আজি ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; কিহৰ ইংগিত দিলে অখিল গগৈয়ে

আজি ৰাইজৰ দলে ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। তালিকৰ সন্দৰ্ভত অখিল গগৈয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

আজি ঘোষণা কৰা হ’ব ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বিয়লি ৩ বজাত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ৰাইজৰ দলে।

প্ৰথমখন তালিকা ঘোষণাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে, আজি আমি আমাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিম।ক্ষন্তেক পিছতেই আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব।

আৰু কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পিছতেই ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগতে আমাৰ দলৰ সকলো স্থিতিও ঘোষণা কৰা হ’ব। ১২ ৰ পৰা ১৫ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: ‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ,কংগ্ৰেছে এই ব্লেকমেইল কৰি আছে’; মুখ্যমন্ত্ৰী

‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ,কংগ্ৰেছে এই ব্লেকমেইল কৰি আছে’; মুখ্যমন্ত্ৰী

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কংগ্ৰেছে অখিল গগৈক ব্লেকমেইল কৰি আছে।

মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। তাৰ পিছতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘বাহিৰত অখিল গগৈক কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু কংগ্ৰেছে তেওঁক গুৰুত্ব কম দিয়ে। ৰাইজৰ দলে বৰচলা, মাহমৰাত টিকট বিচাৰিছিল। কিন্তু তেওঁলোকক আওঁকান কৰি কংগ্ৰেছে তাত প্ৰাৰ্থী দিছে’।

‘সোনকালেই অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে। কাৰণ অখিল গগৈয়ে অকলে শিৱসাগৰৰ পৰা জিকিব নোৱাৰে।আৰু অখিল গগৈয়ে কংগ্ৰেছৰ লগত কাজিয়া কৰিব নোৱাৰে। তেওঁ মাত্ৰ দৰ-দাম কৰি আছে। কংগ্ৰেছ দলে যদি শিৱসাগৰত প্ৰাৰ্থী দিয়ে তেন্তে অখিল গগৈয়ে দুৰ্বল অনুভৱ কৰিব’।

‘ আৰু সেই কাৰণে অখিল গগৈক কংগ্ৰেছ দলে তেওঁক ব্লেকমেইল কৰি আছে। বাহিৰত অখিল গগৈক কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলৰ চিকাৰ হৈ আছে’।

‘আৰু শেষত অখিল গগৈয়ে কংগ্ৰেছৰ মতে সকলো ত্যাগ কৰিব লাগিব। কাৰণ বৰ্তমান শিৱসাগৰত জিকিবৰ বাবে অখিল গগৈৰ নিজৰ সাহস নাই। এতিয়া ৰাইজৰ দলেও কংগ্ৰেছত ভয় খুৱাব বিছাৰে আৰু কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব বিছাৰে’।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত ৯৯.৯ শতাংশ মিত্ৰতা হব। কিন্তু অখিল গগৈয়ে মিত্ৰতাৰ বাবে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পন কৰিব। শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল’ব অখিল গগৈয়ে।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

‘মিত্ৰতাৰ পৰিস্থিতি ভাল নহয়’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

শেষ হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা । মিত্ৰতাক লৈ এতিয়া অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে, সোমবাৰে বিয়লি ৩ বজাত এখন সংবাদমেল যোগে এই মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

কিন্তু বৰ্তমানলৈকে পৰিস্থিতি ভাল নহয়। এতিয়া লৈকে কংগ্ৰেছৰ পৰা কোনো সহাৰি পোৱা নাই। আমি সকলো লক্ষ্য কৰি আছো। সেয়ে আমাৰ দলৰ যি স্থিতি সেই সম্পৰ্কে ৩ বজাত এখন সংবাদমেল যোগে সকলো কথা ব্যক্ত কৰিম।

কংগ্ৰেছৰ মন্তব্যবোৰ সঘনাই সলনি হৈ আছে। প্ৰথমে কংগ্ৰেছে যিবোৰ কথাত মান্তি হৈছিল এতিয়া সকলো কথা সলনি কৰিছে। তেওঁলোকে এনেকোৱা কিছুমান কথা কৈ আছে, যিবোৰে আমাৰ দলৰ মাজত বিৰূপ প্ৰভাৱ পেলাইছে।

তেওঁলোকে আমাক আৰু কিছুদিন ৰ’বলৈ কৈছে। কিন্তু দুবাৰকৈ পৰাজয় হোৱা কংগ্ৰেছৰ ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক অধিকাৰ নাই।সেয়ে আমাৰ দলৰ সকলো কথা সংবাদমেল যোগে সকলো কথা উল্লেখ কৰিম।

