গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ দ্বিতীয় অধ্যায় এটাও আছেঃ ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

কেইটামান দিন পূৰ্বে সংবাদমেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন কৰা মুখ্যমন্ত্ৰীয়ে সোমবাৰে পুনৰ আন এক বিস্ফোৰণ ঘটায় ।

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এটা দ্বিতীয় অধ্যায়ও আছে । দ্বিতীয় অধ্যায়ত থকা তথ্য অধিক বিস্ফোৰক আৰু ভয়ানক । কেইটামান দিন পূৰ্বে সংবাদমেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন কৰা মুখ্যমন্ত্ৰীয়ে সোমবাৰে এই মন্তব্যৰে পুনৰ আন এক বিস্ফোৰণ ঘটায় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে গৌৰৱ গগৈৰ পাকিস্তান লিংক এতিয়াও শেষ হোৱা নাই । গৌৰৱ গগৈৰ পাকিস্তান কানেকচনৰ দ্বিতীয় অধ্যায় এটাও আছে ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাই সোমবাৰে দল ত্যাগৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আন বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়- গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিচাৰ হ’বয়ে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত মই যিখিনি ৰাজহুৱা কৰিলোঁ তাৰ পিছত আৰু এটা অধ্যায় আছে । গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ যিখিন কলোঁ তাৰ দ্বিতীয় এখন কিতাপো আছে । কিন্তু এই কথাখিনি মই ৰাজহুৱা কৰিব নোৱাৰো কাৰণ মোৰ পদৰ গোপনীয়তাৰ শপত আছে ।

গৌৰৱ গগৈয়ে পাকিস্তানত থকা ১০ দিন সময় কি কৰিছিল, ক’ত আছিল তাৰ ভিডিঅ’ আছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয়- গৌৰৱ গগৈয়ে পাকিস্তানত ১০ টা দিন থকা আৰু তেওঁ তাত কি কৰিছিল তাৰ ভিডিঅ’ও আমাৰ হাতত আছে । এই অধ্যায়টো ইয়াতেই শেষ যোৱা নাই । কিন্তু সেইখিনি মই প্ৰকাশ কৰিব নোৱাৰোঁ । সেইখিনি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আমাৰ পৰা পাব । গতিকে বহুত ঘটনা ঘটিবলৈ বাকী আছে ।

২০২৯লৈ কংগ্ৰেছত নাথাকে কোনো হিন্দু-

ইফালে ২০২৯ চনলৈ কংগ্ৰেছ দলত কোনো হিন্দু মানুহ নাথাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, যিকেইজনৰ একেবাৰে উপাই নাই আৰু যিসকলৰ সমষ্টি সংখ্যালঘু তেওঁলোকৰ দৰে দুই-এজন লোক কংগ্ৰেছত থাকিব । তেওঁ লগতে কয়- শিৱসাগৰ, ডিব্ৰুগড়ৰ টিকট নিৰ্বাচনৰ বাবে ৰেকিবুদ্দিন আহমেদ, আছিফ নজৰ আৰু আব্দুৰ ৰহিমক কিয় পঠাইছে কংগ্ৰেছে । এই আটাইকেইজনেই ৰকিবুল হুছেইনৰ মানুহ ।

লগতে পঢ়ক : ‘ভূপেন বৰা প্ৰকৃত কংগ্ৰেছী নেতা’; ভূপেন বৰাৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰা নাই জিতেন্দ্ৰ সিঙে

‘যদি কিবা ভুল কৰিছো, তেন্তে সৰু ভাই বুলি মাফ কৰি দিব’; ভূপেন বৰাক গৌৰৱ গগৈয়ে বিচাৰিলে ক্ষমা

সংবাদমেলতে ভূপেন বৰাক ক্ষমা বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে। সৰু ভাই বুলি ভুল খিনি পাহৰি মাফ কৰি দিবলৈ ক’লে গৌৰৱ গগৈয়ে।

সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছৰ ভিতৰচৰাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পদত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াকে ধৰি বহু জ্যেষ্ঠ নেতাই।

