কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই

কাইলৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী নেতা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ । চলিত বছৰৰ এপ্ৰিল মাহত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো

কাইলৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী নেতা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ । চলিত বছৰৰ এপ্ৰিল মাহত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া ককালত টঙালি বান্ধিছে । ইয়াৰ মাজতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে । যাৰ বাবে এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত শলঠেকত পৰিছে দলটো ।

২২ ফেব্ৰুৱাৰী, দেওবাৰ ৰাজ্যৰ ৰাজনীতিৰ এটা উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হ’বলৈ গৈ আছে । এই দিনটোতে কংগ্ৰেছ এৰি শ শ লোকে বিজেপি দলত যোগদান কৰিব । বিশেষভাৱে চৰ্চিত বিষয়টো হ’ল যে, কাইলৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী নেতা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই । পুৱা ১০ বজাত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ভূপেন কুমাৰ বৰাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক ৰাজ্যৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে গণ্য কৰা হৈছে ।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডাও এই অনুষ্ঠানত উপস্থিত থাকিব ।

ভূপেন বৰাই ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছত ৩২ বছৰ কটোৱাৰ পিছত তেওঁ বিজেপিত যোগদান কৰি এক নতুন ৰাজনৈতিক অধ্যায় আৰম্ভ কৰিব । এই সিদ্ধান্তক তেওঁ দৃঢ়তা আৰু স্পষ্টতাৰে লোৱা এক পদক্ষেপ বুলি অভিহিত কৰিছে ।

ইফালে চৰ্চা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভঊপেন বৰাই বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে, যদিও তেওঁৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : এতিয়া অসমক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিবঃ কচুতলীৰ পৰা অবৈধ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