‘ভূপেন বৰা প্ৰকৃত কংগ্ৰেছী নেতা’; ভূপেন বৰাৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰা নাই জিতেন্দ্ৰ সিঙে

‘ভূপেন বৰা প্ৰকৃত কংগ্ৰেছী নেতা’; ভূপেন বৰাৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰা নাই জিতেন্দ্ৰ সিঙে

ভূপেন বৰাৰ পদত্যাগ পত্ৰৰ পিছতে কংগ্ৰেছত এক হাহাকাৰ হৈছে।ভূপেন বৰাক যিকোনো প্ৰকাৰে কংগ্ৰেছত ৰখাৰ চেষ্টা চলাইছে APCC এ। সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পদত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ, জিতেন্দ্ৰ

ভূপেন বৰাৰ পদত্যাগ পত্ৰৰ পিছতে কংগ্ৰেছত এক হাহাকাৰ হৈছে।ভূপেন বৰাক যিকোনো প্ৰকাৰে কংগ্ৰেছত ৰখাৰ চেষ্টা চলাইছে APCC এ।

সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পদত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াকে ধৰি বহু জ্যেষ্ঠ নেতাই।

তাৰ পিছতেই এখন সংবাদমেল সম্বোধন কৰে ভূপেন বৰা সহ বহু জ্যেষ্ঠ কংগ্ৰেছী নেতাই। এই সংবাদমেলত জিতেন্দ্ৰ সিঙৰ কয় যে, ভূপেন বৰাৰ পদত্যাগ পত্ৰ তেওঁলোকে গ্ৰহণ কৰা নাই। আৰু ভূপেন বৰাই উঠাই ললে বুলিও তেওঁ দাবী কৰে।

কিন্তু সংবাদমেলতে সেই দাবী নসাৎ কৰে ভূপেন বৰাই। তেওঁ কয় যে, এই বিষয়ত মই মোৰ ভাতৃ আৰু পৰিয়ালৰ সৈতে আলোচনা কৰিব লাগিব।

আলোচনাৰ পিছত আজি নিশা বা কাইলৈ পুৱা সিদ্ধান্ত লম। যাৰ বাবে AICC ৰ পৰা সময় বিচাৰিছো।ইয়াৰ পিছত জিতেন্দ্ৰ সিঙক লগ কৰি মই মোৰ জনাম।

দৰাচলতে,ভূপেন বৰাক যিকোনো প্ৰকাৰে কংগ্ৰেছত ৰখাৰ চেষ্টা চলাইছে APCC এ।

লগতে পঢ়ক: বিজেপিয়েই হ’ব নেকি ভূপেন বৰাৰ নতুন ঠিকনা; গৃহমন্ত্ৰীৰ উপস্থিতিত যোগদানৰ সম্ভাৱনা

শেহতীয়া প্ৰৱন্ধসমূহ