‘কৃষকৰ পেটত লাঠ মাৰিব বিচাৰিছে অখিল গগৈয়ে’; মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তীক্ষ্ণ আক্ৰমণ

মন্ত্ৰী পিয়ুষ হাজৰীকাই অখিল গগৈয়ে ইথালনৰ বিৰুদ্ধে আন্দোলন কৰি কৃষকৰ পেটত লাঠ মাৰিব খুজিছে বুলি মন্তব্য কৰিছে।

 অখিল গগৈৰ বিৰুদ্ধে মন্ত্ৰী পিয়ুষ হাজৰীকাই তীক্ষ্ণ আক্ৰমণ কৰিছে।ব্লেক মেইলিঙেৰে জনতাক প্ৰতাৰণা কৰাৰ অভিযোগো কৰিছে মন্ত্ৰীগৰাকীয়ে।মন্ত্ৰী পিয়ুষ হাজৰীয়াই অখিল গগৈৰ সন্দৰ্ভত কয় যে, অখিল গগৈ ডাঙৰীয়াই মঙলবাৰে মোৰ বিৰুদ্ধে কেইটামান মন্তব্য কৰা বুলি মই শুনিবলৈ পাইছো। তেওঁ কেইবাটাও অসংবিধানিক শব্দ কৈছে, যিটো সাধাৰণতে আমি বিধানসভাত নকও। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। আমি ৫-১০ বছৰত কষ্ট কৰি যিকেইটা মাল গোটাও,তেওঁ নিৰ্বাচনৰ আগদিনা ব্লেক মেইল কৰি, মানুহক ঠগি, তাতকৈ ডাবুল মাল গোটাই। তাৰ প্ৰমাণ বহু মানুহৰ হাতত আছে।

মন্ত্ৰী পিয়ুষ হাজৰীকাই লগতে কয় যে, তথা কথিত কৃষক নেতা গৰাকীয়ে ইথানেলৰ বিৰুদ্ধে আন্দোলন কৰি কৃষকৰ পেটত লাঠ মাৰিব খুজিছে। যিসকল লোকে খেতি কৰে সেই সকল লোকৰ পেটত লাঠ মাৰিব বিচাৰিছে।তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে। সেই জন ব্যক্তিয়েহে কৃষকৰ পেটত লাঠ মাৰে। কৃষকৰ ভাল হোৱাৰ বাবে অখিল গগৈ ডাঙৰীয়াই ভাল পোৱা নাই। তেওঁ বৰ্তমান নিজকে কৃষক বুলি ক’বলৈ পাহৰিলে। তেওঁ পথাৰলৈ যোৱা মই দেখা নাই।

অখিল গগৈক মই প্ৰশ্ন কৰিছো যে, তেওঁ কৃষক হয় নে নহয়। কৃষকৰ নামতেই তেওঁ নেতা হৈছে, কিন্তু এতিয়া  কৃষকে ভালপোৱা কাম তেওঁ বেয়া পোৱা হৈছে। এই ইথানেল বা E 20 এ ধান, মাকৈ আৰু কুঁহিয়াৰ খেতি কৰা কৃষক সকলক সহায় কৰিছে।কৃষকে ইয়াৰ ফলত ব্যাপক লাভান্বিত হৈছে আৰু অখিল গগৈয়ে সেই কথাটো বেয়া পাইছে। খেতিয়ক যদি স্বাৱলম্বি হয় তেন্তে অখিল গগৈয়ে কৃষকৰ নামত আন্দোলন বা ৰাজনীতি কৰিব নোৱাৰিব। সেই কাৰণেই তেওঁ ইথানলৰ বিৰুদ্ধে নাটক কৰিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াক এই নাটক নকৰিবলৈ আহ্বান জনাইছো। কেৱল ইমানেই নহয় তেওঁ বিধানসভাৰ ভিতৰত সাংগো-পাংগো লৈ নাটক কৰিছে। তেওঁ কৃষকক লাঠ মাৰিব বিচৰা কথাটোত মই কষ্ট পাই আছো। দেশৰ অন্নদাতাক লাঠ মাৰিলে কষ্ট পাওঁ বুলিও মন্ত্ৰী পিয়ুষ হাজৰীকাই মন্তব্য কৰিছে।    

লগতে পঢ়ক: ‘অখিল গগৈয়ে সদনত মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্কহে কৰে’; ৱাজেদ আলী চৌধুৰী

‘অখিল গগৈয়ে সদনত মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্কহে কৰে’; ৱাজেদ আলী চৌধুৰী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয়টো দিন। সদনত উপস্থিত হৈ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে অখিল গগৈক লৈ এক ডাঙৰ মন্তব্য কৰিছে।

সদনত অখিল গগৈৰ ভূমিকা সন্দৰ্ভত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এক ডাঙৰ মন্তব্য কৰিছে। বিৰোধী দলপতি গৰাকীয়ে কয় যে, সদনত অখিল গগৈয়ে কোনো বিৰোধীৰ ভূমিকা পালন নকৰে, কেৱল মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্কহে কৰে। তেওঁৰ হাতত কোনো তথ্য নাথাকে।

বিৰোধী দলপতি গৰাকীয়ে কয় যে, সদনত অখিল গগৈয়ে ভিত্তিহীন কথা কয়। অখিল গগৈয়ে কেৱল চিন ক্ৰিয়েট কৰে। যিবোৰ সমস্যাত মাত মাতিব লাগে সেইবোৰত মাত নামাতে। অকল মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্ক কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। সেয়া কেতিয়াও বিৰোধীৰ ভূমিকা হ’ব নোৱাৰে।

লগতে পঢ়ক: ‘এনেই যি টি কথা নক’ব’: বিধানসভাত অখিল গগৈক চেলেঞ্জ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

‘এনেই যি টি কথা নক’ব’: বিধানসভাত অখিল গগৈক চেলেঞ্জ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক অখিল গগৈৰ বাক-বিতণ্ডাই উত্তাল কৰি তোলে বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন । দ্বিতীয়টো দিনৰ আৰম্ভণিৰে পৰাই ছিণ্ডিকেটৰ প্ৰসংগক লৈ উত্তপ্ত হৈ পৰে সদন । ছিণ্ডিকেট প্ৰসংগক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক অখিল গগৈৰ মাজত তীবে্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । দুয়োগৰাকীৰ বাক যুদ্ধত বহুসময় ধৰি স্থবিৰ হৈ পৰে সদনৰ কাম-কাজ ।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে উভতি ধৰি প্ৰত্যুত্তৰ দিয়ে । মন্ত্ৰী মল্লবৰুৱাই কোনো তথ্য নোহোৱাকৈ বিধানসভাত কথা নকবলৈ বিধায়ক অখিল গগৈক সকীয়াই দিয়ে ।

বিধায়ক অখিল গগৈক প্ৰত্যাহ্বান জনাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অখিল গগৈক যদি কোনো তথ্য আছে তেন্তে বিধানসভাৰ অধ্যক্ষক দাখিল কৰিবলৈ কয় । যদি তেওঁ তথ্য দাখিল কৰিব নোৱাৰে তেন্তে অখিল গগৈয়ে বিধানসভাত ক্ষমা খুজিব লাগিব বুলিও দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

অখিল গগৈক উভতি ধৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়-“বিধানসভাত এনেই থিয় হৈ যিটি কথা নক’ব । যদি আপোনাৰ হাতত কিবা তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰক আমি তাৰ উত্তৰ দিম । যদি দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব । বিধানসভাক অপমান কৰাৰ অধিকাৰ আপোনাক দিয়া নাই । টিভিত ওলাবৰ বাবে যি মন যায় তাকেই ক’ব সেয়া হ’ব নোৱাৰে ।“

লগতে অখিল গগৈৰ ‘ দোকান বন্ধ কৰি আছোঁ‘ বুলিও বিধায়কগৰাকীক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মন্ত্ৰীগৰাকীয়ে অখিল গগৈক কটাক্ষ কৰি কয়- “আপোনাৰ দোকান বিলাক লাহে লাহে বন্ধ কৰি আছোঁ চিন্তা কৰিব নালাগে । অখিল গগৈয়ে তিতকাৰী মাৰিছে কাৰণ তেওঁ ছিণ্ডিকেট বন্ধ হোৱাটো নিবিচাৰে । কাৰণ এইবিলাক কাম হ’লে তেওঁ মাজে মাজে মহলৰ পৰা পইচা পাই থাকে সেয়া বন্ধ হৈ যাব ।“

