‘অখিল গগৈয়ে আনে নকৰা বেয়াৰ উদাহৰণ স্থাপন কৰে’; মুখ্যমন্ত্ৰী

‘অখিল গগৈয়ে আনে নকৰা বেয়াৰ উদাহৰণ স্থাপন কৰে’; মুখ্যমন্ত্ৰী

শিৱসাগৰৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুশল দুৱৰীক অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখিল গগৈয়ে প্ৰতিবাৰেই বেয়া কামৰ উদাহৰণ স্থাপন কৰে বুলি তেওঁ মন্তব্য কৰে। মাজুলিত নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈক লক্ষ্য

শিৱসাগৰৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুশল দুৱৰীক অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখিল গগৈয়ে প্ৰতিবাৰেই বেয়া কামৰ উদাহৰণ স্থাপন কৰে বুলি তেওঁ মন্তব্য কৰে।

মাজুলিত নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ নিৰ্বাচনটোক আমি গণতন্ত্ৰৰ উ সৱ বুলি পালন কৰো। কিন্তু অখিল গগৈয়ে তেওঁৰ সমষ্টি শিৱসাগৰত কিমান ৰাস্তা নিৰ্মাণ কৰিলে বা সমষ্টিটোৰ কিমান উন্নয়ন হ’ল সেইখিনি কতা নকৈ এজন প্ৰাৰ্থীক উপৰ্জুপৰি যেনেকৈ আক্ৰমণ কৰিলে, সেইটো অসমৰ ১২৫ টা বিধানসভা সমষ্টিৰ ক’তো আজিলৈকে হোৱা নাই।অখিল গগৈয়ে প্ৰতিবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা স্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অখিল গগৈয়ে ৫ বছৰত শিৱসাগৰত একো কৰিব নোৱাৰিলে। আৰু এতিয়া শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে আন প্ৰাৰ্থী সকলে যদি বেলেগ দলৰ প্ৰাৰ্থীক আক্ৰমণ নকৰে, তেনেহলে অখিল গগৈয়ে কিয় কৰে।তেওঁ সমষ্টিত একো কৰিব নোৱাৰাৰ বাবে এতিয়া উপায় নোহোৱাত বিৰোধী প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

আনহাতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইস্তাহাৰখনত মনত ৰাখিবলগীয়া একোৱেই নাই। মহিলাৰ বাবে, যুৱ সমাজৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰত নাই পৰিকল্পনা।

তেওঁ লগতে কয় মই ভাবো বিজেপিয়ে এইবাৰ ৯০তকৈ বেছি আসন পোৱাৰ লগতে কংগ্ৰেছে এইবাৰ ১৫ খনতকৈও কম আসন পাব।  

লগতে পঢ়ক: “শিৱসাগৰ হেৰুৱাৰ ভয়ত অৱস্থা বেয়া হৈছে”; অখিল গগৈক তীব্ৰ কটাক্ষ পীযুষ হাজৰিকাৰ  

শেহতীয়া প্ৰৱন্ধসমূহ