‘UCCৰ পৰা মুছলমান সমাজত ইয়াৰ বাদ দিয়ক’ বিধায়ক মজিবুৰ ৰহমান

‘UCCৰ পৰা মুছলমান সমাজক বাদ দিয়ক’; বিধায়ক মজিবুৰ ৰহমান

বিধানসভাত UCC বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে ডাঙৰ মন্তব্য কৰিছে। আজি ষষ্ঠদশ বিধানসভা অধিৱেশনৰ অন্তিম দিন। আজি UCC বিধেয়ক সন্দৰ্ভত উত্তপ্ত হৈ পৰে সদন। UCC বিধেয়কক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে এক ডাঙৰ মন্তব্য কৰিছে। সদনৰ মজিয়াৰ পৰা বিধায়ক গৰাকীয়ে কৈছে যে,

বিধানসভাত UCC বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে ডাঙৰ মন্তব্য কৰিছে।

আজি ষষ্ঠদশ বিধানসভা অধিৱেশনৰ অন্তিম দিন। আজি UCC বিধেয়ক সন্দৰ্ভত উত্তপ্ত হৈ পৰে সদন। UCC বিধেয়কক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে এক ডাঙৰ মন্তব্য কৰিছে। সদনৰ মজিয়াৰ পৰা বিধায়ক গৰাকীয়ে কৈছে যে, “UCC আইন প্ৰৱৰ্তন কৰি আমাৰ ধৰ্মীয় অনুভূতি বা মুছলমান সমাজৰ চেণ্টিমেণ্টত কোনো ধৰণৰ আঘাত নকৰিব।”

“মই ভাবো এই UCC খন সকলোৰে সমতাৰ বাবে আনিব বিচাৰিছে ইয়াত এটা জাতি-জনগোষ্ঠীক বাদ দিয়া হৈছে। কিন্তু মই এটা অনুৰোধ কৰিব বিচাৰো যে যেনেকৈ ST ক ইয়াৰ পৰা বাদ দিয়া হৈছে। আপোনালোকে দয়া কৰি তেনেকৈ আমাৰ ইছলাম ধৰ্মৰ জাতিটোক ইয়াৰ পৰা বাদ দি ৰাখক। আপোনালোকে যি আইন-কানুন বনায় বনাই থাকক। কিন্তু আমাৰ যি ধৰ্মীয় অনুভুতি, আমাৰ যি সম্পত্তিৰ অধিকাৰক আঘাত কৰিব নালাগে বুলিও বিধায়ক গৰাকীয়ে সদৰি কৰে।

লগতে পঢ়ক: “তৃণমূল কংগ্ৰেছৰ ২০ সাংসদ বিজেপিত যোগদান কৰিবলৈ সাজু”; সাংসদ সৌমিত্ৰ খানৰ বিস্ফোৰক মন্তব্য