বাসগৃহত উপস্থিত হোৱাৰ পিছত গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ মাজতে ভূপেন বৰাক বঢ়োৱাই এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলতে ভূপেন বৰাক ক্ষমা খুজিলে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে কয় যে, ভূপেন বৰা এগৰাকী প্ৰকৃত কংগ্ৰেছী।দলটোৰ তেওঁ হৰ্তা-কৰ্তা। তেওঁ আমাৰ ডাঙৰ দাদাৰ দৰে।যদি কেতিয়াবা কিবা ভুল কৰিছিলো, তেনেহলে সৰু ভাই বুলি ক্ষমা কৰি দিব।  

লগতে পঢ়ক: ‘ভূপেন বৰা প্ৰকৃত কংগ্ৰেছী নেতা’; ভূপেন বৰাৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰা নাই জিতেন্দ্ৰ সিঙে

কংগ্ৰেছত খহনীয়া; ভূপেন বৰাই নহয় ৭ গৰাকীকৈ বিধায়কেও এৰিব দল

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে এতিয়া কংগ্ৰেছত বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ ৭ বিধায়কে ত্যাগ কৰিব দল।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত খহনীয়া আৰম্ভ হৈছে। APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ আন ৭ গৰাকীকৈ বিধায়কে ত্যাগ কৰিব দল।

জানিব পৰা মতে পশ্চিম গোৱালপাৰ সমষ্টিৰ MLA আব্দুৰ ৰছিদ মণ্ডল,বাঘবৰৰ বিধায়ক শ্বেৰমান আলী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ, ৰহাৰ বিধায়ক শশীকান্ত দাস, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে এৰিব কংগ্ৰেছ দল।

জানিব পৰা মতে, দলীয় অন্তঃকলহৰ বাবেই কংগ্ৰেছ এৰিলে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। ৰকিবুল হুছেইনৰ মইমতালিৰ বাবেই কংগ্ৰেছ এৰাৰ সিদ্ধান্ত মণ্ডলৰ। কংগ্ৰেছ এৰি বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ৰাইজৰ দলত যোগ দিয়া সম্ভাৱনা আছে।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত চৰম বিপৰ্যয়; APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগ

‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়’; উন্নয়নৰ জয়যাত্ৰাক গৌৰৱ গগৈৰ উপলুঙা

মৰাণৰ  জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ মুকলি কৰাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উন্নয়নৰ জয়যাত্ৰাক উপলুঙা গৌৰৱ গগৈৰ

শনিবাৰে মৰাণৰ  জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ উদ্ধোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ পিছতে এতিয়া এই উন্নয়নৰ জয়যাত্ৰাক উপলুঙা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।মৰাণত হোৱা এয়াৰ শ্ব’ক তুচ্ছ তাচ্ছিল্য গোৰৱ গগৈৰ।

সাংবাদিকৰ প্ৰশ্ন গৌৰৱ গগৈয়ে দিয়া উত্তৰত অসমত হোৱা উন্নয়ণত তেওঁ যে সুখী নহয় তাক দেখিবলৈ পোৱা গৈছে।

গৌৰৱ গগৈয়ে কয় যে, ‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়, বিমানৰ ভাড়া কিমান সেয়াহে গুৰুত্বপূৰ্ণ।বিমান বন্দৰত একাপ চাহৰ দামো কিমান সেয়াহে বেছি গুৰুত্বপূৰ্ণ।

মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব’ৰ পৰা অসমীয়াৰ কি লাভ হ’ব। মৰাণত বিমান অৱতৰণ কৰাতকৈ আমেৰিকাৰ জেফ্ৰি এপষ্টেইন ফাইলছ বেছি গুৰুত্বপূৰ্ণ। সাংসদ গৰাকীয়ে হাইৱেত বিমান নমালে অসমৰ কি উন্নয়ন হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: মৰাণৰ আকাশত গৰজি উঠিল সুখয়, ৰাফেল আৰু হাৰ্কিউলিচ C 130J; ৰচনা হ’ল নতুন ইতিহাসৰ

গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি; মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা

গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সৈতে জড়িত কোনো ৰাজহুৱা মন্তব্য বা বিবৃতি প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা ৫০০ কোটি টকীয়া মানহানিৰ গোচৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰাৰ লগতে বিষয়টোত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে । আদালতৰ নিৰ্দেশ অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সৈতে জড়িত কোনো ৰাজহুৱা মন্তব্য বা বিবৃতি প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধেও অনুৰূপ নিৰ্দেশনা জাৰি কৰিছে আদালতে ।

