'গৌৰৱ-ৰকিবুলৰ আকোৰগোঁজৰ স্থিতিৰ বাবেই ভংগ হ’ল মিত্ৰতা'; অখিল গগৈৰ বিস্ফোৰক মন্তব্য

‘গৌৰৱ-ৰকিবুলৰ আকোৰগোঁজৰ স্থিতিৰ বাবেই ভংগ হ’ল মিত্ৰতা’; অখিল গগৈৰ বিস্ফোৰক মন্তব্য

মিত্ৰতা ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা অৱগত কৰে। বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ অখিল গগৈয়ে বিস্ফোৰক মন্তব্য দিছে। অখিল গগৈয়ে কৈছে যে,ভংগ হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতা।

মিত্ৰতা ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা অৱগত কৰে।

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ অখিল গগৈয়ে বিস্ফোৰক মন্তব্য দিছে। অখিল গগৈয়ে কৈছে যে,ভংগ হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতা। গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবেই এই মিত্ৰতা নহ’ল। কংগ্ৰেছে  দাম্ভিকতাৰে ৰাইজৰ দলৰ প্ৰস্তাৱ নাকচ কৰিছে।মিত্ৰতাক লৈ কংগ্ৰেছ মুঠেই ছিৰিয়াছ নহয।সেই কথা গৌৰৱ গগৈৰ অহংকাৰতে স্পষ্ট হৈ পৰিছে।

অখিল গগৈয়ে লগতে কয় যে, ‘আমি মিত্রতা বিচাৰো, ৰাইজৰ দলে গভীৰ আন্তৰিকতাৰে মিত্রতা বিচাৰো সাম্প্রদায়িক-ফেচিবাদী শক্তিক উৎখাত কৰি জনতাক শান্তি প্রদানৰ বাবে। সেইবাবেই কংগ্রেছৰ সকলো কেৰামতালি আমি সহ্য কৰি আছিলো। কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে, সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগে সেয়া কেতিয়াও গণতান্ত্রিক নহয়’।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মাত্ৰ এখন আসনৰ বাবে মিত্ৰতা নহ’ল।কংগ্ৰেছ নেতৃত্বই মাত্ৰ ৪টা সমষ্টিহে তেওঁলোকক দিব বিচাৰিছিল। কংগ্ৰেছে কোনো পক্ষতেই ধিং সমষ্টিটো আমাক এৰি নিদিয়ে। সেই এখন আসনৰ বাবেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা নহ’ল।আনহাতে এতিয়া ৰঙানদী সমষ্টিটো নিৰ্বাচন খেলিব ৰাইজৰ দলে।তাৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।

অখিল গগৈয়ে আৰু কয়,‘আমি অতি দুখেৰে সৈতে জনাওঁ যে যোৱা ১৯ ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত ২০ ফেব্রুৱাৰীত আমি কংগ্রেছ দললৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছিলো যদিও আমাক অসম্মান কৰি আজিলৈকে কোনো উত্তৰ নিদি কংগ্রেছে আমাৰ স্বাভিমানত আঘাত হানিলে। সেয়েহে আমি আজিৰ তাৰিখত কংগ্রেছৰ সৈতে মিত্রতা সন্দর্ভত আলোচনা আগবঢ়াই নিয়াটো সম্ভব নহ’ব বুলি বিবেচনা কৰিছো।’

লগতে পঢ়ক: ‘এয়া ৰাষ্ট্ৰপতিক নহয়, সংবিধানক অপমান…’; প্ৰট’কল উলংঘাক লৈ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