জয়ন্ত দাসৰ পদত্যাগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; ক’লে ‘দলে সঠিক সিদ্ধান্তই লৈছে’

জয়ন্ত দাসৰ পদত্যাগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; ক’লে ‘দলে সঠিক সিদ্ধান্তই লৈছে’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জয়ন্ত দাসে টিভিত যি ক’লে, তাৰ পৰা স্পষ্ট যে তেওঁ কেতিয়াও বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাছিল বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে দলৰ পৰা পদত্যাগ কৰাৰ পাছত আগবঢ়োৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জয়ন্ত দাসে টিভিত যি ক’লে, তাৰ পৰা স্পষ্ট যে তেওঁ কেতিয়াও বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাছিল

বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে দলৰ পৰা পদত্যাগ কৰাৰ পাছত আগবঢ়োৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “জয়ন্ত দাসে টিভিত যি ক’লে, তাৰ পৰা স্পষ্ট যে তেওঁ কেতিয়াও বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাছিল; অন্যথা তেওঁ এনে মন্তব্য নকৰিলেহেঁতেন । ইয়াৰ পৰা প্ৰমাণ হয় যে আমাৰ দলে সঠিক সিদ্ধান্ত লৈছিল । তেওঁৰ অন্তৰ কেতিয়াও প্ৰকৃততে বিজেপিৰ সৈতে নাছিল ।”

তেওঁ লগতে কয়, “কেতিয়াবা জ্যেষ্ঠ নেতাসকল অসন্তুষ্ট হ’ব পাৰে । টিকট নোপোৱাৰ বাবে বা অন্য কাৰণত তেওঁলোক কেতিয়াবা অসন্তুষ্ট হ’ব পাৰে । কিন্তু জয়ন্ত দাসে যিদৰে ৰাজহুৱাকৈ কথা কৈছে তাৰ পিছত তেওঁৰ দলত থকাৰ কোনো থল নাই । মই তেওঁক শুভেচ্ছা জনাইছো আৰু যদি তেওঁ দিছপুৰ সমষ্টিত জয়লাভ কৰিব পাৰে, তাৰ বাবেও মই শুভকামনা জনাইছো ।”

উল্লেখ্য যে, ২০ মাৰ্চত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত “ব্যক্তিগত সমস্যা”ৰ দোহাই দি বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে দলৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদৰ পৰা পদত্যাগ কৰিছিল । পদত্যাগ পত্ৰত দাসে উল্লেখ কৰিছিল: “মই ইয়াৰ দ্বাৰা মোৰ ব্যক্তিগত অসুবিধাৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদৰ পৰা মোৰ পদত্যাগ পত্ৰ দাখিল কৰিছো ।”

দাসে ছচিয়েল মিডিয়াৰ জৰিয়তেও নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি দলৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছিল । দিছপুৰ সমষ্টিৰ পৰা জয়ন্ত দাসে প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰিছিল যদিও দলে তেওঁক টিকট নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতে পদত্যাগ কৰে ।

লগতে পঢ়ক : প্ৰত্যেকটো ক্ষেত্ৰতে অৱহেলিত, উপেক্ষিতঃ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল এৰাৰ কাৰণ ব্যাখ্যা প্ৰদ্যুৎ বৰদলৈৰ

শেহতীয়া প্ৰৱন্ধসমূহ