লগতে পঢ়ক : অসমত ৩.১৪ লাখ হেক্টৰ বনভূমি বেদখলৰ কৱলত! বিধানসভাত তথ্য দাঙি ধৰিলে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

মাতৃহাৰা হ’ল বিধায়ক অখিল গগৈ

আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।

বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান। আজি পুৱা ৬.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰিয়দা গগৈৱে। ৯৬ বছৰ বয়সত মৃত্যু প্ৰিয়দা গগৈৰ। দীৰ্ঘদিনে অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ। গুৱাহাটীৰ বাসগৃহতে দেহাৱসান অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ। দীৰ্ঘদিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছিল প্ৰিয়দা গগৈ।

লগতে পঢ়ক: নীতি আয়োগৰ নতুন উপাধ্যক্ষক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

“UCC-এ মানুহৰ ব্যক্তিগত জীৱনৰ ‘চোৰাংচোৱাগিৰি’ৰ অনুমতি দিবঃঅখিল গগৈ

‘লিভ ইন ৰিলেশ্বনশ্বীপৰ বিৰুদ্ধে আইন অনাটো সম্পৰ্কৰ গোপনীয়তা ফাদিল কৰাৰ দৰে’।UCCৰ বিৰোধীতা কৰি সদনত অখিল গগৈয়ে মন্তব্য কৰিছে।

বিধায়ক অখিল গগৈয়ে অসম বিধানসভাত প্ৰস্তাৱিত UCC বিধেয়কক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে ইয়াৰ ফলত নাগৰিকৰ ব্যক্তিগত জীৱনত চৰকাৰী হস্তক্ষেপ আৰু চোৰাংচোৱাগিৰি বৃদ্ধি পাব।

গগৈয়ে কয়, “অসমৰ মানুহৰ ব্যক্তিগত জীৱন সম্পৰ্কে UCC-এ কি কৈছে আৰু চৰকাৰে কি কৈছে, তালৈ লক্ষ্য কৰক। চৰকাৰে মানুহৰ জীৱনৰ অন্তৰংগ আৰু ব্যক্তিগত দিশসমূহ নিৰীক্ষণ কৰিবলৈ এটা আমোলাতন্ত্ৰ সৃষ্টি কৰিছে।”

তেওঁ অভিযোগ কৰে যে প্ৰস্তাৱিত এই ব্যৱস্থাৰ ফলত প্ৰশাসনে “প্ৰতিটো মুহূৰ্ততে আপোনাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিব। আপুনি কেনেকৈ বাস কৰে, কেনেকৈ নিজৰ জীৱন চলায় আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অহৰহ নজৰ কৰি থাকিব। ইয়াক কেনেকৈ অনুমতি দিব পাৰি বুলিও তেওঁ প্ৰশ্ন কৰে।

বিধায়কগৰাকীয়ে যুক্তি দৰ্শায় যে আগবঢ়ায় যে এনে বিধানে সাংবিধানিক নীতি উলংঘা কৰে আৰু গোপনীয়তাৰ অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কৰা পৰ্যবেক্ষণৰ বিপৰীতে গৈছে।

গগৈয়ে কয়, “ভাৰতীয় সংবিধানে কি কয় আৰু উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কি কৈ আহিছে? উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কৈছে যে বিধানসভা আৰু সংসদে এইদৰে ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিব নোৱাৰে।”

বিজেপি নেতৃত্বাধীন অসম চৰকাৰক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে প্ৰশাসনে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি মানুহৰ ব্যক্তিগত জীৱনৰ ওপৰত নিয়ন্ত্ৰণ জাপি দিবলৈ চেষ্টা কৰিছে।কিন্তু এতিয়া, ৰাজ্য চৰকাৰে এক হিটলাৰী মানসিকতাৰে মানুহৰ ব্যক্তিগত জীৱনৰ ওপৰত চকু ৰাখিব বিচাৰিছে ।

তেওঁ লগতে কয়, “এয়া আমাৰ ব্যক্তিগত জীৱন আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ ওপৰত এক আক্ৰমণ, আৰু ইয়াক বাতিল কৰিবই লাগিব।” প্ৰস্তাৱিত আইনখনক ব্যক্তিগত স্বাধীনতাৰ ওপৰত এক “আক্ৰমণ” বুলি অভিহিত কৰি গগৈয়ে এনেধৰণৰ ব্যৱস্থাসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক: ‘UCCৰ পৰা মুছলমান সমাজক বাদ দিয়ক’; বিধায়ক মজিবুৰ ৰহমান