আদালতে এই গোচৰৰ সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাকো নিৰ্দেশ প্ৰদান কৰিছে । তদুপৰি, আদালতে গৌৰৱ গগৈকে ধৰি সাতজন ব্যক্তিক অহা ৯ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে, যিদিনা এই বিষয়টোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ব্যক্তিগত সম্পত্তি আৰু সততাৰ বিৰুদ্ধে তেওঁৰ ৰাজহুৱা ভাবমূৰ্তি নষ্ট কৰাৰ উদ্দেশ্যে অসত্য, মানহানিকাৰক আৰু বিদ্বেষপূৰ্ণ মন্তব্য কৰা বুলি অভিযোগ কৰি গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জীতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মানহানিৰ গোচৰ ৰুজু কৰিছিল । উল্লেখ্য যে, অসমত বৃদ্ধি পোৱা ৰাজনৈতিক তৎপৰতাৰ মাজতে এই গোচৰটোৱে বিশেষ গুৰুত্ব বহন কৰিছে, য’ত যোৱা কেইবামাহধৰি শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত অভিযোগ আৰু প্ৰতি-অভিযোগ তীব্ৰতৰ হৈ পৰিছে ।

অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰাৰ সময়ত আদালতে সংযম বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু চলি থকা ন্যায়িক প্ৰক্ৰিয়া যাতে ৰাজহুৱা বিবৃতি বা সংবাদ মাধ্যমৰ বাতৰিৰ দ্বাৰা প্ৰভাৱিত নহয় সেয়া নিশ্চিত কৰিবলৈ কয় ।

এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মৰ্যাদা ৰক্ষাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল আৰু দৃঢ়তাৰে কৈছিল যে ৰাজহুৱা ভাষণত উত্তৰদায়ীত্ব থাকিব লাগে, বিশেষকৈ যেতিয়া কোনো প্ৰমাণ অবিহনে গুৰুতৰ অভিযোগ উত্থাপন কৰা হয় ।

৯ মাৰ্চৰ পৰৱৰ্তী শুনানিৰ সময়ত আদালতে সকলো পক্ষৰ দাখিলসমূহ পুনৰ পৰীক্ষা কৰাৰ সম্ভাৱনা আছে, যিদিনা উত্তৰদাতাসকলক উপস্থিত থাকিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক : ১৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; অসমবাসীক দিব উপহাৰৰ টোপোলা

হাত এৰিলে ড০ সঞ্জু বৰুৱাই :  গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ কংগ্ৰেছত তীব্ৰ জোকাৰণি

হোৰাহোৰে খহিছে কংগ্ৰেছৰ ভেটি । গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ ক্ষুব্ধ হৈ দল ত্যাগ জ্যেষ্ঠ নেতা ড০ সঞ্জু বৰুৱাৰ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদমেলযোগে সাসংদ গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ উন্মোচন কৰাৰ পিছতেই হোৰাহোৰে খহিছে কংগ্ৰেছ দলৰ ভেটি । সাসংদ গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ উন্মোচিত হোৱাৰ পিছতেই ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ দলত্যাগ কৰিছে বহু নেতা-কৰ্মীয়ে ।

