‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ; কংগ্ৰেছে কৰি আছে ব্লেকমেইল’; মুখ্যমন্ত্ৰী

‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ,কংগ্ৰেছে এই ব্লেকমেইল কৰি আছে’; মুখ্যমন্ত্ৰী

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কংগ্ৰেছে অখিল গগৈক ব্লেকমেইল কৰি আছে। মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। তাৰ পিছতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কংগ্ৰেছে অখিল গগৈক ব্লেকমেইল কৰি আছে।

মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। তাৰ পিছতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘বাহিৰত অখিল গগৈক কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু কংগ্ৰেছে তেওঁক গুৰুত্ব কম দিয়ে। ৰাইজৰ দলে বৰচলা, মাহমৰাত টিকট বিচাৰিছিল। কিন্তু তেওঁলোকক আওঁকান কৰি কংগ্ৰেছে তাত প্ৰাৰ্থী দিছে’।

‘সোনকালেই অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে। কাৰণ অখিল গগৈয়ে অকলে শিৱসাগৰৰ পৰা জিকিব নোৱাৰে।আৰু অখিল গগৈয়ে কংগ্ৰেছৰ লগত কাজিয়া কৰিব নোৱাৰে। তেওঁ মাত্ৰ দৰ-দাম কৰি আছে। কংগ্ৰেছ দলে যদি শিৱসাগৰত প্ৰাৰ্থী দিয়ে তেন্তে অখিল গগৈয়ে দুৰ্বল অনুভৱ কৰিব’।

‘ আৰু সেই কাৰণে অখিল গগৈক কংগ্ৰেছ দলে তেওঁক ব্লেকমেইল কৰি আছে। বাহিৰত অখিল গগৈক কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলৰ চিকাৰ হৈ আছে’।

‘আৰু শেষত অখিল গগৈয়ে কংগ্ৰেছৰ মতে সকলো ত্যাগ কৰিব লাগিব। কাৰণ বৰ্তমান শিৱসাগৰত জিকিবৰ বাবে অখিল গগৈৰ নিজৰ সাহস নাই। এতিয়া ৰাইজৰ দলেও কংগ্ৰেছত ভয় খুৱাব বিছাৰে আৰু কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব বিছাৰে’।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত ৯৯.৯ শতাংশ মিত্ৰতা হব। কিন্তু অখিল গগৈয়ে মিত্ৰতাৰ বাবে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পন কৰিব। শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল’ব অখিল গগৈয়ে।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা