এইবাৰ ৰাইজৰ দললৈ শ্বেৰমান আলী! অখিল গগৈয়ে দিলে ইংগিত

ৰাইজৰ দল হ’ব নেকি শ্বেৰমান আলীৰ ঠিকনা! অখিল গগৈয়ে দিলে ইংগিত

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে যোগদান কৰিব নেকি ৰাইজৰ দলত। বিধায়ক অখিল গগৈৰ বিশেষ ইংগিত। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক লৈ বিধায়ক অখিল গগৈয়ে এক ডাঙৰ ইংগিত কৰিছে।শুকুৰবাৰে বৰপেটাৰ বাঘবৰ সমষ্টিত উপস্থিত হৈ শ্বেৰমান আলীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে।শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৰাইজৰ

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে যোগদান কৰিব নেকি ৰাইজৰ দলত। বিধায়ক অখিল গগৈৰ বিশেষ ইংগিত।

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক লৈ বিধায়ক অখিল গগৈয়ে এক ডাঙৰ ইংগিত কৰিছে।শুকুৰবাৰে বৰপেটাৰ বাঘবৰ সমষ্টিত উপস্থিত হৈ শ্বেৰমান আলীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে।শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৰাইজৰ দলত যোগদানৰ ইংগিত দিছে।

অখিল গগৈয়ে কয় যে, অহা ১১ জানুৱাৰীত শ্বেৰমান আলীৰ সৈতে একেলগে এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত কৰা হ’ব। তাৰ পাছতেই শ্বেৰমান আলীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান।

কেৱল যোগদান কৰাই নহয় আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ হৈ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ পৰা নিবাৰ্চনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে শ্বেৰমান আলীয়ে।

বিধায়ক গৰাকীয়ে শ্বেৰমান আলীৰ প্ৰশংসাত পঞ্চমুখ হৈ অখিল গগৈয়ে কয়,শ্বেৰমান আলী সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলৰ মাজত সৰ্বাধিক কৰ্মদক্ষ আৰু জনদৰদী নেতা।তেওঁ সদায় জনতাৰ সমস্যাক অগ্ৰাধিকাৰ দি সেই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে।  

লগতে পঢ়ক: ‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য