‘কংগ্ৰেছৰ সৈতে মিত্ৰতা এতিয়া ধৰ্মসংকটত’; অখিল গগৈ

‘কংগ্ৰেছৰ সৈতে মিত্ৰতা এতিয়া ধৰ্মসংকটত’; অখিল গগৈ

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই। তাৰ মাজতে শীৰ্ষ কংগ্ৰেছীয়ে দল এৰাৰ পিছতে অসহায় গৌৰৱে বিচাৰিছে অখিল গগৈৰ সহায়। অখিল গগৈলৈ নিশাই ফোন গৌৰৱ গগৈৰ। কংগ্ৰেছৰ পৰা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰাৰ পিছতে গৌৰৱ গগৈ আৰু

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই। তাৰ মাজতে শীৰ্ষ কংগ্ৰেছীয়ে দল এৰাৰ পিছতে অসহায় গৌৰৱে বিচাৰিছে অখিল গগৈৰ সহায়। অখিল গগৈলৈ নিশাই ফোন গৌৰৱ গগৈৰ।

কংগ্ৰেছৰ পৰা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰাৰ পিছতে গৌৰৱ গগৈ আৰু কংগ্ৰেছক লৈ মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে, কংগ্ৰেছৰ এতিয়া অৱস্থা ভগা বিয়াত উৰুলি দিয়া নিছিনা হৈছে।মিত্ৰতাৰ বাবে ইমান দিনে কংগ্ৰেছৰ হাতে ভৰিয়ে ধৰিলো, কিন্তু সকলোবিলাক কৰাৰ পিছটো কংগ্ৰেছ দলে আমাৰ লগত যোগাযোগ নকৰিলে। বৰঞ্চ আমাৰ দলক হেঁচা দিবৰ বাবে, আমাৰ দলক একাশৰীয়া কৰিবৰ বাবে তেওঁলোকে আন তিনিটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰি আমাৰ দলক বাহিৰ কৰি ৰাখিলে।

তেওঁ লগতে কয় আমাৰ দলৰ লগত আলোচনা কৰি থকা অৱস্থাত আমাৰ দলে প্ৰস্তাৱ কৰা ৫ টা বিধানসভা সমষ্টিত তেখেতসকলৰ প্ৰাৰ্থীৰ নাম প্ৰথমখন তালিকাত ঘোষণা কৰিলে। দ্বিতীয়খন তালিকাটো আকৌ আমাৰ দলৰ আলোচনা চলি থকা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দিলে। কংগ্ৰেছে এনেদৰেই আমাক ইটোৰ পিছত সিটো বিশ্বাসঘাটকতা কৰিলে।

তেওঁ আৰু কয় প্ৰতিটো নিৰ্বাচনতেই কেৱল আমিয়েই ত্যাগ কৰিব থাকিব লগা হৈছিল। এইবাৰ আমি মাত্ৰ ১৫ টা সমষ্টি বিচাৰিছোলো। কিন্তু কংগ্ৰেছ দলে আমাক সেইকেইটা সমষ্টি দিবলৈ অস্বীকাৰ কৰিলে। আজি আকৌ গৌৰৱ গগৈয়ে ফোন কৰি ১৩ টা সমষ্টিৰ তালিকা দি পুনৰ মিত্ৰতাৰ কথা কৈছে।কিন্তু আমি ইথিমধ্যে ৰাইজৰ দলৰ বহু লোকক টিকট দিয়াটো নিশ্চিত কৰিছো।সেয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা এতিয়া আমাৰ বাবে ধৰ্মসংকটত আছে।

লগতে পঢ়ক: হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

শেহতীয়া প্ৰৱন্ধসমূহ