“২১ৰ আৰু ২৬ ৰ নিৰ্বাচনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে”; কিহৰ ইংগিত দিলে অখিল গগৈয়ে

৯ এপ্ৰিলত ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনক লৈ প্ৰচাৰ চলাই থকাৰ মাজতে বিধায়ক অখিল গগৈয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

সমাগত নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰেই প্ৰচাৰ তুংগত উঠিছে। তাৰ মাজতে বিধায়ক অখিল গগৈয়ে এইবাৰৰ বিধানসভাৰ নিৰ্বাচন যে তেওঁৰ বাবে সহজ নহয় তাৰ ইংগিত দিছে। অখিল গগৈয়ে কয় যে, ২১ ৰ নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে।দুয়োটা নিৰ্বাচনক তুলনা কৰাটো প্ৰায় অসম্ভৱ।

অখিল গগৈয়ে লগতে কয় যে, যোৱাবাৰ নিৰ্বাচনত ৰাইজে কল্পনা কৰি লোৱা মানুহজনক ভোট দিছিল।কিন্তু এইবাৰৰ নিৰ্বাচনত ৰাইজে বাস্তৱ মানুহজনক চাই ভোট দিব। সেই কাৰণে ২১ৰ নিৰ্বাচন আৰু ২৬ নিৰ্বাচন পাৰ্থক্য কৰাটো মোৰ পক্ষে সম্ভৱপৰ নহয়। দুয়োটা নিৰ্বাচনৰ ভোটাৰৰ আৱেগ-অনুভৱ আৰু চৰিত্ৰ বেলেগ। ২১ চনৰ নিৰ্বাচনত মোৰ কোনো পৰিকল্পনা বুলি একো নাছিল বুলিও অখিল গগৈয়ে উল্লেখ কৰে।

লগতে পঢ়ক: ‘অখিল গগৈয়ে আনে নকৰা বেয়াৰ উদাহৰণ স্থাপন কৰে’; মুখ্যমন্ত্ৰী  

‘অখিল গগৈয়ে আনে নকৰা বেয়াৰ উদাহৰণ স্থাপন কৰে’; মুখ্যমন্ত্ৰী

শিৱসাগৰৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুশল দুৱৰীক অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখিল গগৈয়ে প্ৰতিবাৰেই বেয়া কামৰ উদাহৰণ স্থাপন কৰে বুলি তেওঁ মন্তব্য কৰে।

মাজুলিত নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ নিৰ্বাচনটোক আমি গণতন্ত্ৰৰ উ সৱ বুলি পালন কৰো। কিন্তু অখিল গগৈয়ে তেওঁৰ সমষ্টি শিৱসাগৰত কিমান ৰাস্তা নিৰ্মাণ কৰিলে বা সমষ্টিটোৰ কিমান উন্নয়ন হ’ল সেইখিনি কতা নকৈ এজন প্ৰাৰ্থীক উপৰ্জুপৰি যেনেকৈ আক্ৰমণ কৰিলে, সেইটো অসমৰ ১২৫ টা বিধানসভা সমষ্টিৰ ক’তো আজিলৈকে হোৱা নাই।অখিল গগৈয়ে প্ৰতিবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা স্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অখিল গগৈয়ে ৫ বছৰত শিৱসাগৰত একো কৰিব নোৱাৰিলে। আৰু এতিয়া শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে আন প্ৰাৰ্থী সকলে যদি বেলেগ দলৰ প্ৰাৰ্থীক আক্ৰমণ নকৰে, তেনেহলে অখিল গগৈয়ে কিয় কৰে।তেওঁ সমষ্টিত একো কৰিব নোৱাৰাৰ বাবে এতিয়া উপায় নোহোৱাত বিৰোধী প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

আনহাতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইস্তাহাৰখনত মনত ৰাখিবলগীয়া একোৱেই নাই। মহিলাৰ বাবে, যুৱ সমাজৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰত নাই পৰিকল্পনা।

তেওঁ লগতে কয় মই ভাবো বিজেপিয়ে এইবাৰ ৯০তকৈ বেছি আসন পোৱাৰ লগতে কংগ্ৰেছে এইবাৰ ১৫ খনতকৈও কম আসন পাব।  

লগতে পঢ়ক: “শিৱসাগৰ হেৰুৱাৰ ভয়ত অৱস্থা বেয়া হৈছে”; অখিল গগৈক তীব্ৰ কটাক্ষ পীযুষ হাজৰিকাৰ  

“শিৱসাগৰ হেৰুৱাৰ ভয়ত অৱস্থা বেয়া হৈছে”; অখিল গগৈক তীব্ৰ কটাক্ষ পীযুষ হাজৰিকাৰ

জাগীৰোডত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে।

শিৱসাগৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।পীযুষ হাজৰিকাই কয় যে, শিৱসাগৰ হেৰুৱা ভয়ত অখিল গগৈৰ মানসিক কষ্ট হৈছে বুলি মই ভাবো। কুশল দুৱৰী যে শিৱসাগৰৰ প্ৰাৰ্থী হ’ব তেওঁ সেই কথা ভবা নাছিল।কাৰণ কুশল দুৱৰী তাৰ স্থানীয় মানুহ, অখিল গগৈ বাহিৰৰ মানুহ।অখিল গগৈয়ে সমষ্টিৰ ৰাইজক সময় দিয়াতকৈ কাজিৰঙাৰ অৰ্কিড উদ্যানত বেছি সময় থাকে।

পীযুষ হাজৰিকাই লগতে কয় যে, সমষ্টিৰ কামতকৈ তেওঁ ব্যৱসায় স্থলীত বেছি সময় দিয়ে। নামনি অসমৰ বিভিন্ন স্থানত তেওঁৰ প্ৰাৰ্থী আছে, কিন্তু অখিল গগৈ নামনি অসমলৈ যাবলৈ ভয় কৰিছে। কিন্তু কিয় ভয় কৰিছে সেই কথাটোহে তেওঁক মই প্ৰশ্ন কৰিব বিচাৰিছো। অখিল গগৈৰ অৱস্থা বহুত বেছি ভাল নহয়। কাৰণ শিৱসাগৰৰ জনতাই চৰকাৰৰ লগত থাকিব বিচাৰে।আৰু অখিল গগৈ বা কংগ্ৰেছে চৰকাৰ বনাব নোৱাৰে।

তেওঁ লগতে কয়, চৰকাৰৰ লগত নথকাৰ ফলত এই সমষ্টিটোৱে ফল ভূগিব লগা হৈছে। তাত হোৱা গৰাখহনীয়া ৰোধ কৰিবলৈ অখিল গগৈয়ে মোক কোৱা নাই।কিন্তু মই তেওঁলোকৰ কথা ভাবি নিজেই সেই কাম কৰিছো। কাৰণ শিৱসাগৰৰ ৰাইজৰ প্ৰতি আমাৰ সন্মান আৰু শ্ৰদ্ধা আছে। অখিল গগৈ শিৱসাগৰৰ পৰা আতৰিলে হে তাৰ উন্নয়ন তিনি গুণ হ’ব।আৰু শিৱসাগৰৰ ৰাইজে এই কথা বুজি পাইছে।

লগতে পঢ়ক: মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ মূৰত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী       

১২ টা সমষ্টিৰ বাবে পুনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা ৰাইজৰ দলৰ

অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ৰাইজৰ দলে

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ৰাইজৰ দলে । দলৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱা তালিকা অনুসৰি, কলিয়াবৰ সমষ্টিৰ পৰা প্ৰদীপ কুমাৰ বৰুৱাক প্ৰক্ষেপ কৰা হৈছে আৰু দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ।

অন্যান্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে গৌৰীপুৰৰ পৰা আবুল মিঞা, পূব গোৱালপাৰাৰ পৰা আব্দুৰ বাছিদ মণ্ডল, মানসৰ পৰা অঞ্জন তালুকদাৰ, দলগাঁৱৰ পৰা আজিজুৰ ৰহমান, ধিঙৰ পৰা মেহবুব মুক্তাৰ, তেজপুৰৰ পৰা আলোক নাথ, চিচিবৰগাঁৱৰ পৰা দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাৰ পৰা ৰাহুল ছেত্ৰী, ডিগবৈৰ পৰা দুলাল মৰাণ আৰু মৰিয়নিৰ পৰা জ্ঞানশ্ৰী বৰা ।

দলটোৱে জনোৱা মতে, বোকাখাত সমষ্টিৰ প্ৰাৰ্থীৰ নাম ২২ মাৰ্চত ঘোষণা কৰা হ’ব । কংগ্ৰেছৰ সৈতে হোৱা আলোচনাৰ অন্তত বিৰোধীৰ আসন বুজাবুজিৰ অংশ হিচাপে ৰাইজৰ দলক ১৩খন আসন দিয়া হৈছে ।

