পাকিস্তানত মনোনয়ন দিয়া হ’লে বেছি ভোট পালেহেঁতেন গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

পাকিস্তানত নিৰ্বাচন খেলিলে গৌৰৱ গগৈয়ে অধিক ভোট পালেহেঁতেন বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে

আগন্তুক বিধানসভা নিৰ্বাচনৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰীৰ মুখত পুনৰ ঠাই পালে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বিষয়ে । যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাক লৈ সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । পাকিস্তানত নিৰ্বাচন খেলিলে গৌৰৱ গগৈয়ে অধিক ভোট পালেহেঁতেন বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । লগতে পাকিস্তানৰ এজেণ্টে পাকিস্তানত নিৰ্বাচন খেলিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-“গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা মনোনয়ন দিছে তেওঁক শুভেচ্ছা জনাইছোঁ, কিন্তু তেওঁ ভাৰততকৈ পাকিস্তানত মনোনয়ন দিয়াহেতেন বেছি ভোট পালেহেতেন । যি পাকিস্তানৰ এজেন্ট তেওঁ পাকিস্তানত নিৰ্বাচন খেলিব লাগে ভাৰতত নহয় ।“

অসমত এইবাৰ আকৌ বিজেপিৰ চুনামি আহিব-

ইফালে অসমত এইবাৰ হ’ব বিজেপিৰ চুনামি আহিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ মনোনয়ন যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ বিজেপি মিত্ৰজোঁটৰ অভূতপূৰ্ব ফলাফল হ’ব বুলি মন্তব্য কৰে ।

আগন্তুক নিৰ্বাচনত বিজেপিয়ে কিমান আসন পাব বুলি সাংবাদিকে সোধা আক প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “কিমান আসন পাম সেয়া আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিম । এইবাৰ আমি অভূতপূৰ্বভাৱে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হম ।“

আনহাতে বিৰোধী মহাজোঁটক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিৰোধী মহাজোঁটে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : শিৱসাগৰৰ নিৰ্বাচনী ৰণত প্ৰৱেশ কুশল দুৱৰীৰ, দাখিল কৰিলে মনোনয়ন

আল্লাহেই শেষ ভৰষা; মনোনয়নৰ পূৰ্বে মছজিদত দোৱা গৌৰৱ গগৈৰ

বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাটৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈয়ে। আজি মনোনয়ন দাখিলৰ অন্তিম দিনটোত তৰাজানৰ এটা মছজিদত দোৱা কৰিলে গৈৰৱ গগৈয়ে।

আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। অন্তিম দিনটোত শাসক-বিৰোধীৰ বহু হেভীৱেট প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজৰ নিজৰ মনোনয়ন। যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী গৌৰৱ গগৈয়েও আজি মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ পূৰ্বে মছজিদত গৌৰৱ গগৈৱে আল্লাহৰ ওচৰত কৰিলে দোৱা। যোৰহাটৰ তৰাজানৰ এটা মছজিদত দলৰ আন আন সদস্যৰ সৈতে উপস্থিত হয় গৌৰৱ গগৈ। মছজিদত দোৱা কৰি মনোনয়ন দাখিল কৰিলে গৌৰৱ গগৈয়ে।  

লগতে পঢ়ক: ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক; আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা

আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। ইতিমধ্যে ৩ মাৰ্চত ৪২ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে।

আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। স্ক্ৰীনিং কমিটীৰ বৈঠকত ইতিমধ্যে চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা। শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল CECৰ বৈঠক।AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অধ্যক্ষতাত হৈছিল এই বৈঠকখন। বৈঠক খনত APCCৰ সভাপতি গৌৰৱ গগৈৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো উপস্থিত আছিল।

তাৰ লগতে এই বৈঠকত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেণুগোপাল, অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী, অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙ, কংগ্ৰেছ জ্যেষ্ঠ পৰ্যবেক্ষকসকল আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলো উপস্থিত আছিল।এই বৈঠকত অসমৰ আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

লগতে পঢ়ক: ‘বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে’…অৱশেষত আনুষ্ঠানিকভাৱে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিলে ৰাইজৰ দলে

ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে গৌৰৱ গগৈয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে

লোকসভাৰ সাংসদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিগত দিনসমূহত বিজেপি চৰকাৰে কৰি অহা উন্নয়নমূলক কামৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে ।

বুধবাৰে যোৰহাটৰ স্বৰাজ উদ্যান মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ, যোৰহাটৰ পৰিকল্পিত উৰণ সেতু আৰু গহপুৰ-নুমলীগড়ৰ মাজৰ প্ৰস্তাৱিত পানীৰ তলৰ সুৰংগ প্ৰকল্পৰ বিৰোধিতা কৰিছিল ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে গৌৰৱ গগৈয়ে অসম বা ভাৰতৰ উন্নয়ন নিবিচাৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰ অনুমোদন কৰা হৈছিল, গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছিল । যোৰহাটৰ উৰণ সেতু আৰু গহপুৰ-নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগটোৰ ক্ষেত্ৰতো তেওঁ বিৰোধিতা কৰিছিল ।”

তেওঁ লগতে দাবী কৰে যে যিহেতু গৌৰৱ গগৈৰ পৰিয়াল যুক্তৰাজ্যত থাকে, সেয়েহে তেওঁ ভাৰতৰ পৰিৱৰ্তে তাৰহে উন্নয়নৰ পোষকতা কৰিব । লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কটাক্ষ কৰি কয় যে, গৌৰৱ গগৈয়ে ইংলেণ্ড বা পাকিস্তানৰ উন্নয়নৰ বাবেহে মাত মাতিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ একাংশকো সমালোচনা কৰি কয় যে উজনি অসমৰ আন্তঃগাঁথনি প্ৰকল্পৰ সন্দৰ্ভত সাংবাদিকসকলে গৌৰৱ গগৈক প্ৰশ্ন কৰা উচিত । ড০ শৰ্মাই কয়, “মই দেখিছো যে সাংবাদিকসকলৰ গৌৰৱ গগৈক প্ৰশ্ন কৰাৰ সাহস নাই, কিন্তু মই সংবাদ কৰ্মীসকলক তেওঁক প্ৰশ্ন সুধিবলৈ অনুৰোধ জনাম ।” তেওঁ লগতে কয় যে গৌৰৱ গগৈয়ে সমগ্ৰ উজনি অসমৰ উন্নয়নৰ বিৰোধিতা কৰি আহিছে ।

লগতে পঢ়ক : যোৰহাটত স্বৰাজ উদ্যান মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ, আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈৰ

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে

অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে । দীৰ্ঘদিন ধৰি চৰ্চাত থকা ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা বুধবাৰে আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে । আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এক বিবৃত্তিত এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে । অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ বিপৰীতে ৰাইজৰ দলক মিত্ৰতাত নোলোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে । সংখ্যালঘু অধ্যুষিত কেইটামান সমষ্টিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা সন্দৰ্ভত মনোমালিন্যৰ সৃষ্টি হোৱাৰ লগতে দুয়ো পক্ষৰ আকোৰগোঁজ স্থিতিৰ ফলতেই মিত্ৰতাত যতি পৰা বুলি ইতমধ্যে অভিযোগ উঠিছে । এই সন্দৰ্ভত দুয়ো পক্ষই অভিযোগ-প্ৰত্যাভিযোগেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি তুলিছে ।

ইয়াৰ মাজতেই বুধবাৰে সামাজিক মাধ্যমযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাসংদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে । গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত লিখিছে- “অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো । কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই ।

নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা । এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো ।

কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই । সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো । পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম ।“

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

‘গৌৰৱ গগৈ, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰিব’; মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লৈ এক বিস্ফোৰক মন্তব্য দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গৌৰৱ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটোক এটা সময়ত শেষ কৰিব।

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,অসমৰ কংগ্ৰেছত যেতিয়ালৈকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন থাকিব তেতিয়ালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব।এই দুইজন ব্যক্তি কংগ্ৰেছত থকালৈকে বিজেপি ক্ষমতাত থাকিব।

গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকালৈকে বিজেপিৰ লাভ হৈয়ে থাকিব।গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছক এফালৰ পৰা ধ্বংস কৰি আহিছে।

এটা সময়ত তেওঁলোক দুজনৰ বাবেই কংগ্ৰেছ দলটো নোহোৱা হ’ব।  আনহাতে ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী সদায় দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলিও মুখ্যমন্তত্ৰী গৰাকীয়ে মন্তব্য কৰে।

লগতে পঢ়ক: আজি লোকসভাৰ অধ্যক্ষ চকীত বহিব নোৱাৰিব ওম বিৰলা; সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ

‘মিত্ৰতাৰ পৰিস্থিতি ভাল নহয়’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

শেষ হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা । মিত্ৰতাক লৈ এতিয়া অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে, সোমবাৰে বিয়লি ৩ বজাত এখন সংবাদমেল যোগে এই মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

কিন্তু বৰ্তমানলৈকে পৰিস্থিতি ভাল নহয়। এতিয়া লৈকে কংগ্ৰেছৰ পৰা কোনো সহাৰি পোৱা নাই। আমি সকলো লক্ষ্য কৰি আছো। সেয়ে আমাৰ দলৰ যি স্থিতি সেই সম্পৰ্কে ৩ বজাত এখন সংবাদমেল যোগে সকলো কথা ব্যক্ত কৰিম।

কংগ্ৰেছৰ মন্তব্যবোৰ সঘনাই সলনি হৈ আছে। প্ৰথমে কংগ্ৰেছে যিবোৰ কথাত মান্তি হৈছিল এতিয়া সকলো কথা সলনি কৰিছে। তেওঁলোকে এনেকোৱা কিছুমান কথা কৈ আছে, যিবোৰে আমাৰ দলৰ মাজত বিৰূপ প্ৰভাৱ পেলাইছে।

তেওঁলোকে আমাক আৰু কিছুদিন ৰ’বলৈ কৈছে। কিন্তু দুবাৰকৈ পৰাজয় হোৱা কংগ্ৰেছৰ ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক অধিকাৰ নাই।সেয়ে আমাৰ দলৰ সকলো কথা সংবাদমেল যোগে সকলো কথা উল্লেখ কৰিম।

দৰাচলতে ৰাইজৰ দলে কংগ্ৰেছৰ পৰা তেওঁলোকৰ মতে যি কেইখন আসন বিচাৰিছে সেই কেইখন আসন দিবলৈ মান্তি হোৱা নাই কংগ্ৰেছ। যাৰ বাবে এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হ’বলগীয়া মহাজোঁটত ভাঙোন আহিছে।

লগতে পঢ়ক: ‘আলোচনাৰ দ্বাৰাই সমস্যাৰ সমধান কৰিব লাগে’; মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ, দল ত্যাগৰ হুংকাৰ

মিত্ৰ দলক সমষ্টি এৰি দিয়াক লৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বিদ্ৰোহত কঁপি উঠিছে কংগ্ৰেছৰ ভেটি । গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ ।

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত দেখা দলীয় কৰ্মীৰ বিদ্ৰোহ । নিৰ্বাচনলৈ মাত্ৰ কেইটামান সপ্তাহ থকাৰ পূৰ্বে দলটোত ভিতৰ চ’ৰাত দেখা দিছে অন্তকন্দলে । মিত্ৰ দলক সমষ্টি এৰি দিয়াক লৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বিদ্ৰোহত কঁপি উঠিছে কংগ্ৰেছৰ বৰভেটি । আনকি দলীয় কৰ্মীৰ ক্ষোভ, প্ৰতিবাদৰ পৰা হাত সাৰি যোৱা নাই স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । সমষ্টিয়ে সমষ্টিয়ে এতিয়া দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ ক্ষোভৰ জুই ।

গোলাঘাটতো বৃহস্পতিবাৰে দেখা গ’ল অনুৰূপ পৰিস্থিতি । প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসংখ্য কংগ্ৰেছ কৰ্মীয়ে । গোলাঘাট আৱৰ্তন ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে । জিলাখনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি সৰুপথাৰ কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদক এৰি দিয়াৰ বাবে তৃণমূল কৰ্মীসকলে গৌৰৱ গগৈৰ সন্মুখতে ক্ষোভ ব্যক্ত কৰি সমষ্টিটো এৰি নিদিয়াৰ হুংকাৰ দিয়ে ।

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা অনুসৰি সৰুপথাৰ সমষ্টিটো মিত্ৰ দলটোক এৰি দিয়াৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ দলে । কিছুদিনৰ পূৰ্বে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়াই এই সমষ্টিটোৰ পৰা অজাৰ হৈ নিৰ্বাচন খেলিব বুলি চৰ্চা চলিছে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতেই এতিয়া ক্ষুব্ধ হৈ পৰিছে সৰুপথাৰ সমষ্টিৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী । যাৰ বাবে গৌৰৱ গগৈৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰি সমষ্টিটো মিত্ৰ দলক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে ।

