‘আলোচনাৰ দ্বাৰাই সমস্যাৰ সমধান কৰিব লাগে’; মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

‘আলোচনাৰ দ্বাৰাই সমস্যাৰ সমধান কৰিব লাগে’; মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে।তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ বক্তব্য কৰিছে। মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বৃহৎ বক্তব্য প্ৰদান কৰিছে।তেওঁ কয় যে, ‘বিশ্বত চলি থকা এই উত্তজনাৰ বাবে ভাৰতৰ স্থিতি স্পষ্ট। আমি

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে।তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ বক্তব্য কৰিছে।

মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বৃহৎ বক্তব্য প্ৰদান কৰিছে।তেওঁ কয় যে, ‘বিশ্বত চলি থকা এই উত্তজনাৰ বাবে ভাৰতৰ স্থিতি স্পষ্ট। আমি সদায় শান্তি বজাই ৰখাৰ কথা কৈ আহিছো।পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি আমাৰ বাবে গভীৰ চিন্তাৰ বিষয়। আলোচনাৰ দ্বাৰাই সমস্যাৰ সমধান কৰিব লাগে। আমি সেই অঞ্চলসমূহত থকা সকলো ভাৰতীয়ৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো দেশৰ সৈতে কাম কৰি যাম।”

প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী মাৰ্ক জে কাৰ্নীৰ নেতৃত্বত কানাডাৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ প্ৰশংসা কৰে আৰু কয় যে, দুয়োখন দেশৰে লক্ষ্য ২০৩০চনৰ ভিতৰত ৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্যকে ধৰি তেওঁলোকৰ অৰ্থনৈতিক সহযোগিতা গভীৰ কৰা।

এই প্ৰসংগত তেওঁ আৰু কয় যে অট’ৱা আৰু নতুন দিল্লীয়ে অদূৰ ভৱিষ্যতে এক বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি চূড়ান্ত কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক: ‘যেতিয়ালৈকে লক্ষ্যত উপনীত নহয়,ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব’; ট্ৰাম্প

শেহতীয়া প্ৰৱন্ধসমূহ