ছিৰিয়াছ কথাৰ বাবে নহয় ‘এন্টাৰটেইনাৰ’হে অখিল গগৈ: মুখ্যমন্ত্ৰী

ছিৰিয়াছ কথাৰ বাবে নহয় ‘এন্টাৰটেইনাৰ’হে অখিল গগৈ: মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে যে অখিল গগৈ মূলতঃ এজন ‘এণ্টাৰটেইনাৰ’হে, আৰু জনসাধাৰণে তেওঁৰ ফেচবুক লাইভ আৰু সংবাদমেলসমূহক গুৰুত্বসহ নলৈ কেৱল মনোৰঞ্জনৰ ৰূপতেই উপভোগ কৰা উচিত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে (৬ জানুৱাৰী) ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম বাদ দিয়া সন্দৰ্ভত

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে যে অখিল গগৈ মূলতঃ এজন ‘এণ্টাৰটেইনাৰ’হে, আৰু জনসাধাৰণে তেওঁৰ ফেচবুক লাইভ আৰু সংবাদমেলসমূহক গুৰুত্বসহ নলৈ কেৱল মনোৰঞ্জনৰ ৰূপতেই উপভোগ কৰা উচিত।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে (৬ জানুৱাৰী) ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম বাদ দিয়া সন্দৰ্ভত উত্থাপিত অভিযোগসমূহ কঠোৰভাৱে খণ্ডন কৰে । শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে তেওঁ এজন “ভাল এণ্টাৰটেইনাৰ”ৰ বাহিৰে একো নহয় ।

অখিল গগৈয়ে অভিযোগ কৰিছিল যে ৰাজ্য চৰকাৰে ৬০টা বিধানসভা সমষ্টিত বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ পৰিকল্পনা কৰিছে । এই পদক্ষেপটো বিশেষকৈ মুছলমান আৰু বিজেপি-বিৰোধী ভোটাৰক বঞ্চিত কৰাৰ উদ্দেশ্যে কৰা হৈছে বুলি তেওঁ দাবী কৰিছিল । লগতে তেওঁ এই প্ৰক্ৰিয়াৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘলক দিয়া হৈছে বুলিও অভিযোগ তোলে ।

এই অভিযোগসমূহৰ বাবে বিজেপিৰ লগতে ৰাজ্যজুৰি সাধাৰণ লোকৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰাৰ পাছতো অখিল গগৈয়ে নিজৰ স্থিতিত অটল থাকে। কিন্তু মুখ্যমন্ত্ৰী ড° শৰ্মাই এই সকলো অভিযোগক অবান্তৰ আখ্যা দি তীব্ৰ ব্যঙ্গ্যৰে প্ৰতিক্ৰিয়া জনায় ।

বোকাখাটত অনুষ্ঠিত মহিলা উদ্যোমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত সাংবাদিকৰ সৈতে কথা পাতোঁতে মুখ্যমন্ত্ৰীয়ে কয়, “অখিল গগৈ এজন ভাল এণ্টাৰটেইনাৰ । তেওঁৰ ফেচবুক লাইভ বা প্ৰেছ মিট মনোৰঞ্জনৰ বাবেহে চাব লাগে । গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ সেইবোৰ উপযুক্ত নহয়। তেওঁৰ কথালৈ কোনেও গুৰুত্ব নিদিয়ে,” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈৰ অভিযোগসমূহক “হতাশাৰ প্ৰকাশ” বুলি অভিহিত কৰে । তেওঁ কয় যে গগৈয়ে জনতাৰ মনোভাৱ বুজি পাইছে আৰু নিজৰ ৰাজনৈতিক ভেটি পুনৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এতিয়া “তুষ্টিকৰণৰ ৰাজনীতি”ৰ আশ্ৰয় লৈছে । লগতে তেওঁ এইটোও উল্লেখ কৰে যে গগৈৰ নিজৰ ৰাজনৈতিক মিত্ৰসকলেও তেওঁৰ বক্তব্যত বিশেষ বিশ্বাস নকৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

শেহতীয়া প্ৰৱন্ধসমূহ