ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ, আনুষ্ঠানিক ঘোষণা কৰিলে গৌৰৱ গগৈয়ে

ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ, আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈৰ

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে । দীৰ্ঘদিন ধৰি চৰ্চাত থকা ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা বুধবাৰে আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে ।

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে

অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে । দীৰ্ঘদিন ধৰি চৰ্চাত থকা ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা বুধবাৰে আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে । আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এক বিবৃত্তিত এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে । অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ বিপৰীতে ৰাইজৰ দলক মিত্ৰতাত নোলোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে । সংখ্যালঘু অধ্যুষিত কেইটামান সমষ্টিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা সন্দৰ্ভত মনোমালিন্যৰ সৃষ্টি হোৱাৰ লগতে দুয়ো পক্ষৰ আকোৰগোঁজ স্থিতিৰ ফলতেই মিত্ৰতাত যতি পৰা বুলি ইতমধ্যে অভিযোগ উঠিছে । এই সন্দৰ্ভত দুয়ো পক্ষই অভিযোগ-প্ৰত্যাভিযোগেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি তুলিছে ।

ইয়াৰ মাজতেই বুধবাৰে সামাজিক মাধ্যমযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাসংদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে । গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত লিখিছে- “অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো । কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই ।

নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা । এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো ।

কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই । সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো । পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম ।“

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