সোমবাৰে পুনৰ কংগ্ৰেছৰ ভেটিত কঁপনি তুলি দলটোৰ পৰা পদত্যাগ কৰিলে আন এগৰাকী জ্যেষ্ঠ নেতাই । গৌৰৱ গগৈৰ প্ৰতি বিষেদগাৰ প্ৰকাশ কৰি এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ উপাধ্যক্ষ আৰু APCCৰ জ্যেষ্ঠ মুখপাত্ৰ ড০ সঞ্জু বৰুৱাই । উত্থাপিত ‘পাকিস্তান লিংক’ৰ অভিযোগৰ স্পষ্টীকৰণ দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অনুষ্ঠিত কৰা সংবাদমেলৰ পিছতেই দলৰ পৰা পদত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালীনেতাগৰাকীয়ে ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দল ত্যাগৰ কথা ঘোষণা কৰে সঞ্জু বৰুৱাই । পদত্যাগ পত্ৰত সাসংদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া ‘পাকিস্তান লিংক’ক লৈ অস্বস্তিত পৰাৰ বাবে দল ত্যাগৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে তেওঁ । লগতে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছত কাম কৰাৰ পৰিৱেশ নাই বুলিও পদত্যাগ পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে সঞ্জু বৰুৱাই । তেওঁ কয় যে, এই সিদ্ধান্ত বহু চিন্তা আৰু নৈতিক আত্মনিৰীক্ষণৰ অন্তত লোৱা হৈছে, খৰখেদাকৈ বা আৱেগৰ ভিত্তিত লোৱা হোৱা নাই । তেওঁৰ মতে, এনে বিতৰ্কই দলৰ ভাবমূৰ্তিৰ লগতে ব্যক্তিগত ভাৱেও তেওঁক আঘাত দিছে ।

পদত্যাগ পত্ৰত ড০ সঞ্জু বৰুৱাই উল্লেখ কৰিছে-“প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত কাম কৰি যাবলৈ মোৰ বিবেকে মোক কোনোধ্যেই অনুমতি দিয়া নাই । পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই.এচ.আই (ISI)-ৰ সৈতে তেওঁৰ নাম সাঙোৰ খাই থকাৰ যি গুৰুতৰ অভিযোগ আৰু সন্দেহ উত্থাপন হৈছে, সেয়া দেশৰ নিৰাপত্তাৰ স্বাৰ্থত অতিশয় উদ্বেগজনক বিষয় । এনে নেতৃত্বৰ অধীনত মৌন হৈ থকা বা কাম কৰি যোৱা মানেই হ’ব মোৰ নীতি-আদৰ্শৰ সৈতে আপোচ কৰা—যিটো কৰিবলৈ মই কোনোপধ্যেই প্ৰস্তুত নহয় ।“

তেওঁ পুনৰ উল্লেখ কৰে যে- “মই এজন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সন্তান । মোৰ ককাদেউতা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে দ্বাৰা স্বীকৃত এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু মোৰ দেউতাই সমগ্ৰ জীৱন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে উচৰ্গা কৰিছিল । এই পদক্ষেপ গ্ৰহণ কৰিবলৈ পাই মই মৰ্মান্তিক বেদনা অনুভৱ কৰিছোঁ । যিহেতু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে দেশ সদায় প্ৰথম আৰু দল তাৰ পাছত । দুৰ্ভাগ্যবশত,  APCC-ৰ বৰ্তমানৰ নেতৃত্বত মই এতিয়া আৰু বিশ্বাস নকৰোঁ যে এই দলটো আদৰ্শগত, নৈতিক বা সাংগঠনিকভাৱে সুৰক্ষিত ।”

ইফালে পদত্যাগৰ পিছতেই সামাজিক মাধ্যমযোগে ড০ সঞ্জু বৰুৱাই এক বিশেষ পোষ্ট কৰা পৰিলক্ষিত হয় । নিজৰ ফেচবুক একাউন্টযোগে তেওঁ লিখিছে- “দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু জননী জন্মভূমিতকৈ ডাঙৰ একো হব নোৱাৰে… জয় আই অসম ।”

লগতে পঢ়ক : এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

‘তেওঁক তক্ষশীলালৈ যোৱাত কোনে সহায় কৰিছিল’; গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

গৌৰৱ গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ টুইট কৰিছে। য’ত মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাত কোনে সহায় কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে।

গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত এটা পোষ্ট দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে পোষ্টটোত লিখিছে যে,আজি সংবাদমেলত গৌৰৱ গগৈয়ে এনে এটা তথ্য প্ৰকাশ কৰিলে যিটো কথা আনকি ময়ো আগতে জনা নাছিলো।

প্ৰাচীন তক্ষশীলা ইছলামাবাদত নহয়, পঞ্জাৱৰ ৰাৱালপিণ্ডিহে অৱস্থিত। এই তথ্যই এটা গুৰুতৰ আৰু অনিবাৰ্য প্ৰশ্নৰ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ ভিছা সন্দৰ্ভটো প্ৰশ্ন উত্থাপন কৰি লিখিছে যে, যদি তেওঁৰ পাকিস্তান ভিছাত স্পষ্টভাৱে কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদ ভ্ৰমণৰহে অনুমতি আছিল , তেন্তে ইছলামবাগৰ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু চতুৰ্ভুজভাৱে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত তক্ষশীলা তেওঁ কেনেকৈ ভ্ৰমণ কৰিছিল,যি ইছলামবাগ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু চতুৰ্ভুজভাৱে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত?