দৰাচলতে ৰাইজৰ দলে কংগ্ৰেছৰ পৰা তেওঁলোকৰ মতে যি কেইখন আসন বিচাৰিছে সেই কেইখন আসন দিবলৈ মান্তি হোৱা নাই কংগ্ৰেছ। যাৰ বাবে এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হ’বলগীয়া মহাজোঁটত ভাঙোন আহিছে।

লগতে পঢ়ক: ‘আলোচনাৰ দ্বাৰাই সমস্যাৰ সমধান কৰিব লাগে’; মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

‘পছন্দৰ ১২ খন আসন পালেহে মিত্ৰতা হ’ব’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ এতিয়াও জল্পনা-কল্পনাৰ অন্ত পৰা নাই। এতিয়া এই মিত্ৰতাক লৈ অখিল গগৈৱে ডাঙৰ মন্তব্য কৰিছে।

বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ চৰ্চা চলি আছে। তাৰ মাজতে বিধায়ক অখিল গগৈয়ে এই মিত্ৰতাক লৈ ডাঙৰ মন্তব্য কৰিছে।

অখিল গগৈয়ে কৈছে যে, ‘কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাক লৈ এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত হোৱা নাই।আমি গৌৰৱ গগৈ আৰু জীতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিলো’।

‘১৫খন আসন দাবী কৰি প্ৰেৰণ কৰা হৈছিল এই পত্ৰখন। কিন্তু  গৌৰৱ গগৈ আৰু জীতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা চিঠিৰ উত্তৰ এতিয়াও লাভ কৰা নাই।সেই পত্ৰৰ উত্তৰ অহা নাই বাবেই আমি মিত্ৰতাত আৱদ্ধ হ’ব পৰা নাই’।

অখিল গগৈয়ে কয় যে, ‘আমি ১৫ খন আসন বিচাৰিছো। কিন্তু কংগ্ৰেছে ৰাইজৰ দলক মাত্ৰ ১৩ খন হে আসন দিছে। এই ১৩খন আসন ৰাইজৰ দলৰ পচন্দৰ আসন নহয়। যাৰ বাবে মিত্ৰতাত বাধা আহিছে’।

‘কংগ্ৰেছে দিয়া ৪ খন আসনহে ৰাইজৰ দলৰ পচন্দৰ। যদি কংগ্ৰেছে ১২খন পচন্দৰ আসন দিয়ে তেতিয়াহলে হে মিত্ৰতাৰ বাবে ৰাইজৰ দল মান্তি হ’ব। নহ’লে এই মিত্ৰতা হোৱাটো অসম্ভৱ’।

তেওঁ লগতে কয় যে,’উজনি অসমত ৰাইজৰ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছে আসন লাভ কৰাটো কঠিন হ’ব।অৱশ্যে ধিং, নাওবৈচা, বৰচলা, দিশপুৰ আৰু ডিমৌ সমষ্টিক লৈ আলোচনা অব্যাহত আছে’।

লগতে পঢ়ক: পৰিয়ালৰ সৈতে কথা পাতিহে লোৱা হ’ব সিদ্ধান্তঃ জুবিন গাৰ্গৰ তদন্তৰ গোচৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

‘উজনি অসমত ৰাইজৰ দলক বাধা আৰোপ কৰিলে কংগ্ৰেছৰ দিগদাৰ হ’ব’; অখিল গগৈ

কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাক লৈ বিধায়ক অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে।কংগ্ৰেছক ধমক দি অখিল গগৈয়ে কয় যে, ৰাইজৰ দলক উজনি অসমৰ আসন লাগিবই।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে কুচ-কাৱাজ চলাইছে।মিত্ৰতাক লৈ শনিবাৰে ৰাইজৰ দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ পিছতেই অখিল গগৈয়ে কংগ্ৰেছক পুনৰ কঠোৰ সকিয়নী দিছে। কংগ্ৰেছক ধমক দি অখিল গগৈয়ে কয় যে, ৰাইজৰ দলক উজনি অসমৰ আসন লাগিবই।উজনি অসমত আসন এৰি নিদিলে মিত্ৰতা নহ’ব ।আৰু কংগ্ৰেছে যদি কেনেবাকৈ উজনি অসমত বাধা আৰোপ কৰে তেন্তে দিগদাৰ হ’ব।

অখিল গগৈয়ে কয় যে, নাওবৈচা, চিচিবৰগাওঁ, ধেমাজি, ডিমৌ, মৰিয়নি এইসমূহ ছিট আমাক লাগিব। কংগ্ৰেছৰ ওচৰত সময় আছে কিন্তু আমাৰ ওচৰত নাই।বিৰোধী দল হিচাপে তেওঁলোকে ১০০ খন আসনেই ব্লক কৰিলে। কিন্তু তাৰ পিছতো ২৬টা ছিটত তেওঁলোকে খোৱা-কামোৰা কৰি আছে।

