অসমৰ উন্নয়নৰ বিৰোধিতা কৰাসকলক উন্নয়ৰ ধুমুহাই উৰুৱাই নিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
‘মানুহে কল্পনা কৰিব নোৱৰাকৈ অসমৰ বিকাশ হৈছে । সেইবাবেই মানুহে বিজেপি দলক সমৰ্থন কৰিছে । ঋণাত্মক চিন্তা কৰা সকলক উন্নয়ৰ ধুমুহাই উৰুৱাই লৈ যাওক ।‘ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে মৰিয়নীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত বিৰোধীক কটাক্ষ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কল্পনা কৰিব নোৱৰাকৈ বিকাশ হৈছে অসমৰ-
মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, ৰাজ্যত কোনোৱে কল্পনা কৰিব নোৱৰাকৈ বিকাশ হৈছে । অসমৰ উন্নয়ৰ বিৰোধিতা কৰাসকলক তথা এই সম্পৰ্কে ঋণাত্মক চিন্তা কৰা সকলক উন্নয়ৰ ধুমুহাই উৰুৱাই নিব বুলি মন্তব্য কৰে তেওঁ । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি আছে । লাহে লাহে ঋণাত্মক পৰিৱেশ নোহোৱা হৈছে । বহু প্ৰচেষ্টাৰ পিছতো বিগত পাঁচ বছৰত এটাও আন্দোলন বিৰোধীয়ে কৰাব নোৱাৰিলে বুলি দাবী কৰে তেওঁ । ইয়াৰ কাৰণ হিচাবে তেওঁ কয় যে, বিকাশৰ ধুমুহাৰ আগত এতিয়া কোনোৱে থিয় হ‘ব পৰা নাই ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ দাবী কৰে যে, ঋণাত্মক চিন্তা কৰা মানুকখিনিক বাদ দি সকলোৱে তেওঁক সমৰ্থন কৰে । কিন্তু ৰাজ্যখনত ঋণাত্মক চিন্তা কৰা মানুহো আছে । গতিকে এই ঋণাত্মক মানুহখিনি লাহে লাহে কমি আহি থাকিলে অসমৰ আৰু অধিক উন্নতি হ’ব বুলি দাবী কৰে তেওঁ ।
৯০-৯৫টা সমষ্টিত কোনো বিৰোধীয়েই নাই-
ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হয় নে নহয় সেই বিষয়ে তেওঁৰ কোনো আগ্ৰহ নাই বুলি মন্তব্য কৰে তেওঁ । মুখ্যমন্ত্ৰীয়ে কয়- ‘এই বিষয়ে মোৰ কোনো আগ্ৰহ নাই । কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হ’লেও বিজেপি চৰকাৰ হ’ব আৰু মিত্ৰতা নহ’লেও বিজেপিৰেই চৰকাৰ হ’ব । ইয়াক কোনোৱে ৰাখিব নোৱাৰে ।‘ ইফালে ৰাজ্যৰ ৯০-৯৫ টা সমষ্টিত কোনো বিৰোধীয়েই নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
লগতে পঢ়ক : “APHLCৰ লগত যিয়ে মিত্ৰতা কৰে সি ৰাজনীতিত ডুবিব”- মুখ্যমন্ত্ৰীৰ কটাক্ষ