অখিল গগৈয়ে কয় যে এয়াই দলৰ চূড়ান্ত তালিকা আৰু পূৰ্বে ঘোষণা কৰা যিসকল প্ৰাৰ্থীৰ নাম ইয়াত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ প্ৰাৰ্থিত্ব বাতিল কৰা হৈছে ।

লগতে পঢ়ক : জয়ন্ত দাসৰ পদত্যাগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; ক’লে ‘দলে সঠিক সিদ্ধান্তই লৈছে’

‘কংগ্ৰেছৰ সৈতে মিত্ৰতা এতিয়া ধৰ্মসংকটত’; অখিল গগৈ

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই। তাৰ মাজতে শীৰ্ষ কংগ্ৰেছীয়ে দল এৰাৰ পিছতে অসহায় গৌৰৱে বিচাৰিছে অখিল গগৈৰ সহায়। অখিল গগৈলৈ নিশাই ফোন গৌৰৱ গগৈৰ।

কংগ্ৰেছৰ পৰা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰাৰ পিছতে গৌৰৱ গগৈ আৰু কংগ্ৰেছক লৈ মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে, কংগ্ৰেছৰ এতিয়া অৱস্থা ভগা বিয়াত উৰুলি দিয়া নিছিনা হৈছে।মিত্ৰতাৰ বাবে ইমান দিনে কংগ্ৰেছৰ হাতে ভৰিয়ে ধৰিলো, কিন্তু সকলোবিলাক কৰাৰ পিছটো কংগ্ৰেছ দলে আমাৰ লগত যোগাযোগ নকৰিলে। বৰঞ্চ আমাৰ দলক হেঁচা দিবৰ বাবে, আমাৰ দলক একাশৰীয়া কৰিবৰ বাবে তেওঁলোকে আন তিনিটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰি আমাৰ দলক বাহিৰ কৰি ৰাখিলে।

তেওঁ লগতে কয় আমাৰ দলৰ লগত আলোচনা কৰি থকা অৱস্থাত আমাৰ দলে প্ৰস্তাৱ কৰা ৫ টা বিধানসভা সমষ্টিত তেখেতসকলৰ প্ৰাৰ্থীৰ নাম প্ৰথমখন তালিকাত ঘোষণা কৰিলে। দ্বিতীয়খন তালিকাটো আকৌ আমাৰ দলৰ আলোচনা চলি থকা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দিলে। কংগ্ৰেছে এনেদৰেই আমাক ইটোৰ পিছত সিটো বিশ্বাসঘাটকতা কৰিলে।

তেওঁ আৰু কয় প্ৰতিটো নিৰ্বাচনতেই কেৱল আমিয়েই ত্যাগ কৰিব থাকিব লগা হৈছিল। এইবাৰ আমি মাত্ৰ ১৫ টা সমষ্টি বিচাৰিছোলো। কিন্তু কংগ্ৰেছ দলে আমাক সেইকেইটা সমষ্টি দিবলৈ অস্বীকাৰ কৰিলে। আজি আকৌ গৌৰৱ গগৈয়ে ফোন কৰি ১৩ টা সমষ্টিৰ তালিকা দি পুনৰ মিত্ৰতাৰ কথা কৈছে।কিন্তু আমি ইথিমধ্যে ৰাইজৰ দলৰ বহু লোকক টিকট দিয়াটো নিশ্চিত কৰিছো।সেয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা এতিয়া আমাৰ বাবে ধৰ্মসংকটত আছে।

লগতে পঢ়ক: হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

কংগ্ৰেছ ৰাইজৰ দলক ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছিলঃ অখিল গগৈৰ বিস্ফোৰণ

কংগ্ৰেছ দলে ৰাইজৰ দলক ঠগিলে আৰু সেই কথা কংগ্ৰেছে এই সময়ত বুজি নুঠাটোৱেই এক ঐতিহাসিক ভুল বুলি কয় অখিল গগৈয়ে

ঘোষণা কৰা হ’ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন । ৯ এপ্ৰিলত, এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু ৪ মে’ত হ’ব ভোটগণনা । ইয়াৰ মাজতে কিন্তু শাসকীয় বিজেপিকে ধৰি মিত্ৰ দলসমূহে পূৰ্ণ গতিৰে নিৰ্বাচনৰ বাবে সাজু হৈছে আনহাতে কংগ্ৰছ আৰু ৰাইজৰ দলৰ মাজত দেখা গৈছে তীব্ৰ অঁৰিয়াঅঁৰি । কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত নিৰ্বাচনকেন্দ্ৰীক মিত্ৰতাক লৈ সৃষ্টি হোৱা দন্দ্বই এতিয়া চূড়ান্ত ৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ উত্থাপন কৰিলে গুৰুতৰ অভিযোগ ।

