ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

দেওবাৰে ৰাইজৰ দল ত্যাগ কৰে শ্বেৰমান আলীয়ে ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । নিৰ্বাচনৰ বাবে ২৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন যদিও এতিয়াও বিৰোধী দল সমূহত দেখা গৈছে দল ত্যাগৰ

দেওবাৰে ৰাইজৰ দল ত্যাগ কৰে শ্বেৰমান আলীয়ে

৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । নিৰ্বাচনৰ বাবে ২৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন যদিও এতিয়াও বিৰোধী দল সমূহত দেখা গৈছে দল ত্যাগৰ ৰাজনীতি । নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে যদিও ৰাজ্যৰ বিৰোধী দলৰ একাংশ নেতাই টিকট বঞ্চিত হৈ দল সলোৱাৰ প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে । ইয়াৰ ব্যতিক্ৰম নহ’ল শ্বেৰমান আলীও ।

দেওবাৰে ৰাইজৰ দল ত্যাগ কৰে শ্বেৰমান আলীয়ে । মন্দিয়া সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল শ্বেৰমান । কিন্তু টিকট বঞ্চিত হৈ ৰাইজৰ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ দিশে আগবাঢ়িছে শ্বেৰমান আলীয়ে । অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰা নাই যদিও দলটোৱে মন্দিয়া সমষ্টিৰ পৰা শ্বেৰমান আলীক টিকট প্ৰদান কৰিছে ।  

মমতা বেনার্জীৰ নেতৃত্বত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে । এই তালিকা অনুসৰি, বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ পৰা এমাহৰ ভিতৰতে দল সলনি কৰা শ্বেৰমান আলী আহমেদক প্ৰক্ষেপ কৰা হৈছে ।

উল্লেখ্য যে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে কিছু দিন পূৰ্বে টিকটৰ আশাত ৰাইজৰ দলত যোগদান কৰিছিল । কিন্তু ৰাইজৰ দলেও টিকটৰ নামত ৰামঠগন দিয়াৰ পিছত এতিয়া তৃণমূল কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিব শ্বেৰমানে । শনিবাৰে ৰাইজৰ দলক তেওঁক টিকট প্ৰদান কৰাৰ কথা পুনৰ বিবেচনা কৰিবলৈ এদিনৰ সময়সীমা বান্ধি অন্যথা দল ত্যাগৰ হুংকাৰ দিছিল ।

ইফালে তৃণমূল কংগ্ৰেছে তেওঁলোকৰ প্ৰথমখন তালিকাত এটা সংশোধনীও ঘোষণা কৰিছে, য’ত ছমৰীয়া সমষ্টিৰ পৰা দুলু আহমেদৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : ১২ টা সমষ্টিৰ বাবে পুনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা ৰাইজৰ দলৰ