পাকিস্তানৰ প্ৰব্ৰজন নিয়ম অনুসৰি ভিছা নিৰ্ধাৰিত চহৰৰ বাহিৰলৈ যোৱাৰ অনুমতি বিশেষ অনুমোদন অবিহনে কৰা নহয়।গতিকে প্ৰশ্নটো সহজ, বাস্তৱিক আৰু বৈধ:। তেওঁ

ৰাৱালপিণ্ডি জিলাৰ বাবে ভিছা ক্লিয়াৰেন্সৰ আপাত দৃষ্টিত অনুপস্থিত থকাৰ পিছতো গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাৰ সুবিধা কোনে দিলে? এই ৰাওয়ালপিণ্ডিতেই পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় অৱস্থিত।যিটো আমাৰ কৰাণে অতি স্পৰ্শকাতৰ বিষয় ।

লগতে পঢ়ক: এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ আন এক বিস্ফোৰক তথ্য ফাদিল হৈছে। IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথে।

ফাদিল হ’ল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰা বিস্ফোৰক তথ্য । ২০১৪ত IBৰ অতি গোপনীয় নথি আলী তৌকী শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে ।

এলিজাবেথে ৪৫ পৃষ্ঠাজোৰা এই IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল। আৰু এই কথা দেওবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত উল্লেখ কৰিছে।

এতিয়া এলিজাবেথ ক’লবাৰ্নে ২০১৪ চনত আলী তৌকিৰ শ্বেখৰ বাবে পাকিস্তানলৈ প্ৰেৰণ কৰা আই বি (ইণ্টেলিজেন্স ব্যুৰ’) ৰিপ’ৰ্টৰ অৰিজিনেল ডকুমেণ্ট  আহি পৰিছে ৷  

এই প্ৰতিবেদনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পক্ষ আৰু চোৰাংচোৱা সংস্থাৰ বহু তথ্য এলিজাবেথে পাকিস্তানলৈ  প্ৰেৰণ কৰিছিল। ই প্ৰমাণ কৰে যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ কেৱল এটা সাধাৰণ ভ্ৰমণ নাছিল । এই ভ্ৰমণৰ সময়ত গৌৰৱ গগৈয়ে পাকিস্তানৰ স্পৰ্শকাতৰ অঞ্চল ভ্ৰমণ কৰিছিল ।

যদি এলিজাবাথ ক’লবাৰ্ন গগৈয়ে এই তথ্য প্ৰেৰণ কৰিছিল বুলি প্ৰমাণ হয়, তেনেহলে হয়টো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ’ব পাৰে ।

লগতে পঢ়ক: ‘পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে’; মুখ্যমন্ত্ৰী

‘যদি পাকিস্তানৰ সৈতে সম্পৰ্ক নাই তেন্তে স্পষ্টীকৰণ দিয়ক’; গৌৰৱ গগৈক লৈ শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গৌৰৱ গগৈক তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ সকীয়াই দিছে।

মুখ্যমন্ত্ৰীয়ে দেওবাৰে সংবাদমেল যোগে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰ তথ্য সহকাৰে ফাদিল কৰিলে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শৃংখল চলিহাই কৈছে যে,যদি পাকিস্তানৰ সৈতে সম্পৰ্ক নাই তেন্তে গৌৰৱ গগৈয়ে কিয় স্পষ্টীকৰণ দিয়া নাই? ২৪ ঘন্টাৰ ভিতৰত গৌৰৱ গগৈয়ে স্থিতি স্পষ্ট কৰক।

যদি পাকিস্তানৰ সৈতে লিংক আছে তেন্তে এয়া অত্যন্ত ভয়ংকৰ বিষয়।দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনে কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ’ব।

লগতে পঢ়ক: গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য