ৰাইজৰ দলক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল কংগ্ৰেছে-

কংগ্ৰেছ দলে আঞ্চলিক দল ৰাইজৰ দলক ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে । তেওঁ কয় যে, ৰাইজৰ দলৰ উত্থানলৈ ভীতিৰ্গস্ত হৈয়ে ২০২১ত ৮খন আসন দিয়াৰ পিছতো কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে । উপ-নিৰ্বাচনতো আটাইকেইটা সমষ্টিতে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ।

ৰাইজৰ দলক ঠগিলে কংগ্ৰেছে-

তেওঁ পুনৰ কয় যে, লোকসভা নিৰ্বাচনতো ৰাইজৰ দলে সম্পূৰ্ণ ত্যাগ কৰিলে । ২০২৬ৰ নিৰ্বাচনৰ বাবেও কংগ্ৰেছৰ পিছত ঘূৰোঁতে ঘূৰোঁতে কেইটামান সমষ্টিতে ৰাইজৰ দল সীমাবদ্ধ হৈ ৰ’ল । শেষত ১৫টা সমষ্টিতো আমাক ৪৫ দিন আৱদ্ধ ৰাখি শেষ সময়ত মিত্ৰতা নহ’ব বুলি কয় কংগ্ৰেছে । গতিকে কংগ্ৰেছ দলে ৰাইজৰ দলক ঠগিলে আৰু সেই কথা কংগ্ৰেছে এই সময়ত বুজি নুঠাটোৱেই এক ঐতিহাসিক ভুল বুলি কয় অখিল গগৈয়ে ।  

আঞ্চলিক শক্তিসমূহক আওকাণ কৰিছে কংগ্ৰেছে-

তেওঁ আৰু অভিযোগ কৰে যে কংগ্ৰেছে আঞ্চলিক শক্তিসমূহক আওকাণ কৰিছে আৰু ৰাইজৰ দলক দুৰ্বল কৰাৰ চেষ্টা কৰিছে । গগৈয়ে অভিযোগ কৰে- “কংগ্ৰেছে ভাবে যে তেওঁলোকে অকলেই বিজেপিক পৰাস্ত কৰিব পাৰিব । সেইটোৱেই তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুল । অসমত বিজেপিৰ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হ’ল ৰাইজৰ দল ।”

২০২৬ৰ বাবে নিৰ্বাচন খেলা নাই গৌৰৱ গগৈয়ে-

অখিল গগৈয়ে ২০২৬ চনৰ বাবে গৌৰৱ গগৈৰ নিৰ্বাচনী কৌশলৰ ওপৰতো সন্দেহ প্ৰকাশ কৰি অভিযোগ কৰে যে কংগ্ৰেছে ২০৩১ চনৰ পৰিকল্পনাৰ অংশ হিচাপে নেতাৰ পুত্ৰসকলক টিকট বিতৰণ কৰিছে । আগন্তুক নিৰ্বাচনক লৈ গৌৰৱ গগৈ কিমান ছিৰিয়াছ, সেই লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰি অভিযোগ কৰে যে দলটোৱে বিজেপিক পৰোক্ষভাৱে “ৱাকঅভাৰ” দিব পাৰে । তেওঁ লুৰীণজ্যোতি গগৈকো সমালোচনা কৰি সম্ভাৱ্য মিত্ৰজোঁটৰ পতন ৰোধ কৰাত ব্যৰ্থ হোৱা আৰু নিজৰ দলৰ স্বাৰ্থত কাম কৰাৰ অভিযোগ উত্থাপন কৰে ।

ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে যোৰহাটত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিবলৈ নিজৰ দলক আহ্বান জনোৱা বুলিও উল্লেখ কৰে । সংবাদ মাধ্যমৰ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈয়ে কয় যে ৰাইজৰ দলে অতি সোনকালে প্ৰাৰ্থীৰ তৃতীয়খন তালিকা আৰু তাৰ পিছত চূড়ান্ত তালিকাখন প্ৰকাশ কৰিব । অৱশ্যে তেওঁ প্ৰকাশ কৰে যে তেওঁ দলীয় নেতৃত্বৰ ওচৰত এক লিখিত অনুৰোধ দাখিল কৰিছে য’ত তেওঁ যোৰহাটৰ পৰা গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজৰ দলৰ কোনো প্ৰাৰ্থী থিয় নকৰাবলৈ পৰামৰ্শ দিছে ।

