“চাচাৰ ছোৱালী, নে মাহীৰ ছোৱালীক বিয়া কৰো সেয়া নিজৰ কথা”; মুছলমান বিবাহক লৈ শ্বেৰমান আলীৰ যুক্তি

সদনত UCC বিধেয়কক লৈ চলি থকা বিতৰ্কৰ মাজতে তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে মুছলমান বিবাহক লৈ যুক্তি দৰ্শাইছে।

UCC বিধেয়ক সন্দৰ্ভত অসম বিধানসভাৰ আলোচনাৰ সময়ত মন্দিয়াৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে বিস্ফোৰক মন্তব্য কৰিছে। বিধায়ক গৰাকীয়ে কৈছে যে, “মুছলমান সমাজত চলি থকা কিছুমান নিয়ম সলনি কৰিব লাগে।UCC ত থকা বাল্য বিবাহ বন্ধ কৰক, লিভ-ইন-টুগেডাৰ বিষয়ত মোৰ সমৰ্থন আছে। কিন্তু বহু বিবাহ বন্ধ কৰা সম্পৰ্কত কোৰাণতে লিখা আছে। এজনীয়েই থাকক কিন্তু,মই চাচাৰ ছোৱালী বিয়া কৰো, মাহীৰ ছোৱালী বিয়া কৰো সেয়া নিজৰ কথা।আৰু সেয়া কোৰাণত ভালদৰে আছে। তাত কেনেকৈ বাধা নিষেধ কৰিব।এইটো কোৰাণৰ সম্পূৰ্ণ বিৰোধী।

বিধায়ক গৰাকীয়ে লগতে কয় যে, “Article 25 আৰু 26 ক লংঘন কৰা হৈছে।শ্বৰীয়তত বিচ্ছেদৰ নিয়ম নাই। UCCয়ে এজনীৰ লগত আইনী বিচ্ছেদ কৰি দ্বিতীয় বিবাহৰ কথা কৈছে। UCC ত ডিভোৰ্চ দিয়া পত্নীক পুনৰ বিবাহৰ অনুমতি দিয়া হৈছে। সংবিধানে দিয়া ধৰ্মৰ অধিকাৰত চৰকাৰে কেনেকৈ হস্তক্ষেপ কৰিব পাৰে।ইয়াৰ পৰা ট্ৰাইবেল সমূহক কিয় বাদ দিয়া হ’ল” বুলিও কয় বিধায়ক শ্বেৰমান আলীয়ে।

লগতে পঢ়ক: ‘UCCৰ পৰা মুছলমান সমাজক বাদ দিয়ক’; বিধায়ক মজিবুৰ ৰহমান

শপত লৈ বিধানসভাৰ মজিয়াত ‘মমতা দিদি জিন্দাবাদ’ ধ্বনি শ্বেৰমান আলীৰ

আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। নৱনিৰ্বাচিত বিধায়কসকলে বিধায়ক পদৰ শপত লোৱাৰ সময়তে শ্বেৰমান আলীৰ আচৰিত কাণ্ড।

আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। চাৰিদিনীয়া কাৰ্যসূচীৰে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনখন আৰম্ভ হৈছে। ৰাজ্যপালৰ অভিভাষণেৰে আৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী।

ষষ্ঠদশ অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলে বিধায়ক পদৰ শপত লয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি এজন এজনকৈ বিধায়কসকলে শপতগ্ৰহণ কৰে। প্ৰ’টেম অধ্যক্ষ চন্দ্ৰ মোহন পাটোৱাৰীয়ে বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়।

এই শপত বাক্য পাঠ কৰোৱাই থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে কৰিলে এক আচৰিত কাণ্ড। শপত লৈয়েই অসম বিধানসভা চৌহদত দিলে ‘মমতা দিদি জিন্দাবাদ’ ধ্বনি।

লগতে পঢ়ক: “প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দেশদ্ৰোহী,ভাৰতত বিক্ৰী কৰিলে”; পুনৰ ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্য

শ্বেৰমান আলীৰ সভাত অঘটন; ভাষণ দি থকাৰ মাজতে খহি পৰিল মঞ্চ

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী সভাৰ মাজতে এক অঘটন সংঘটিত হয়। ভাষণ দি থকাৰ সময়তে ভাগিল মঞ্চ।

তৃণমূল কংগ্ৰেছক প্ৰাৰ্থী শ্বেৰমান আলী আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত হঠাৎ লাগিল হুৱাদুৱা।মন্দিয়া সমষ্টিৰ কলগাছিয়াত চলি আছিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলীৰ নিৰ্বাচনী প্ৰচাৰ সভা। মঞ্চত বহি আছিল শ্বেৰমান আলী সহ কেইবাজনো দলীয় লোক।