‘কংগ্ৰেছৰ কেৰামতালিত সকলো বৰবাদ হৈ গ’ল’; ফলাফলৰ ৪৮ ঘণ্টাৰ পিছতেই গৌৰৱ গগৈক তুলাধূনা অখিল গগৈৰ

নিৰ্বাচনৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতেই নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ শোচনীয় পৰাজয়ৰ কাৰণৰ বিতং বিৱৰণ দিলে অখিল গগৈয়ে।

বিধানসভা নিৰ্বাচনত লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ শোচনীয় পৰাজয়ৰ মাজত কংগ্ৰেছক তীক্ষ্ণ কটাক্ষ কৰে অখিল গগৈয়ে। কংগ্ৰেছৰ পৰাজয়ৰ প্ৰকৃত কাৰণটোৰ কথা উল্লেখ কৰি অখিল গগৈয়ে কয় যে, কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ অপিৰকল্পিত প্ৰচাৰ। বিজেপিৰ সুপৰিকল্পনাৰ সন্মুখত ব্যৰ্থ বিৰোধী। বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বৰ বাবে ৫-৬ টা ৰণকৌশল কৰিছিলে। কিন্তু আমি সঠিকভাৱে পৰিকল্পনা কৰাত ব্যৰ্থ হ’লো। আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই পাৰ হ’ল।কংগ্ৰেছৰ কেৰামতালিত আমি সকলো বৰবাদ হৈ গ’লো। বিজেপিৰ ৰাজনৈতিক ৰণকৌশলটো কংগ্ৰেছে বুজিয়েই নাপালে।কংগ্ৰেছৰ বিধায়ক সকলৰ অৱস্থা দেখি অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ’ল যে মাত মাতিব নোৱাৰা বিধায়কক ভোট দি কি লাভ হ’ব।

অখিল গগৈয়ে লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰে সকলোৰে মনত সোমাই পৰিল। হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মাজলৈ গৈ চেল্ফী উঠে, কিন্তু আমাৰ কেইটাই ভালকৈ হেণ্ডচেকটো দিবলেও টান পাই।মুখ্যমন্ত্ৰী হৈও তেওঁৰ কাপোৰত ইষ্ট্ৰিয়েই নাথাকে কিন্তু আমাৰ বিৰোধী নেতা সকলৰ কাপোৰ চিধা হৈ থাকে। তেনেকুৱাকৈ নিৰ্বাচনত জয় লাভ কেনেকৈ কৰিব। বিজেপিয়ে কি কৌশল লৈছিলে কংগ্ৰেছে সেই কথা বুজিয়েই নাপালে।   

তেওঁ আৰু কয় ডঃ হিমন্ত বিশ্ব শৰ্মাই বোকা খচকি মানুহৰ মাজলৈ যায়।আমাৰ বিৰোধী নেতাই দুখীয়াৰ গা গোন্ধাই বুলি ওচৰলৈ নাযায়। আমাৰ বুথৰ মানুহবোৰ ৫-১০ বছৰে কেৱল হতাশাত আছে। কিন্তু বিজেপিৰ প্ৰতি মাহে মাহে মন কি বাতত বিধায়ক সকলে কৰ্মী সকলৰ সকলো সুবিধা-অসুবিধাৰ খবৰ লয়।আৰু আমাৰ নেতা কেইজনে বিধায়ক আৱাসৰ পৰা সমষ্টিলৈ নাযায়। এনেকোৱা হোৱাৰ পিছত এনেও পৰাজয় নিশ্চিত।

তেওঁ লগতে অভিযোগ কৰে যে, ‘মোক ৰাহুল গান্ধী অহা মিটিঙলৈ খবৰেই নিদিলে। নিৰ্বাচনত ৩ গগৈ কেৱল নামতহে থাকিল। গৌৰৱ গগৈয়ে মোক যোৰহাটত এখনো মিটিঙলৈ নামাতিলে। কিন্তু মই যোৰহাটত ৩ খন মান মিটিং কৰা হ’লেই গৌৰৱ গগৈয়ে জিকিলে হেতেন।মই এদিনৰ কাৰণে গৌৰৱ গগৈক হেলিকপ্টাৰ খন বিচাৰিছিলো। কিন্তু নিদিলে।চাহাবী ষ্টাইলত থাকিলে গৌৰৱে কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে।জ্যেষ্ঠ মানুহক সন্মান নকৰে, সকলো সময়তেই সন্দেহ কৰি থাকিলে কংগ্ৰেছৰ পৰাজয় অৱধাৰিত। কংগ্ৰেছৰ হাতত মিছাইল নাই স্থায়ী যুদ্ধা নাই। সেই কথা ক’লে মোক বিজেপিৰ মানুহ বুলি কয়’।  

লগতে পঢ়ক: পদত্যাগ পত্ৰ দাখিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ;  নতুন চৰকাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

বিৰোধীৰ ‘তিনি গগৈ’ৰ দুই গগৈ ধৰাশায়ী: যোৰহাটত গৌৰৱ আৰু খোৱাঙত লুৰীণজ্যোতিৰ শোচনীয় পৰাজয়

নিৰ্বাচনী ৰাজনীতিত পুনৰ ব্যৰ্থ চৰ্চিত দুই গগৈ । বিৰোধী ঐক্যমঞ্চৰ অন্যতম শক্তি হিচাপে বিবেচিত হোৱা ‘তিনি গগৈ’ৰ যুঁজত মুখ থেকেচা খালে দুই গগৈয়ে ।

ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিৰ এক নাটকীয় পৰিৱৰ্তন । নিৰ্বাচনী ৰাজনীতিত পুনৰ ব্যৰ্থ চৰ্চিত দুই গগৈ । বিৰোধী ঐক্যমঞ্চৰ অন্যতম শক্তি হিচাপে বিবেচিত হোৱা ‘তিনি গগৈ’ৰ যুঁজত মুখ থেকেচা খালে দুই গগৈয়ে । গৌৰৱ গগৈৰ পিছতেই এইবাৰ পৰাজয়ৰ সোৱাদ ল’বলগীয়া হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

যোৰহাটত গৌৰৱ গগৈৰ শোচনীয় পৰাজয়-

সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ হেভিৱেইট প্ৰাৰ্থী তথা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ পৰাজিত হৈছে । তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছিল যদিও ফলাফলত তেওঁ ২৩,১৮২টা ভোটৰ ব্যৱধানত বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে ।

খোৱাঙত লুৰীণজ্যোতি গগৈক প্ৰত্যাখ্যান: পুনৰ শূন্য হ’ল অজাপ

আনহাতে, খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ বিজেপিৰ চক্ৰধৰ গগৈৰ হাতত পৰাজিত হয় । পৰাজয়ৰ ব্যৱধান ৯,৯৮৪ টা ভোট । এই পৰাজয়ৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত পুনৰবাৰ শূন্য হৈ পৰিল অসম জাতীয় পৰিষদ । ২০২১ৰ বিধানসভা নিৰ্বাচনতো দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিও পৰাস্ত হৈছিল লুৰীণজ্যোতি গগৈ । এইবাৰ খোৱাঙত অজাপৰ সভাপতিগৰাকীক লৈ চৰ্চা যথেষ্ঠ হৈছিল যদিও তীব্ৰ প্ৰত্যাহ্বান জনাই দুবাৰৰ বিধায়ক বিজেপিৰ চক্ৰধৰ গগৈৰ হাতত পৰাজয় বৰণ কৰে তেওঁ ।

অখিল গগৈৰ যুঁজ অব্যাহত-

বিৰোধীৰ ‘তিনি গগৈ’ৰ ভিতৰত একমাত্ৰ অখিল গগৈয়ে এতিয়ালৈকে নিজৰ অগ্ৰগতি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । শেহতীয়া খবৰ অনুসৰি অখিল গগৈ বৰ্তমান ১২,৬৭৯টা ভোটত আগবাঢ়ি আছে । মন কৰিবলগীয়া যে, সমষ্টিটোত এতিয়াও ৪ ৰাউণ্ডৰ ভোট গণনা বাকী আছে । তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি বিজেপিৰ কুশল দুৱৰীৰ বিৰুদ্ধে তীব্ৰ যুঁজত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক : যোৰহাটত মুখ ঠেকেচা বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ

কি হ’ব তিনি গগৈৰ ভাগ্য?