যোৰহাটত শক্তিশালী নহয় কংগ্ৰেছ-

তেওঁ লগতে কয় যে যোৰহাটত কংগ্ৰেছৰ অৱস্থান “শক্তিশালী নহয়” আৰু দাবী কৰে যে সেই সমষ্টিত ৰাইজৰ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী । তেওঁৰ মতে, কিছুমান দলীয় কৰ্মীয়ে পৰামৰ্শ দিছিল যে গৌৰৱ গগৈয়ে যোৰহাটৰ পৰিৱৰ্তে তিতাবৰ বা মাহমৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল । তেওঁ স্পষ্ট কৰি দি কয়, “এইটো চূড়ান্ত নহয় । মই কেৱল এটা পৰামৰ্শ দিছোঁ । আমাৰ দলীয় নেতৃত্বই মিলিত হৈ এটা চূড়ান্ত সিদ্ধান্ত ল’ব ।”

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে কেইবাখনো জিলাৰ SSPক বদলিৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

‘বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে’…অৱশেষত আনুষ্ঠানিকভাৱে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিলে ৰাইজৰ দলে

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতাৰণা কৰাৰ দৰেই ২০২৬তো কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰিছে

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সৰ্বাধিক চৰ্চিত ৰাজনৈতিক বিষয়টো আছিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা । যদিও বিষয়টোৱে চৰ্চা লাভ কৰিছিল তথাপিও কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হৈ নুঠিল । নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি দাবী কৰা অখিল গগৈৰ মিত্ৰতাৰ প্ৰস্তাৱ নাচক কৰে কংগ্ৰেছে । মূলতঃ সংখ্যালঘু অধ্যুষিত কেইটামান সমষ্টিয়ে দুয়োটা দলৰ মিত্ৰতাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগৰ ঘোষণা কৰি এই বিষয়টোৰ পৰা বিৰতি লোৱা বুলি কেইদিনমান পূৰ্বে উল্লেখ কৰিছিল ।

ইয়াৰ পিছতে শুকুৰবাৰে নিশা সামাজিক মাধ্যমযোগে এক বিবৃতি প্ৰকাশ কৰি কংগ্ৰেছৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে আশা বাৰম্বাৰ প্ৰত্যাশিত হৈয়ো আশা পালি থকা ৰাইজৰ দলে । সামাজিক মাধ্যমৰ এই পোষ্টত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতাৰণা কৰাৰ দৰেই ২০২৬তো কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰিছে । লগতে মিত্ৰতাৰ নামত কংগ্ৰেছে ৰাইজৰ দলক বুঢ়া আঙুলি দেখুওৱা বুলিও অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত কৰে যদিও এই ক্ষেত্ৰত দম্ভালি মাৰি থকা অখিল গগৈ তথা ৰাইজৰ দলক প্ৰত্যাখ্যান কৰে কংগ্ৰেছে । তাৰিখৰ পিছত তাৰিখ দিয়াৰ পিছতো, হাজাৰ অনুৰোধৰ পিছতো অখিল গগৈৰ আহ্বানলৈ তিলমানো সঁহাৰি নিদিলে কংগ্ৰেছে । অৱশেষত মিত্ৰতাৰ নিসিজা কচু সিজাবলৈ গৈ বিফল মনোৰথ হোৱা ৰাইজৰ দলে আনুষ্ঠানিকভাৱে বন্ধ কৰিলে মিত্ৰতাৰ দুৱাৰ ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক বিবৃতিত ৰাইজৰ দলে উল্লেখ কৰিছে-“ক্ষমা কৰিব ৰাইজ, আমি নোৱাৰিলোঁ। ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মাত্ৰ ৮ খন আসনত মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত মনোনয়নৰ মূৰামূৰি সময়ত প্ৰতাৰণা কৰিছিল। এইবাৰ ২০২৬তো মাত্ৰ ১৫ খন আসন বিচাৰোঁতে একেই বিশ্বাসঘাটকতা কৰিলে ৰাইজৰ দলক। ‘তাৰিখ পে’ তাৰিখ’ আলোচনা কৰি অৱশেষত আজি এনে লুটিবাগৰ মাৰিলে যে মধ‍্যস্থতাকাৰী দুজনৰে খং উঠি গ’ল! কিমানবাৰ যে সমিতি সলনি নকৰিলে কংগ্ৰেছে!! কালিলৈ সবিস্তাৰে ৰাইজক জনাম। তলৰ বিবৃতিটো পঢ়ি চালে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰকৃত নাটকখন বুজি পাব ।“

