‘যদি কিবা ভুল কৰিছো, তেন্তে সৰু ভাই বুলি মাফ কৰি দিব’; ভূপেন বৰাক গৌৰৱ গগৈয়ে বিচাৰিলে ক্ষমা

‘যদি কিবা ভুল কৰিছো, তেন্তে সৰু ভাই বুলি মাফ কৰি দিব’; ভূপেন বৰাক গৌৰৱ গগৈয়ে বিচাৰিলে ক্ষমা

সংবাদমেলতে ভূপেন বৰাক ক্ষমা বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে। সৰু ভাই বুলি ভুল খিনি পাহৰি মাফ কৰি দিবলৈ ক’লে গৌৰৱ গগৈয়ে। সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছৰ ভিতৰচৰাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পদত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয়

সংবাদমেলতে ভূপেন বৰাক ক্ষমা বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে। সৰু ভাই বুলি ভুল খিনি পাহৰি মাফ কৰি দিবলৈ ক’লে গৌৰৱ গগৈয়ে।

সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছৰ ভিতৰচৰাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পদত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াকে ধৰি বহু জ্যেষ্ঠ নেতাই।

বাসগৃহত উপস্থিত হোৱাৰ পিছত গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ মাজতে ভূপেন বৰাক বঢ়োৱাই এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলতে ভূপেন বৰাক ক্ষমা খুজিলে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে কয় যে, ভূপেন বৰা এগৰাকী প্ৰকৃত কংগ্ৰেছী।দলটোৰ তেওঁ হৰ্তা-কৰ্তা। তেওঁ আমাৰ ডাঙৰ দাদাৰ দৰে।যদি কেতিয়াবা কিবা ভুল কৰিছিলো, তেনেহলে সৰু ভাই বুলি ক্ষমা কৰি দিব।  

লগতে পঢ়ক: ‘ভূপেন বৰা প্ৰকৃত কংগ্ৰেছী নেতা’; ভূপেন বৰাৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰা নাই জিতেন্দ্ৰ সিঙে