জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত মঙলবাৰে অনুষ্ঠিত অসম কেবিনেটে সাংস্কৃতিক স্বীকৃতি, আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰশাসনিক সংস্কাৰ সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায় । ইয়াৰ ভিতৰত আছে গুৱাহাটীৰ বাবে এক বৃহৎ জলযোগান প্ৰকল্প, মিচিং

কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত মঙলবাৰে অনুষ্ঠিত অসম কেবিনেটে সাংস্কৃতিক স্বীকৃতি, আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰশাসনিক সংস্কাৰ সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায় । ইয়াৰ ভিতৰত আছে গুৱাহাটীৰ বাবে এক বৃহৎ জলযোগান প্ৰকল্প, মিচিং সম্প্ৰদায়ৰ উৎসৱ ‘আলি-আয়ে-লৃগাং‘ৰ বাবে ৰাজ্যিক বন্ধ ঘোষণা আৰু জুবিন গাৰ্গ স্মাৰক ক্ষেত্ৰৰ বাবে ভূমি আবণ্টন ।

কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, অসমীয়া সংগীত আৰু সংস্কৃতিৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ‘জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ’ৰ বাবে ১০ বিঘা ভূমি আৱণ্টন দিয়া হৈছে ।

কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহ :

গুৱাহাটী জলযোগান প্ৰকল্প : দক্ষিণ-পূব গুৱাহাটী জলযোগান প্ৰকল্পৰ বাবে ১,৩৬৭ কোটি টকা অনুমোদন জনোৱা হৈছে । ইয়াৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব ।

আলি-আয়ে-লৃগাং : মিচিং সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ ‘আলি-আয়ে-লৃগাং’ক এতিয়াৰে পৰা চৰকাৰী ৰাজ্যিক বন্ধ হিচাপে পালন কৰা হ’ব । ই থলুৱা সংস্কৃতিৰ প্ৰতি চৰকাৰৰ এক ডাঙৰ স্বীকৃতি ।

চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণ : বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নাম সলনি কৰি ‘বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল’ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ সন্মানত অন্য এক বৃহৎ প্ৰতিষ্ঠান উৎসৰ্গা কৰা হ’ব ।

চৰকাৰী নিযুক্তি : প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰে ৰাজহ বিভাগত তৃতীয় শ্ৰেণীৰ পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে । লোক সেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে নিজে এই নিযুক্তি পত্ৰ অৰ্পণ কৰে ।

লগতে পঢ়ক : ‘গৌৰৱ গগৈ, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰিব’; মুখ্যমন্ত্ৰী