লগতে পঢ়ক : কোকৰাঝাৰলৈ ৪,৫৭০ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

‘গৌৰৱ-ৰকিবুলৰ আকোৰগোঁজৰ স্থিতিৰ বাবেই ভংগ হ’ল মিত্ৰতা’; অখিল গগৈৰ বিস্ফোৰক মন্তব্য

মিত্ৰতা ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা অৱগত কৰে।

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ অখিল গগৈয়ে বিস্ফোৰক মন্তব্য দিছে। অখিল গগৈয়ে কৈছে যে,ভংগ হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতা। গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবেই এই মিত্ৰতা নহ’ল। কংগ্ৰেছে  দাম্ভিকতাৰে ৰাইজৰ দলৰ প্ৰস্তাৱ নাকচ কৰিছে।মিত্ৰতাক লৈ কংগ্ৰেছ মুঠেই ছিৰিয়াছ নহয।সেই কথা গৌৰৱ গগৈৰ অহংকাৰতে স্পষ্ট হৈ পৰিছে।

অখিল গগৈয়ে লগতে কয় যে, ‘আমি মিত্রতা বিচাৰো, ৰাইজৰ দলে গভীৰ আন্তৰিকতাৰে মিত্রতা বিচাৰো সাম্প্রদায়িক-ফেচিবাদী শক্তিক উৎখাত কৰি জনতাক শান্তি প্রদানৰ বাবে। সেইবাবেই কংগ্রেছৰ সকলো কেৰামতালি আমি সহ্য কৰি আছিলো। কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে, সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগে সেয়া কেতিয়াও গণতান্ত্রিক নহয়’।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মাত্ৰ এখন আসনৰ বাবে মিত্ৰতা নহ’ল।কংগ্ৰেছ নেতৃত্বই মাত্ৰ ৪টা সমষ্টিহে তেওঁলোকক দিব বিচাৰিছিল। কংগ্ৰেছে কোনো পক্ষতেই ধিং সমষ্টিটো আমাক এৰি নিদিয়ে। সেই এখন আসনৰ বাবেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা নহ’ল।আনহাতে এতিয়া ৰঙানদী সমষ্টিটো নিৰ্বাচন খেলিব ৰাইজৰ দলে।তাৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।

অখিল গগৈয়ে আৰু কয়,‘আমি অতি দুখেৰে সৈতে জনাওঁ যে যোৱা ১৯ ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত ২০ ফেব্রুৱাৰীত আমি কংগ্রেছ দললৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছিলো যদিও আমাক অসম্মান কৰি আজিলৈকে কোনো উত্তৰ নিদি কংগ্রেছে আমাৰ স্বাভিমানত আঘাত হানিলে। সেয়েহে আমি আজিৰ তাৰিখত কংগ্রেছৰ সৈতে মিত্রতা সন্দর্ভত আলোচনা আগবঢ়াই নিয়াটো সম্ভব নহ’ব বুলি বিবেচনা কৰিছো।’

লগতে পঢ়ক: ‘এয়া ৰাষ্ট্ৰপতিক নহয়, সংবিধানক অপমান…’; প্ৰট’কল উলংঘাক লৈ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

ঘোষণা কৰা হ’ল ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা;কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব ?

বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা হ’ল ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।

ঘোষণা কৰা হ’ল ৰাইজৰ দলৰ ১১জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা।এই তালিকা অনুসৰি ১৮ নং পূব গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডল,জালুকবাৰীত ৰমেন চন্দ্ৰ বৰঠাকুৰ, মানাহ সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁও সমষ্টিত আজিজুৰ ৰহমান, তেজপুৰত অলক নাথ, চিচিবৰ গাঁৱত দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটা সমষ্টিত ৰাহুল ছেত্ৰী, ডিগবৈ সমষ্টিত লক্ষ্যজ্যোতি গগৈ, মৰিয়নীত ড০ জ্ঞানশ্ৰী বৰা, বোকাখাট সমষ্টিত ৰতন দাওক দিয়া হৈছে প্ৰাৰ্থীত্ব।

লগতে পঢ়ক: আজি ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; কিহৰ ইংগিত দিলে অখিল গগৈয়ে