কংগ্ৰেছত খহনীয়া; ভূপেন বৰাই নহয় ৭ গৰাকীকৈ বিধায়কে এৰিব দল

কংগ্ৰেছত খহনীয়া; ভূপেন বৰাই নহয় ৭ গৰাকীকৈ বিধায়কেও এৰিব দল

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে এতিয়া কংগ্ৰেছত বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ ৭ বিধায়কে ত্যাগ কৰিব দল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত খহনীয়া আৰম্ভ হৈছে। APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ আন ৭ গৰাকীকৈ বিধায়কে ত্যাগ কৰিব দল। জানিব পৰা মতে

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে এতিয়া কংগ্ৰেছত বিপৰ্যয় দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ ৭ বিধায়কে ত্যাগ কৰিব দল।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত খহনীয়া আৰম্ভ হৈছে। APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ আন ৭ গৰাকীকৈ বিধায়কে ত্যাগ কৰিব দল।

জানিব পৰা মতে পশ্চিম গোৱালপাৰ সমষ্টিৰ MLA আব্দুৰ ৰছিদ মণ্ডল,বাঘবৰৰ বিধায়ক শ্বেৰমান আলী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ, ৰহাৰ বিধায়ক শশীকান্ত দাস, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে এৰিব কংগ্ৰেছ দল।

জানিব পৰা মতে, দলীয় অন্তঃকলহৰ বাবেই কংগ্ৰেছ এৰিলে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। ৰকিবুল হুছেইনৰ মইমতালিৰ বাবেই কংগ্ৰেছ এৰাৰ সিদ্ধান্ত মণ্ডলৰ। কংগ্ৰেছ এৰি বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ৰাইজৰ দলত যোগ দিয়া সম্ভাৱনা আছে।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত চৰম বিপৰ্যয়; APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগ