কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লৈ এক বিস্ফোৰক মন্তব্য দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গৌৰৱ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটোক এটা সময়ত শেষ কৰিব।
কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,অসমৰ কংগ্ৰেছত যেতিয়ালৈকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন থাকিব তেতিয়ালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব।এই দুইজন ব্যক্তি কংগ্ৰেছত থকালৈকে বিজেপি ক্ষমতাত থাকিব।
গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকালৈকে বিজেপিৰ লাভ হৈয়ে থাকিব।গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছক এফালৰ পৰা ধ্বংস কৰি আহিছে।
এটা সময়ত তেওঁলোক দুজনৰ বাবেই কংগ্ৰেছ দলটো নোহোৱা হ’ব। আনহাতে ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী সদায় দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলিও মুখ্যমন্তত্ৰী গৰাকীয়ে মন্তব্য কৰে।
লগতে পঢ়ক: আজি লোকসভাৰ অধ্যক্ষ চকীত বহিব নোৱাৰিব ওম বিৰলা; সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ









