‘অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব’; মুখ্যমন্ত্ৰী

ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব বুলিও তেওঁ কৈছে।

সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয়।

কাৰণ কংগ্ৰেছত এতিয়া হিন্দুৰ স্থান নোহোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু আৰু সাধাৰণ ঘৰৰ পৰা ল’ৰা থকাৰ পৰিৱেশ একেবাৰে নাই।

যিদিনা ভূপেন বৰাক অপসাৰণ কৰা হৈছিল সিদিনাই মই কৈছিলো। সাধাৰণ ঘৰৰ ল’ৰাই কংগ্ৰেছ দলত নেতৃত্ব ল’ব নোৱাৰে।নিজৰ ধৰ্মক সন্মান আৰু মৰম কৰা মানুহে কংগ্ৰেছত থাকিব নোৱাৰে।   

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, কংগ্ৰেছত থাকিবলৈ দুটা চৰ্ত থাকিব লাগিব। হয় তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ’ব লাগিব নহ’লে ধৰ্ম সংখ্যালঘু হ’ব লাগিব।

মই আগতেই জানিছিলো যে ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব।আৰু মোৰ দ্বিতীয় ভৱিষ্যদ্বাণীটো হৈছে ২০২৯ৰ নিৰ্বাচনৰ পূৰ্বে প্রদ্যুৎ বৰদলৈও কংগ্ৰেছ এৰিব লাগিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে।গৌৰৱ গগৈয়ে অহাবাৰ যোৰহাট নহয়, নগাঁৱৰ পৰা লোকসভা নিৰ্বাচন খেলিব। গতিকে গৌৰৱ গগৈক ৰকিবুল হুছেইনক প্ৰয়োজন হ’ব।

সেইবাবে গড় হত্যাৰ অভিযোগৰ পিছতো গৌৰৱ গগৈয়ে ৰকিবুলক মাজুলীলৈ লৈ গৈছিল।কংগ্ৰেছ দলটো এতিয়া ৰকিবুল হুছেইনকে ধৰি একাংশ সংখ্যালঘু নেতাৰ কথাত উঠাবহা কৰে। আপোনাকোলে লিখি ৰাখক , অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব।

ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কাইলৈ মই ভূপেন বৰাৰ বাসগৃহলৈ গৈ তেওঁক সাক্ষাৎ কৰিম।তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত খবৰ ল’ম।

অৱশ্যে বৰ্তমানলৈকে তেওঁ বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই। কিন্তু ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ সদায় খোলা আছে।

আনকি তেওঁ বিজেপিত যোগদান কৰিলে  বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰো চেষ্টা কৰা হ’ব। অৱশ্যে ভূপেন বৰাই বিজেপিত যোগদান নকৰিলেও আমি তেওঁক শুভেচ্ছা জনাম।

লগতে পঢ়ক: “কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে”; দল এৰাৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…

“কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে”; দল এৰাৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…

মল্লিকাজুন খৰ্গেলৈ লিখা পদত্যাগ পত্ৰত ভূপেন বৰাই ক্ষোভেৰে বহু কথা উল্লেখ কৰিছে। পত্ৰখনত গৌৰৱ গগৈৰ ‘পাকিস্তান ভ্ৰমণ’ৰ নীৰৱতাক লৈ ভূপেন বৰাৰ প্ৰশ্ন

কংগ্ৰেছ দল ত্যাগ কৰি পত্ৰযোগে ভূপেন বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মল্লিকাজুন খৰ্গেলৈ লিখা পত্ৰত ভূপেন বৰাৰ পদত্যাগৰ কাৰণ স্পষ্ট কৰি দিছে।

পত্ৰখনত ভূপেন বৰাই প্ৰচণ্ড ক্ষোভেৰে পদত্যাগ পত্ৰ প্ৰকাশ কৰিছে।গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ ভূপেন বৰাৰ।

ভূপেন বৰাই পত্ৰখন লিখিছে যে, “কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে। ৰকিবুল হুছেইন আৰু জিতেন্দ্ৰ সিঙৰ বাবেই কংগ্ৰেছ ধ্বংস হৈছে। মোক কেৱল নামতহে দায়িত্ব প্ৰদান কৰা হৈছিল।আৰু আত্মসন্মানৰ সৈতে মই কেতিয়াও আপোচ নকৰো।

পত্ৰখনত গৌৰৱ গগৈৰ ‘পাকিস্তান ভ্ৰমণ’ৰ নীৰৱতাক লৈ ভূপেন বৰাই প্ৰশ্ন উত্থানপ কৰিছে।গৌৰৱ গগৈৰ পাকিস্তান লিংকে দলৰ ভাবমূৰ্তি নষ্ট কৰাৰো অভিযোগ ভূপেন বৰাৰ। ভূপেন বৰাই প্ৰেৰণ কৰা পদত্যাগ পত্ৰত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে।

পঞ্চায়ত নিৰ্বাচনৰ সময়টো প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত হৈছিল বুলি ভূপেন বৰাই পদত্যাগ পত্ৰত উল্লেখ কৰিছে। বিহালী উপ-নিৰ্বাচনৰ পৰাই মিত্ৰজোঁটৰ সংঘাত আৰম্ভ হৈছিল বুলিও তেওঁ উল্লেখ কৰে।  

লগতে পঢ়ক: কংগ্ৰেছত খহনীয়া; ভূপেন বৰাই নহয় ৭ গৰাকীকৈ বিধায়কেও এৰিব দল

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত চৰম বিপৰ্যয়; APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া। APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দল ত্যাগ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ চৰম বিপৰ্যয়। দল এৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰিছে দলত্যাগ পত্ৰ । ৰাহুল গান্ধীলৈও প্ৰেৰণ কৰিছে দলত্যাগ পত্ৰ।

জানিব পৰা মতে ৰকিবুল হুছেইনৰ ওপৰত খৰ্গহস্ত ভূপেন বৰা। অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ ভূপেন বৰাৰ।

বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দিয়া হৈছিল দায়িত্ব৷ কিন্তু পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো এই দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা।

২০০৬ চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। দলত্যাগ কৰি ভূপেন বৰাই কয় যে,’স্বাভিমানী অসমীয়া হিচাপে মই কংগ্ৰেছত থাকিব নোৱাৰো। গৌৰৱ গগৈৰ লগত থাকিবলেও বিবেকে মনা নাছিল।

লগতে পঢ়ক: আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন…

নিষেধাজ্ঞাৰ পিছতো কৰিছিল প্ৰতিবাদ; প্ৰতিবাদস্থলীৰ পৰাই আটক ভূপেন বৰা আৰু ৰিপুন বৰা

বিনা অুমতিত প্ৰতিবাদ কৰিবলৈ গৈ আটক হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, প্ৰাক্তন সভাপতি ৰিপুন বৰা।

মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা জনতা ভৱন অভিমুখে গৈ আছিল প্ৰতিবাদী দলটো। আৰু সেই সময়তেই আৰক্ষীয়ে আটক কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীক।

দলীয় নেতা-কৰ্মীৰ সৈতে পদযাত্ৰা কৰি দিছপুৰলৈ আহি আছিল ভূপেন বৰা। ভূপেন বৰা আৰু ৰিপুন বৰাৰ লগতে কংগ্ৰেছৰ আন একাংশ কৰ্মীকো আৰক্ষীয়ে আটক কৰিছে।

অনুমতি অবিহনে প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীৰ ৰোষত প্ৰতিবাদকাৰী। জানিব পৰা মতে আটক হোৱাৰ পিছতেই অসুস্থ হৈ পৰিছে ভূপেন বৰা।