ভূপেন বৰাই কাৰো নাম নোলোৱাকৈ একাংশ কংগ্ৰেছ নেতাক লক্ষ্য কৰি কয় যে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীত থাকিবলৈ সাজু, কিন্তু “APCC (R)”ত নহয় ।
প্ৰদেশ কংগ্ৰেছৰ ভেটিত কঁপনি তুলি সোমবাৰে দলত্যাগ কৰে APCCৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই । অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব নে নকৰে, সেই সন্দৰ্ভত তেওঁ মঙলবাৰে নিশাৰ ভিতৰত ঘোষণা কৰিব বুলি উল্লেখ কৰিছে । দলৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ পাছতে তেওঁ এই কথা প্ৰকাশ কৰে ।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভূপেন বৰাই কয় যে কোনো চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁ নিজৰ “শুভাকাংক্ষী, ঘনিষ্ঠ সহযোগী আৰু লক্ষীমপুৰ জিলাৰ ৰাইজৰ” সৈতে পৰামৰ্শ ল’বলৈ সময়ৰ প্ৰয়োজন । ৩২ বছৰ দলটোত থকাৰ পাছত সোমবাৰে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছিল, যাৰ ফলত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছ নতুন ৰাজনৈতিক অস্থিৰতাই দেখা দিছে । ভূপেন বৰাই কয়, “পদত্যাগ পত্ৰখন প্ৰেৰণ কৰা হৈছে, কিন্তু কেন্দ্ৰীয় নেতৃত্বই কৈছে যে তেওঁলোকে ইয়াক গ্ৰহণ নকৰে । মই কেন্দ্ৰীয় নেতৃত্বক নিৰ্দেশ দিব নোৱাৰো, কিন্তু মই এই সন্দৰ্ভত ভাবিবলৈ সময় বিচাৰিছো ।”
আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ঘোষণা কৰে যে বিজেপিৰ দুৱাৰ বৰাৰ বাবে খোলা আছে আৰু তেওঁ দলত যোগদান কৰিলে এখন “সুৰক্ষিত বিধানসভা আসন”ৰ পৰা জয়ী কৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ পাছতে ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি পায় । মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে সন্ধিয়া ভূপেন বৰাৰ ঘোঁৰামৰাস্থিত বাসগৃহলৈ যোৱাৰ সম্ভাৱনা আছে । সন্ধিয়া ৬.৩০ বজাত ভূপেন বৰাৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী । গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই বৰাই নিজৰ ৰাজনৈতিক স্থিতি স্পষ্ট কৰাৰ সম্ভাৱনা আছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, “যদি কোনো মুখ্যমন্ত্ৰীয়ে মোৰ ঘৰলৈ আহিব বিচাৰে, তেন্তে সেয়া মোৰ বাবে গৌৰৱৰ বিষয় ।”
ইফালে ভূপেন বৰাই কাৰো নাম নোলোৱাকৈ একাংশ কংগ্ৰেছ নেতাক লক্ষ্য কৰি কয় যে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীত থাকিবলৈ সাজু, কিন্তু “APCC (R)”ত নহয় । এই মন্তব্য তেওঁ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতি এক পৰোক্ষ কটাক্ষ বুলি ধাৰণা কৰা হৈছে । তেওঁ লগতে কয়, “মই হাই কমাণ্ডলৈ দিয়া পদত্যাগ পত্ৰতো এই কথা স্পষ্ট কৰি দিছো ।”
প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে অভিযোগ কৰে যে চামগুৰি বিধানসভাৰ উপ-নিৰ্বাচনত কেইবাজনো জ্যেষ্ঠ নেতাই তেওঁৰ নাম প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰিছিল, কিন্তু তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হ’ল । উল্লেখ্য যে, ৰকিবুল হুছেইন ধুবুৰীৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত এই আসনখন খালী হৈছিল । কংগ্ৰেছে এই আসনত তেওঁৰ পুত্ৰ তানজিল হুছেইনক প্ৰক্ষেপ কৰিছিল, যি বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হাতত পৰাজিত হৈছিল ।
ভূপেন বৰাই আৰু দাবী কৰে যে অসম কংগ্ৰেছ এতিয়া দুটা শিবিৰত বিভক্ত — APCC আৰু APCC (R) । তেওঁৰ মতে, “বহু নেতা কংগ্ৰেছত থাকিব বিচাৰে কিন্তু APCC (R)ত নহয় ।” ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগ টানি তেওঁ কয় যে কেইবাজনো প্ৰমুখ কংগ্ৰেছ নেতাই AIUDF-ৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল আৰু তেওঁ এই সন্দৰ্ভত বাৰে বাৰে হাই কমাণ্ডলৈ চিঠি লিখিছিল । তেওঁ কয়, “নিৰ্বাচনৰ পাছত মিত্ৰতা ভংগ হ’ল আৰু যোৱা লোকসভা নিৰ্বাচনত হুছেইনেই আটাইতকৈ বেছি লাভান্বিত হ’ল ।” তেওঁ উল্লেখ কৰে যে AIUDF মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰী আসনখন অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছে ।
হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ বিষয়ে মন্তব্য কৰি বৰাই কয়, “আনকি শৰ্মাকো কংগ্ৰেছ এৰিবলৈ বাধ্য কৰা হৈছিল কাৰণ ৫৮ জন বিধায়কৰ সমৰ্থন থকাৰ পাছতো তেওঁক মুখ্যমন্ত্রী বনোৱা হোৱা নাছিল । এয়াই নেকি অন্তৰ্দলীয় গণতন্ত্ৰ ? এনেধৰণৰ ৰাজনীতি কিমান দিন চলিব ? কোনোবাই নহয় কোনোবাইটো মাত মাতিব লাগিব, আৰু মই তাকেই কৰিছো ।”
ভূপেন বৰাই কয়- “উজনি অসমৰ টিকটো কোনে পাব থিৰাং কৰে R কোম্পানী । মই APCC(R)ত যোগদান কৰা নাছিলো । APCC-এ মোক পিৰাত বহিবলৈ ক’লেও বহিম কিন্তু APCC(R) নকৰো । মই বুকু ফিন্দাই, ৰাজহাড় পোন কৰি কথা কওঁ । কংগ্ৰেছ নেতৃত্বই টিভিৰ সন্মুখত মোক জ্যেষ্ঠ নেতা বুলি কয় । কিন্তু পিছফালে কয় ‘WHO IS BHUPEN BORA? । মুখ্যমন্ত্ৰীয়ে বিচাৰিলে মই বিজেপিত যোগদান কৰিম । কংগ্ৰেছৰ বহু নেতা মানসিক দ্বন্দত ভুগি আছে । আৰু সেই দ্বন্দৰ প্ৰথম বহিঃপ্ৰকাশ মোৰ জৰিয়তে হৈছে । মহাজোঁট APCCত নহয়, APCC(R)ত হে ।“
লগতে পঢ়ক : ‘যদি কিবা ভুল কৰিছো, তেন্তে সৰু ভাই বুলি মাফ কৰি দিব’; ভূপেন বৰাক গৌৰৱ গগৈয়ে বিচাৰিলে ক্ষমা