তেওঁ লগতে কয় যে, বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এতিয়াও স্থিতি ঠিৰাং হোৱা নাই। কংগ্ৰেছৰ নেতাক কেৱল নিজৰ প্ৰাৰ্থী লাগে।কংগ্ৰেছৰ প্ৰক্ৰিয়াটো খুব জটিল।আমাক খেলিব নোৱাৰা ছীট দি লাভ নাই।অৱশ্যে কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা ছেদ হোৱা নাই। কিন্তু কংগ্ৰেছে আমাৰ কথা নামানিলে আমি নিজেই নিজৰ সিদ্ধান্ত ল’ম।  

লগতে পঢ়ক: “কংগ্ৰেছত যি সন্মান ৩২ বছৰে নাপালো, বিজেপিত ৩২ ঘন্টাতে পালো”: ভূপেন বৰা

ৰাইজৰ দল হ’ব নেকি শ্বেৰমান আলীৰ ঠিকনা! অখিল গগৈয়ে দিলে ইংগিত

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে যোগদান কৰিব নেকি ৰাইজৰ দলত। বিধায়ক অখিল গগৈৰ বিশেষ ইংগিত।

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক লৈ বিধায়ক অখিল গগৈয়ে এক ডাঙৰ ইংগিত কৰিছে।শুকুৰবাৰে বৰপেটাৰ বাঘবৰ সমষ্টিত উপস্থিত হৈ শ্বেৰমান আলীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে।শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৰাইজৰ দলত যোগদানৰ ইংগিত দিছে।

অখিল গগৈয়ে কয় যে, অহা ১১ জানুৱাৰীত শ্বেৰমান আলীৰ সৈতে একেলগে এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত কৰা হ’ব। তাৰ পাছতেই শ্বেৰমান আলীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান।

কেৱল যোগদান কৰাই নহয় আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ হৈ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ পৰা নিবাৰ্চনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে শ্বেৰমান আলীয়ে।

বিধায়ক গৰাকীয়ে শ্বেৰমান আলীৰ প্ৰশংসাত পঞ্চমুখ হৈ অখিল গগৈয়ে কয়,শ্বেৰমান আলী সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলৰ মাজত সৰ্বাধিক কৰ্মদক্ষ আৰু জনদৰদী নেতা।তেওঁ সদায় জনতাৰ সমস্যাক অগ্ৰাধিকাৰ দি সেই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে।  

লগতে পঢ়ক: ‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য

ছিৰিয়াছ কথাৰ বাবে নহয় ‘এন্টাৰটেইনাৰ’হে অখিল গগৈ: মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে যে অখিল গগৈ মূলতঃ এজন ‘এণ্টাৰটেইনাৰ’হে, আৰু জনসাধাৰণে তেওঁৰ ফেচবুক লাইভ আৰু সংবাদমেলসমূহক গুৰুত্বসহ নলৈ কেৱল মনোৰঞ্জনৰ ৰূপতেই উপভোগ কৰা উচিত।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে (৬ জানুৱাৰী) ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম বাদ দিয়া সন্দৰ্ভত উত্থাপিত অভিযোগসমূহ কঠোৰভাৱে খণ্ডন কৰে । শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে তেওঁ এজন “ভাল এণ্টাৰটেইনাৰ”ৰ বাহিৰে একো নহয় ।

অখিল গগৈয়ে অভিযোগ কৰিছিল যে ৰাজ্য চৰকাৰে ৬০টা বিধানসভা সমষ্টিত বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ পৰিকল্পনা কৰিছে । এই পদক্ষেপটো বিশেষকৈ মুছলমান আৰু বিজেপি-বিৰোধী ভোটাৰক বঞ্চিত কৰাৰ উদ্দেশ্যে কৰা হৈছে বুলি তেওঁ দাবী কৰিছিল । লগতে তেওঁ এই প্ৰক্ৰিয়াৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘলক দিয়া হৈছে বুলিও অভিযোগ তোলে ।

এই অভিযোগসমূহৰ বাবে বিজেপিৰ লগতে ৰাজ্যজুৰি সাধাৰণ লোকৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰাৰ পাছতো অখিল গগৈয়ে নিজৰ স্থিতিত অটল থাকে। কিন্তু মুখ্যমন্ত্ৰী ড° শৰ্মাই এই সকলো অভিযোগক অবান্তৰ আখ্যা দি তীব্ৰ ব্যঙ্গ্যৰে প্ৰতিক্ৰিয়া জনায় ।