এগৰাকী লোকে সমুখত থকা জনতাক উদ্দেশি দি আছিল ভাষণ। কিন্তু সেই সময়তে লাগিল অথন্তৰ। হঠাৎ খহি পৰে শ্বেৰমান আলী বহি থকা মঞ্চ।লগে লগে তৃণমূল কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। তৃণমূলৰ সভাত অপ্ৰত্যাশিত পৰিস্থিতিক লৈ অস্বস্তিত পৰে শ্বেৰমান আলী।

লগতে পঢ়ক: ‘গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আচ্ছালাম আলাইকুমেৰে’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ  

ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

দেওবাৰে ৰাইজৰ দল ত্যাগ কৰে শ্বেৰমান আলীয়ে

৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । নিৰ্বাচনৰ বাবে ২৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন যদিও এতিয়াও বিৰোধী দল সমূহত দেখা গৈছে দল ত্যাগৰ ৰাজনীতি । নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে যদিও ৰাজ্যৰ বিৰোধী দলৰ একাংশ নেতাই টিকট বঞ্চিত হৈ দল সলোৱাৰ প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে । ইয়াৰ ব্যতিক্ৰম নহ’ল শ্বেৰমান আলীও ।

দেওবাৰে ৰাইজৰ দল ত্যাগ কৰে শ্বেৰমান আলীয়ে । মন্দিয়া সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল শ্বেৰমান । কিন্তু টিকট বঞ্চিত হৈ ৰাইজৰ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ দিশে আগবাঢ়িছে শ্বেৰমান আলীয়ে । অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰা নাই যদিও দলটোৱে মন্দিয়া সমষ্টিৰ পৰা শ্বেৰমান আলীক টিকট প্ৰদান কৰিছে ।  

মমতা বেনার্জীৰ নেতৃত্বত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে । এই তালিকা অনুসৰি, বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ পৰা এমাহৰ ভিতৰতে দল সলনি কৰা শ্বেৰমান আলী আহমেদক প্ৰক্ষেপ কৰা হৈছে ।

উল্লেখ্য যে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে কিছু দিন পূৰ্বে টিকটৰ আশাত ৰাইজৰ দলত যোগদান কৰিছিল । কিন্তু ৰাইজৰ দলেও টিকটৰ নামত ৰামঠগন দিয়াৰ পিছত এতিয়া তৃণমূল কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিব শ্বেৰমানে । শনিবাৰে ৰাইজৰ দলক তেওঁক টিকট প্ৰদান কৰাৰ কথা পুনৰ বিবেচনা কৰিবলৈ এদিনৰ সময়সীমা বান্ধি অন্যথা দল ত্যাগৰ হুংকাৰ দিছিল ।

ইফালে তৃণমূল কংগ্ৰেছে তেওঁলোকৰ প্ৰথমখন তালিকাত এটা সংশোধনীও ঘোষণা কৰিছে, য’ত ছমৰীয়া সমষ্টিৰ পৰা দুলু আহমেদৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : ১২ টা সমষ্টিৰ বাবে পুনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা ৰাইজৰ দলৰ

ৰাইজৰ দল হ’ব নেকি শ্বেৰমান আলীৰ ঠিকনা! অখিল গগৈয়ে দিলে ইংগিত

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে যোগদান কৰিব নেকি ৰাইজৰ দলত। বিধায়ক অখিল গগৈৰ বিশেষ ইংগিত।

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক লৈ বিধায়ক অখিল গগৈয়ে এক ডাঙৰ ইংগিত কৰিছে।শুকুৰবাৰে বৰপেটাৰ বাঘবৰ সমষ্টিত উপস্থিত হৈ শ্বেৰমান আলীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে।শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৰাইজৰ দলত যোগদানৰ ইংগিত দিছে।

অখিল গগৈয়ে কয় যে, অহা ১১ জানুৱাৰীত শ্বেৰমান আলীৰ সৈতে একেলগে এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত কৰা হ’ব। তাৰ পাছতেই শ্বেৰমান আলীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান।

কেৱল যোগদান কৰাই নহয় আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ হৈ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ পৰা নিবাৰ্চনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে শ্বেৰমান আলীয়ে।

বিধায়ক গৰাকীয়ে শ্বেৰমান আলীৰ প্ৰশংসাত পঞ্চমুখ হৈ অখিল গগৈয়ে কয়,শ্বেৰমান আলী সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলৰ মাজত সৰ্বাধিক কৰ্মদক্ষ আৰু জনদৰদী নেতা।তেওঁ সদায় জনতাৰ সমস্যাক অগ্ৰাধিকাৰ দি সেই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে।  

লগতে পঢ়ক: ‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য