হ’ল গোৰৱ গগৈ।এই জয়ৰ লগে লগে ষষ্ঠবাৰৰ যোৰহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হ’ল হিতেন্দ্ৰ নাথ গোস্বামী।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰয়াত কংগ্ৰেছ নেতা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। যোৰহাটৰ লোকসভা সাংসদ হিচাপে তেওঁৰ নিজৰেই সমষ্টিত বিজেপিৰ প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে হোৱা এই যুঁজখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। গৌৰৱ গগৈৰ বাবে এই আসনখন কেৱল কংগ্ৰেছ দলৰ ভিতৰত নিজৰ নেতৃত্ব শক্তিশালী কৰাই নহয়, বৰঞ্চ ২০২১ চনৰ পৰা শাসনত থকা ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে এক বিকল্প হিচাপে থিয় দিয়াৰ বাবেও অপৰিহাৰ্য আছিল।

গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ আৰু অসম জাতীয় পৰিষদ (AJP) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে যি “৩ গগৈ মিত্ৰজোঁট” গঠন কৰিছিল, তাৰ উদ্দেশ্য আছিল উজনি অসমত বিজেপিৰ শক্তিশালী স্থিতি নস্যাৎ কৰা। অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ৰাজনীতি আৰু নিৰ্বাচনী কৌশলৰ সমুখত এই প্ৰচেষ্টা ব্যৰ্থ হ’ল। যাৰ ফলস্বৰূপে বিজেপিয়ে পুনৰ আসনৰ সংখ্যা বৃদ্ধি কৰি অসমত ক্ষমতা দখল কৰাৰ পথত অগ্ৰসৰ হৈছে।

লগতে পঢ়ক: ধুমুহা গতিত অসমত বিজয়ৰ দিশে বিজেপি; কোন কোন সমষ্টিত জয়লাভ