বোকাখাটত অনুষ্ঠিত মহিলা উদ্যোমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত সাংবাদিকৰ সৈতে কথা পাতোঁতে মুখ্যমন্ত্ৰীয়ে কয়, “অখিল গগৈ এজন ভাল এণ্টাৰটেইনাৰ । তেওঁৰ ফেচবুক লাইভ বা প্ৰেছ মিট মনোৰঞ্জনৰ বাবেহে চাব লাগে । গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ সেইবোৰ উপযুক্ত নহয়। তেওঁৰ কথালৈ কোনেও গুৰুত্ব নিদিয়ে,” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈৰ অভিযোগসমূহক “হতাশাৰ প্ৰকাশ” বুলি অভিহিত কৰে । তেওঁ কয় যে গগৈয়ে জনতাৰ মনোভাৱ বুজি পাইছে আৰু নিজৰ ৰাজনৈতিক ভেটি পুনৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এতিয়া “তুষ্টিকৰণৰ ৰাজনীতি”ৰ আশ্ৰয় লৈছে । লগতে তেওঁ এইটোও উল্লেখ কৰে যে গগৈৰ নিজৰ ৰাজনৈতিক মিত্ৰসকলেও তেওঁৰ বক্তব্যত বিশেষ বিশ্বাস নকৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

বিপদত অখিল গগৈ ; বিধায়ক গৰাকীৰ বিৰুদ্ধে SITৰ গোচৰ

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SIT-এ দাখিল কৰিলে এজাহাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীটৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে।

অকৰ্তৃত্বশীলভাৱে গোপন তথ্য ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বিধায়ক গৰাকীৰ বিৰুদ্ধে। গুৱাহাটী ক্ৰাইম ব্ৰান্সত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ’জী কলিতাৰ।।

কিছুদিন পূৰ্বে সামাজিক মাধ্যমত বিধায়ক গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট শ্বেয়াৰ কৰিছিল।

লগতে পঢ়ক: ‘জুবিনক লুটি-পুটি খোৱা সকলৰো তদন্ত হ’ব লাগিব’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে প্ৰাইড ইষ্টৰ চি এম ডি ৰিণিকি ভূঞা শৰ্মাই । CJM আদালতত বিধায়কগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই । সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে তেওঁ ।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা শেহতীয়াকৈ ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অখিল গগৈকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছিল একাংশই । ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠানটোত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ফেশ্বন শ্ব’ পতা বুলি অভিযোগ উত্থাপন হৈছিল । লগতে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কেইবাখনো থানাত দাখিল হৈছিল অভিযোগ । ইয়াৰ পিছতে অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি বিধাকগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে । ৩০ অক্টোবৰত কামৰূপ মুখ্য ন্যায়াধীশ আদালতত এই গোচৰৰ প্ৰথম শুনানি হ’ব ।  

ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব পতাৰ অভিযোগ নস্যাত কৰি এই অনুষ্ঠানৰ সৈতে ব্যক্তিগত বা গল্ডেন থ্ৰেডছৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে ৰিণিকি ভূঞা শৰ্মাই । সামাজিক মাধ্যমৰ পোষ্টত তেওঁ লিখিছে যে, অখিল গগৈয়ে যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ প্ৰমাণ সংগ্ৰহৰ বাবে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ দ্বাৰা তেওঁক ছিংগাপুৰলৈ যাবলৈ সহায় কৰিব । লগতে অখিল গগৈক প্ৰমাণ সংগ্ৰহৰ বাবে ছিংগাপুৰ যাবলৈ প্ৰথম শ্ৰেণীৰ এটা টিকট আৰু ছিংগাপুৰৰ পঞ্চতাৰকাযুক্ত হোটেলত থকাৰো ব্যৱস্থা কৰি দিয়া হ’ব বুলি লিখিছে তেওঁ ।

গোচৰ দাখিল কৰি সামাজিক মাধ্যমত ৰিণিকি ভূঞা শৰ্মাই লিখিছে-“Today, in these difficult times, I prefer not to involve the name of someone I deeply admire and who has been a vital part of my journey as an entrepreneur. He has contributed to the success of News Live through his music and support from the early days of its establishment, which continues today. It is truly disheartening to associate a legendary figure in political gaming, especially when we all need to come together and fight for justice instead of engaging in mudslinging.

Through my organization, PEEPL, I am offering assistance to Mr. Akhil Gogoi by providing a first-class ticket to Singapore, accommodation in a five-star hotel, and covering logistical expenses for gathering evidence to support his claims. Once he completes his fact-finding mission, we will meet in court on October 30th 2025 for the first hearing. Let’s ensure that justice prevails.

Enclosing the case details for everyone’s reference.”

ইফালে ৯ অক্টোবৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু দলটোৰ আন এজন নেতা চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধেও গোচৰ তৰা হব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ; গোঁসাই সমাজৰ ডাঙৰ সিদ্ধান্ত