৮ বজাত ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সকলোৰে চকু নিবদ্ধ হৈ পৰিছে তিনি গগৈৰ ফলাফলক লৈ। তিনি গগৈৰ ফলাফল কি হ’ব তাক লৈ চিন্তিত হৈ পৰিছে।

ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট।সকলোকে দৃষ্টি নিবদ্ধ হৈ আছে তিনি গগৈৰ ফলাফলৰ ওপৰত। ৮ বজাৰ বেলট পেপাৰৰ ভোটগণনাত প্ৰথমে শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে অগ্ৰগতি লাভ কৰিচিল যদিও পৰৱৰ্তী সময়ত হঠা পিছ পৰিছে অখিল গগৈ।

বৰ্তমান কুশল দুৱৰীয়ে অগ্ৰগতি লাভ কৰি। আনহাতে যোৰহাটত গৌৰৱ গগৈক পিছ পেলাই বৰ্তমান ১০৫৬টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে। একেদৰে খোৱাঙটো পিছ পৰি আছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈক পিছ পেলাই বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ অগ্ৰগতি।

লগতে পঢ়ক: কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

অখিল গগৈ বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুনঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে অখিল গগৈৰ ৰাজহুৱা আচৰণ অপ্ৰত্যাশিত

অখিল গগৈক অসম বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে এক নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অখিল গগৈক উদ্দেশ্যি এই তীৰ্যক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

‘বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন অখিল গগৈ’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘আমাৰ যেতিয়া মন বেয়া লাগে তেতিয়া পীযুষ হাজৰীকাক অখিল গগৈক কিবা এটা কবলৈ পঠাই দিওঁ ।‘ ৰাইজৰ দলৰ সভাপতিগৰাকীক ফেচবুক লাইভ চোৱা বুলি উল্লেখ কৰি ‘অখিল গগৈ এজন ডাঙৰ এন্টাৰটেইনাৰ’ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে, অখিল গগৈ আৰু কাৰ্টুন একেই । সৰু ল’ৰাই যদি কান্দে তেন্তে অখিল গগৈৰ ফেচবুক লাইভ দেখাই দিব লাগে, কন্দা  লগে লগে বন্ধ হৈ যাব ।

‘১০–১৫ বাৰ ফোন কৰে অখিল গগৈয়ে’

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তীব্ৰ ৰাজনৈতিক মতভেদ থকা সত্ত্বেও অখিল গগৈয়ে তেওঁৰ সৈতে ব্যক্তিগত যোগাযোগ ৰাখিছে । মুখ্যমন্ত্ৰীয়ে কয়- “অখিল গগৈয়ে মাহত ১০–১৫ বাৰ মোলৈ ফোন কৰে । কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ আগদিনাও তেওঁ মোৰ আৰু পীযুষ হাজৰীকা দুয়োৰে সৈতে প্ৰায় ১০ মিনিটকৈ কথা পাতিছিল । তেওঁ জীৱনৰ সুখ-দুখৰ লগতে ৰাজনীতিৰ বিষয়েও কথা পাতিছিল ।”

‘অখিল গগৈক চিকিৎসাৰ প্ৰয়োজন’

অখিল গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁক “চিকিৎসাৰ প্ৰয়োজন”, লগতে তেওঁ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ ৰাজহুৱা আচৰণ আৰু মন্তব্যৰ ধাৰাবাহিকতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে অখিল গগৈৰ ৰাজহুৱা আচৰণ অপ্ৰত্যাশিত । তেওঁ কয়, “অখিল গগৈয়ে কি কয় বা মুহূৰ্তৰ ভিতৰতে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই বিষয়ে তেওঁ নিজেই নিশ্চিত নহয় । যদি তেওঁ এটা লাইভ সম্প্ৰচাৰত হাঁহে, তেন্তে পৰৱৰ্তী মুহূৰ্ততে তেওঁ কান্দিব পাৰে আৰু তাৰ পাছতেই তৎক্ষণাত তেওঁৰ বিৰোধীৰ বিৰুদ্ধে কঠোৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিব পাৰে । সেয়েহে অখিল গগৈক চিকিৎসাৰ প্ৰয়োজন আছে ।”

লগতে পঢ়ক : ‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