মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে অখিল গগৈৰ ৰাজহুৱা আচৰণ অপ্ৰত্যাশিত
অখিল গগৈক অসম বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে এক নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অখিল গগৈক উদ্দেশ্যি এই তীৰ্যক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
‘বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন অখিল গগৈ’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘আমাৰ যেতিয়া মন বেয়া লাগে তেতিয়া পীযুষ হাজৰীকাক অখিল গগৈক কিবা এটা কবলৈ পঠাই দিওঁ ।‘ ৰাইজৰ দলৰ সভাপতিগৰাকীক ফেচবুক লাইভ চোৱা বুলি উল্লেখ কৰি ‘অখিল গগৈ এজন ডাঙৰ এন্টাৰটেইনাৰ’ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে, অখিল গগৈ আৰু কাৰ্টুন একেই । সৰু ল’ৰাই যদি কান্দে তেন্তে অখিল গগৈৰ ফেচবুক লাইভ দেখাই দিব লাগে, কন্দা লগে লগে বন্ধ হৈ যাব ।
‘১০–১৫ বাৰ ফোন কৰে অখিল গগৈয়ে’
সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তীব্ৰ ৰাজনৈতিক মতভেদ থকা সত্ত্বেও অখিল গগৈয়ে তেওঁৰ সৈতে ব্যক্তিগত যোগাযোগ ৰাখিছে । মুখ্যমন্ত্ৰীয়ে কয়- “অখিল গগৈয়ে মাহত ১০–১৫ বাৰ মোলৈ ফোন কৰে । কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ আগদিনাও তেওঁ মোৰ আৰু পীযুষ হাজৰীকা দুয়োৰে সৈতে প্ৰায় ১০ মিনিটকৈ কথা পাতিছিল । তেওঁ জীৱনৰ সুখ-দুখৰ লগতে ৰাজনীতিৰ বিষয়েও কথা পাতিছিল ।”
‘অখিল গগৈক চিকিৎসাৰ প্ৰয়োজন’
অখিল গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁক “চিকিৎসাৰ প্ৰয়োজন”, লগতে তেওঁ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ ৰাজহুৱা আচৰণ আৰু মন্তব্যৰ ধাৰাবাহিকতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে অখিল গগৈৰ ৰাজহুৱা আচৰণ অপ্ৰত্যাশিত । তেওঁ কয়, “অখিল গগৈয়ে কি কয় বা মুহূৰ্তৰ ভিতৰতে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই বিষয়ে তেওঁ নিজেই নিশ্চিত নহয় । যদি তেওঁ এটা লাইভ সম্প্ৰচাৰত হাঁহে, তেন্তে পৰৱৰ্তী মুহূৰ্ততে তেওঁ কান্দিব পাৰে আৰু তাৰ পাছতেই তৎক্ষণাত তেওঁৰ বিৰোধীৰ বিৰুদ্ধে কঠোৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিব পাৰে । সেয়েহে অখিল গগৈক চিকিৎসাৰ প্ৰয়োজন আছে ।”
লগতে পঢ়ক : ‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ