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীৰ এই ক্ষোভে সৰুপথাৰ সমষ্টিত কংগ্ৰেছত একপ্ৰকাৰ নতুন ৰাজনৈতিক অস্থিৰতাৰ ইংগিত দিছে । যদিহে সমষ্টিটো অজাপক এৰি দিয়া হয় তেন্তে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰো ভাবুকি দিছে । ইয়াৰ মাজতে কাইলৈৰ পৰা সৰুপথাৰ সমষ্টি অজাপক এৰি দিয়াৰ বিৰোধিতাৰে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কাৰ্যসূচী হাতত লৈছে বুলিও জানিব পৰা গৈছে ।

বিন্নাকান্দিতো বিদ্ৰোহৰ জুই-

ইফালে বিন্নাকান্দি সমষ্টিটো দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ বিদ্ৰোহৰ দাবানল । সংখ্যালঘু অধ্যুষিত সমষ্টি বিন্নাকান্দিত বিৰোধী দল কংগ্ৰেছে আসনখন অসম জাতীয় পৰিষদক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকল । সমষ্টিৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকলে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দিয়াৰ দাবীত বুধবাৰে নিশা ডবকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

তদুপৰি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । “ৰকিবুল হটাও, কংগ্ৰেছ বাচাও” শ্লোগান দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলৰ অভিযোগ অনুসৰি, ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰ সৈতে বুজাবুজি কৰি সাংগঠনিকভাৱে শক্তিশালী বিন্নাকান্দি সমষ্টিটো কংগ্ৰেছৰ সলনি এজেপিক এৰি দিছে ।

যদি বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নিদিয়ে, তেন্তে ৰকিবুল হুছেইনক বিন্নাকান্দিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰো হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মীসকলে । আনহাতে, আসনখন এজেপিক এৰি দিলেও কোনো পৰিস্থিতিতেই অজাপ প্ৰাৰ্থীক সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিয়ে কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে মনোনয়ন আৰম্ভ; ১৬ মাৰ্চত নিৰ্বাচন

কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ ইংগিত! দুই কংগ্ৰেছী বিধায়ক সন্দৰ্ভত গৌৰৱ গগৈৰ ক্ষোভ

ভংগ হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। দুই কংগ্ৰেছী বিধায়ক ৰাইজৰ দললৈ যোৱাক লৈ ক্ষোভ প্ৰকাশ গৌৰৱ গগৈৰ।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ সাংসদ গৌৰৱ গগৈৱে ক্ষোভ প্ৰকাশ কৰিছে। দুই কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলে ৰাইজৰ দললৈ যোৱাক লৈ ক্ষোভ গৌৰৱ গগৈৰ।

যাৰ বাবে এতিয়া মিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। মিত্ৰতাৰ সন্দৰ্ভত এতিয়া গৌৰৱ গগৈয়ে কৈছে যে,ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত আলোচনা চলি আছে।

কিন্তু ৰাইজৰ দলৰ সৈতে মিত্ৰতাক লৈ পূৰ্বতে যিমান নিশ্চিত আছিলো এতিয়া সেয়া পজিটিভিতি এশ শতাংশ কমিল।

পূৰ্বৰ দৰে ৰাইদৰ দলৰ সৈতে মিত্ৰতাক লৈ আশাবাদী নহয় কংগ্ৰেছ।কংগ্ৰেছে নিলম্বন কৰা বিধায়কক ৰাইজৰ দলে আদৰি লোৱা কাৰণ কি সেই কথা কংগ্ৰেছে বুজা নাই।

গৌৰৱ গগৈয়ে লগতে কয় যে অখিল গগৈয়ে আগৰে পৰাই সংবাদ মাধ্যমৰ সন্মুখত কথা কয়।আমাৰ সেই অভ্যাস নাই আৰু  পৰম্পৰাও নহয়।কংগ্ৰেছে আনুষ্ঠানিক আলোচনা কৰি গোপনীয়তা বাহল ৰাখিহে কথা কয়।

এনে পৰিৱেশ আমি বহুদিনৰ পৰাই চাই আছো।ৰাইজৰ দলৰ প্ৰাৰ্থী সৱল নে দুৰ্ৱল সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। গতিকে আমি এই মিত্ৰতাৰ বিষয়ক লৈ একো নাভাবোঁ।

লগতে পঢ়ক: ‘পছন্দৰ ১২ খন আসন পালেহে মিত্ৰতা হ’ব’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য