অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে প্ৰাইড ইষ্টৰ চি এম ডি ৰিণিকি ভূঞা শৰ্মাই । CJM আদালতত বিধায়কগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই । সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে তেওঁ ।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা শেহতীয়াকৈ ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অখিল গগৈকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছিল একাংশই । ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠানটোত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ফেশ্বন শ্ব’ পতা বুলি অভিযোগ উত্থাপন হৈছিল । লগতে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কেইবাখনো থানাত দাখিল হৈছিল অভিযোগ । ইয়াৰ পিছতে অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি বিধাকগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে । ৩০ অক্টোবৰত কামৰূপ মুখ্য ন্যায়াধীশ আদালতত এই গোচৰৰ প্ৰথম শুনানি হ’ব ।
ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব পতাৰ অভিযোগ নস্যাত কৰি এই অনুষ্ঠানৰ সৈতে ব্যক্তিগত বা গল্ডেন থ্ৰেডছৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে ৰিণিকি ভূঞা শৰ্মাই । সামাজিক মাধ্যমৰ পোষ্টত তেওঁ লিখিছে যে, অখিল গগৈয়ে যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ প্ৰমাণ সংগ্ৰহৰ বাবে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ দ্বাৰা তেওঁক ছিংগাপুৰলৈ যাবলৈ সহায় কৰিব । লগতে অখিল গগৈক প্ৰমাণ সংগ্ৰহৰ বাবে ছিংগাপুৰ যাবলৈ প্ৰথম শ্ৰেণীৰ এটা টিকট আৰু ছিংগাপুৰৰ পঞ্চতাৰকাযুক্ত হোটেলত থকাৰো ব্যৱস্থা কৰি দিয়া হ’ব বুলি লিখিছে তেওঁ ।
গোচৰ দাখিল কৰি সামাজিক মাধ্যমত ৰিণিকি ভূঞা শৰ্মাই লিখিছে-“Today, in these difficult times, I prefer not to involve the name of someone I deeply admire and who has been a vital part of my journey as an entrepreneur. He has contributed to the success of News Live through his music and support from the early days of its establishment, which continues today. It is truly disheartening to associate a legendary figure in political gaming, especially when we all need to come together and fight for justice instead of engaging in mudslinging.
Through my organization, PEEPL, I am offering assistance to Mr. Akhil Gogoi by providing a first-class ticket to Singapore, accommodation in a five-star hotel, and covering logistical expenses for gathering evidence to support his claims. Once he completes his fact-finding mission, we will meet in court on October 30th 2025 for the first hearing. Let’s ensure that justice prevails.
Enclosing the case details for everyone’s reference.”
ইফালে ৯ অক্টোবৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু দলটোৰ আন এজন নেতা চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধেও গোচৰ তৰা হব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ; গোঁসাই সমাজৰ ডাঙৰ সিদ্ধান্ত









