‘ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হোৱা সপোনত ৰাইজে বাধা দিছে’; ভূপেন বৰা

‘ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হোৱা সপোনত ৰাইজে বাধা দিছে’; ভূপেন বৰা

বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই শুকুৰবাৰে ৰাহুল গান্ধীক লৈ ডাঙৰ মন্তব্য কৰিছে। শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই। ভূপেন বৰাই কয় যে ৰাহুল গান্ধীয়ে বহুদিনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ বিচাৰি আছে,

বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই শুকুৰবাৰে ৰাহুল গান্ধীক লৈ ডাঙৰ মন্তব্য কৰিছে।

শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই। ভূপেন বৰাই কয় যে ৰাহুল গান্ধীয়ে বহুদিনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ বিচাৰি আছে, তেওঁক বেলেগ বাধা দিয়া নাই দেশৰ জনতাই হে বাধা দিছে।

তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই দেশৰ তিনিবাৰ প্ৰধানমন্ত্ৰী হোৱা নাই দেশৰ জনতাই হে তেওঁক দেশৰ নেতৃত্ব দিয়াটো বিচাৰে।নৰেন্দ্ৰ মোদীক নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন আৰু আস্থাৰ বাবেই একেৰাহে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে।’

তেওঁ আৰু কয় যে, ‘প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যি অপশব্দ ব্যৱহাৰ কৰিছে তাৰ বাবে দিনে দিনে তেওঁৰ জনপ্ৰিয়তা কমি আহিছে। গতিকে ৰাহুল গান্ধীয়ে ভাবিব লাগে যে যাক দেশৰ জনতাই বাৰে বাৰে নিৰ্বাচিত কৰিছে আৰু তেওঁ কিয় বাৰে বাৰে পৰাজয় বৰণ কৰিব লগা হৈছে। প্ৰথমে তেওঁ প্ৰধানমন্ত্ৰী গৰাকীক চোৰ বুলি কৈছিল, শ্লোগানো দিছিলে কিন্তু তাৰ ফলাফল কি পালে? এইবাৰো ৰাহুল গান্ধীয়ে তেনেকুৱা কৰিছে গতিকে এইবাৰো ফলাফল কি হ’ব সেই কথা সকলোৱে বুজিছে’।  

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক অভিলেখ: ষষ্ঠবাৰৰ বাবে অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