তেওঁ কয় যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্টট্ৰেক আদালতত দিয়া সন্দৰ্ভত সিদ্ধান্ত শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা কৰিহে লোৱা হ’ব ।
জুবিন গাৰ্গৰ তদন্তৰ গোচৰ ফাষ্টট্ৰেক আদালতত দিয়াক লৈ চলি থকা অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । তেওঁ কয় যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্টট্ৰেক আদালতত দিয়া সন্দৰ্ভত সিদ্ধান্ত শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা কৰিহে লোৱা হ’ব ।
মঙলবাৰে মৰিয়নীত অনুষ্ঠিত এক চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁ কয়- “ফাষ্টট্ৰেক আদালত পৰিয়ালৰ সৈতে কথা পাতি দিয়া হ’ব । বৰ্তমানৰ ন্যায়াধীশজনে এজনো অভিযুক্তক জামিন দিয়া নাই । আটাইকেইজন অভিযুক্তৰ জামিন বৰ্তমানৰ ন্যায়াধীশে নাকচ কৰিছে । ফাষ্টট্ৰেক আদালতলৈ যোৱাৰ লগে লগে যদি অভিযুক্তৰ জামিন হৈ যায় তেতিয়া দোষটো যাতে মোৰ ওপৰত নপৰে ।“
এই সিদ্ধান্ত পৰিয়ালৰ সৈতে কথা পাতি লোৱা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, নিয়মমতে যেতিয়া ভাল ফলাফল পাই থকা যায় তেতিয়া তেতিয়া তেওঁক মানুহে সলনি নকৰে । এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ফলাফল দি আছে তেওঁক সলনি কৰিব লাগে ।
ইফালে এই গোচৰ বিচাৰ লেহেমীয়া গতিৰে চলি আছে বুলি উত্থাপিত অভিযোগৰো প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, লেহেমীয়া হলেও এতিয়ালৈকে অভিযুক্তসকল কাৰাগাৰৰ পৰা ওলোৱা নাই । তেওঁলোকে এতিয়াও জামিন লাভ কৰা নাই । যিসকলে এই অভিযোগ কৰি আছে তেওঁলোকে কথাবোৰ বুজি পোৱা নাই যে, শ্যামকানু-সিদ্ধাৰ্থ চাৰি-পাঁচ মাহে জেলতেই আছে, এয়াও এক সফলতা ।
আনহাতে নিৰ্বাচনৰ পিছতে জুবিন হত্যাত অভিযুক্তসকল কাৰাগাৰৰ পৰা মুকলি হব বুলি বিৰোধীয়ে তথা একাংশই কৰা অভিযোগৰো প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । তেওঁ বিৰোধী দল সমূহে এই বিষয়টো সম্পূৰ্ণ ৰাজনীতিৰে চাই বুলি অভিযোগ কৰে । বিৰোধীৰ জুবিনৰ প্ৰতি কোনো মৰম নাই কেৱল এই বিষয়ত ৰাজনীতি কৰাটোৱেই মূল উদ্দেশ্য বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । যদি নিৰ্বাচনৰ পিছত ওলাবই তেন্তে তেওঁলোকেই ভাল উকীল নিদিয়ে কিয় বুলিও বিৰোধী দলসমূহক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
জুবিন গাৰ্গৰ হত্যাৰ গোচৰত তদন্তকাৰী দলে দাখিল কৰা অভিযোগনামা দুৰ্বল বুলি কৰা অভিযোগৰো উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় য়ে, চাৰ্জশ্বীট দুৰ্বল নে শক্তিশালী সেয়া আদালতে ক’ব । এই কথা বিলাকতেই তেওঁলোকৰ চিন্তা কিমান ঋণাত্মক সেয়া প্ৰকাশ পাইছে । তেওঁলোকে জীৱনকালত জুবিন গাৰ্গক সন্মানেই কৰা নাছিল । জীনৱকালত যিসকলে জুবিন গাৰ্গক সন্মান নকৰিছিল সেইসকলেহে এতিয়া জুবিনক লৈ বেছি প্ৰশ্ন কৰে । জুবিন ভাল পোৱাসকলে একো নুসুধে ।
এইক্ষেত্ৰত অখিল গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জীৱন কালত অখিল গগৈৰ সৈতে জুবিন গাৰ্গক দেখিছিল নেকি । মৰাণত হোৱা সভাত জুবিন গাৰ্গক আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিল অখিল গগৈয়ে । মুখ্যমন্ত্ৰীয়ে কয়- ‘যিসকলে জুবিন গাৰ্গক ভাল পায় তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস আছে । জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে সেইসকলৰ মোৰ ওপৰত বিশ্বাস নাই ।“
লগতে পঢ়ক : বিকাশৰ বিৰোধিতা কৰাসকলক উন্নয়নৰ ধুমুহাই উৰুৱাই নিবঃ মুখ্যমন্ত্ৰীৰ মন্তব্য









