সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, দুই এদিনতে ভূপেন বৰাৰ বাবে সমষ্টি চূড়ান্ত কৰা হ’ব।
২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। তাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ভূপেন বৰাই বিধানসভাৰ নিৰ্বাচন খেলিবই।
দুই এদিনতে সমষ্টি চূড়ান্ত হ’ব। নিৰ্বাচনৰ বাবেই আমি ভূপেন বৰাক আনিছো। ভূপেন বৰা বিজেপিলৈ আহিলে বিজেপিৰ শক্তি বৃদ্ধি পাব। ভূপেন বৰাৰ লগতে হাজাৰ হাজাৰ লোক বিজেপিত যোগদানৰ বাবে সাজু হৈছে।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা: মুখ্যমন্ত্ৰী









