নিষেধাজ্ঞাৰ পিছতো কৰিছিল প্ৰতিবাদ; প্ৰতিবাদস্থলীৰ পৰাই আটক ভূপেন বৰা আৰু ৰিপুন বৰা

বিনা অুমতিত প্ৰতিবাদ কৰিবলৈ গৈ আটক হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, প্ৰাক্তন সভাপতি ৰিপুন বৰা। মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা জনতা ভৱন অভিমুখে গৈ আছিল প্ৰতিবাদী দলটো। আৰু সেই সময়তেই আৰক্ষীয়ে আটক কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীক। দলীয়

বিনা অুমতিত প্ৰতিবাদ কৰিবলৈ গৈ আটক হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, প্ৰাক্তন সভাপতি ৰিপুন বৰা।

মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা জনতা ভৱন অভিমুখে গৈ আছিল প্ৰতিবাদী দলটো। আৰু সেই সময়তেই আৰক্ষীয়ে আটক কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীক।

দলীয় নেতা-কৰ্মীৰ সৈতে পদযাত্ৰা কৰি দিছপুৰলৈ আহি আছিল ভূপেন বৰা। ভূপেন বৰা আৰু ৰিপুন বৰাৰ লগতে কংগ্ৰেছৰ আন একাংশ কৰ্মীকো আৰক্ষীয়ে আটক কৰিছে।

অনুমতি অবিহনে প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীৰ ৰোষত প্ৰতিবাদকাৰী। জানিব পৰা মতে আটক হোৱাৰ পিছতেই অসুস্থ হৈ পৰিছে ভূপেন বৰা।