“শিৱসাগৰ হেৰুৱাৰ ভয়ত অৱস্থা বেয়া হৈছে”; অখিল গগৈক তীব্ৰ কটাক্ষ পীয়ুষ হাজৰীকাৰ

“শিৱসাগৰ হেৰুৱাৰ ভয়ত অৱস্থা বেয়া হৈছে”; অখিল গগৈক তীব্ৰ কটাক্ষ পীযুষ হাজৰিকাৰ

জাগীৰোডত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে। শিৱসাগৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।পীযুষ হাজৰিকাই কয় যে, শিৱসাগৰ হেৰুৱা ভয়ত অখিল গগৈৰ মানসিক কষ্ট হৈছে বুলি

জাগীৰোডত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে।

শিৱসাগৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।পীযুষ হাজৰিকাই কয় যে, শিৱসাগৰ হেৰুৱা ভয়ত অখিল গগৈৰ মানসিক কষ্ট হৈছে বুলি মই ভাবো। কুশল দুৱৰী যে শিৱসাগৰৰ প্ৰাৰ্থী হ’ব তেওঁ সেই কথা ভবা নাছিল।কাৰণ কুশল দুৱৰী তাৰ স্থানীয় মানুহ, অখিল গগৈ বাহিৰৰ মানুহ।অখিল গগৈয়ে সমষ্টিৰ ৰাইজক সময় দিয়াতকৈ কাজিৰঙাৰ অৰ্কিড উদ্যানত বেছি সময় থাকে।

পীযুষ হাজৰিকাই লগতে কয় যে, সমষ্টিৰ কামতকৈ তেওঁ ব্যৱসায় স্থলীত বেছি সময় দিয়ে। নামনি অসমৰ বিভিন্ন স্থানত তেওঁৰ প্ৰাৰ্থী আছে, কিন্তু অখিল গগৈ নামনি অসমলৈ যাবলৈ ভয় কৰিছে। কিন্তু কিয় ভয় কৰিছে সেই কথাটোহে তেওঁক মই প্ৰশ্ন কৰিব বিচাৰিছো। অখিল গগৈৰ অৱস্থা বহুত বেছি ভাল নহয়। কাৰণ শিৱসাগৰৰ জনতাই চৰকাৰৰ লগত থাকিব বিচাৰে।আৰু অখিল গগৈ বা কংগ্ৰেছে চৰকাৰ বনাব নোৱাৰে।

তেওঁ লগতে কয়, চৰকাৰৰ লগত নথকাৰ ফলত এই সমষ্টিটোৱে ফল ভূগিব লগা হৈছে। তাত হোৱা গৰাখহনীয়া ৰোধ কৰিবলৈ অখিল গগৈয়ে মোক কোৱা নাই।কিন্তু মই তেওঁলোকৰ কথা ভাবি নিজেই সেই কাম কৰিছো। কাৰণ শিৱসাগৰৰ ৰাইজৰ প্ৰতি আমাৰ সন্মান আৰু শ্ৰদ্ধা আছে। অখিল গগৈ শিৱসাগৰৰ পৰা আতৰিলে হে তাৰ উন্নয়ন তিনি গুণ হ’ব।আৰু শিৱসাগৰৰ ৰাইজে এই কথা বুজি পাইছে।

লগতে পঢ়ক: মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ মূৰত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী       

শেহতীয়া প্ৰৱন্ধসমূহ