‘বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে’…অৱশেষত আনুষ্ঠানিকভাৱে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিলে ৰাইজৰ দলে

‘বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে’…অৱশেষত আনুষ্ঠানিকভাৱে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিলে ৰাইজৰ দলে

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতাৰণা কৰাৰ দৰেই ২০২৬তো কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰিছে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সৰ্বাধিক চৰ্চিত ৰাজনৈতিক বিষয়টো আছিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা । যদিও বিষয়টোৱে চৰ্চা লাভ কৰিছিল তথাপিও কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতাৰণা কৰাৰ দৰেই ২০২৬তো কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰিছে

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সৰ্বাধিক চৰ্চিত ৰাজনৈতিক বিষয়টো আছিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা । যদিও বিষয়টোৱে চৰ্চা লাভ কৰিছিল তথাপিও কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হৈ নুঠিল । নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি দাবী কৰা অখিল গগৈৰ মিত্ৰতাৰ প্ৰস্তাৱ নাচক কৰে কংগ্ৰেছে । মূলতঃ সংখ্যালঘু অধ্যুষিত কেইটামান সমষ্টিয়ে দুয়োটা দলৰ মিত্ৰতাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগৰ ঘোষণা কৰি এই বিষয়টোৰ পৰা বিৰতি লোৱা বুলি কেইদিনমান পূৰ্বে উল্লেখ কৰিছিল ।

ইয়াৰ পিছতে শুকুৰবাৰে নিশা সামাজিক মাধ্যমযোগে এক বিবৃতি প্ৰকাশ কৰি কংগ্ৰেছৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে আশা বাৰম্বাৰ প্ৰত্যাশিত হৈয়ো আশা পালি থকা ৰাইজৰ দলে । সামাজিক মাধ্যমৰ এই পোষ্টত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতাৰণা কৰাৰ দৰেই ২০২৬তো কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰিছে । লগতে মিত্ৰতাৰ নামত কংগ্ৰেছে ৰাইজৰ দলক বুঢ়া আঙুলি দেখুওৱা বুলিও অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত কৰে যদিও এই ক্ষেত্ৰত দম্ভালি মাৰি থকা অখিল গগৈ তথা ৰাইজৰ দলক প্ৰত্যাখ্যান কৰে কংগ্ৰেছে । তাৰিখৰ পিছত তাৰিখ দিয়াৰ পিছতো, হাজাৰ অনুৰোধৰ পিছতো অখিল গগৈৰ আহ্বানলৈ তিলমানো সঁহাৰি নিদিলে কংগ্ৰেছে । অৱশেষত মিত্ৰতাৰ নিসিজা কচু সিজাবলৈ গৈ বিফল মনোৰথ হোৱা ৰাইজৰ দলে আনুষ্ঠানিকভাৱে বন্ধ কৰিলে মিত্ৰতাৰ দুৱাৰ ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক বিবৃতিত ৰাইজৰ দলে উল্লেখ কৰিছে-“ক্ষমা কৰিব ৰাইজ, আমি নোৱাৰিলোঁ। ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মাত্ৰ ৮ খন আসনত মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত মনোনয়নৰ মূৰামূৰি সময়ত প্ৰতাৰণা কৰিছিল। এইবাৰ ২০২৬তো মাত্ৰ ১৫ খন আসন বিচাৰোঁতে একেই বিশ্বাসঘাটকতা কৰিলে ৰাইজৰ দলক। ‘তাৰিখ পে’ তাৰিখ’ আলোচনা কৰি অৱশেষত আজি এনে লুটিবাগৰ মাৰিলে যে মধ‍্যস্থতাকাৰী দুজনৰে খং উঠি গ’ল! কিমানবাৰ যে সমিতি সলনি নকৰিলে কংগ্ৰেছে!! কালিলৈ সবিস্তাৰে ৰাইজক জনাম। তলৰ বিবৃতিটো পঢ়ি চালে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰকৃত নাটকখন বুজি পাব ।“

লগতে পঢ়ক : কোকৰাঝাৰলৈ ৪,৫৭০ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